আজি ৯ এপ্ৰিল ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে আজি চ’তৰ কৃষ্ণা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব পৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি মূল নক্ষত্ৰ আৰু পূৰ্ব আষাঢ় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ সেয়ে বৃহস্পতিবাৰক কোৱা হয় লক্ষ্মীবাৰ৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
কৰ্কট ৰাশি
আজি ৯ এপ্ৰিল শুভ দিন হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ আজি আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ নিজৰ সকলো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব৷ ধ্যান আৰু যোগ ব্যায়াম কৰি নিজৰ মানসিক জোৰ আৰু মনঃসংযোগ বঢ়াব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ আয় বাঢ়িব ইয়াৰোপৰি সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
সিংহ ৰাশি
আজিৰ দিনটো মা লক্ষ্মীৰ কৃপাত দুৰ্দান্ত হ’ব সিংহ ৰাশিৰ জাতকৰ বাবেও৷ উপাৰ্জন বৃদ্ধিৰ বাবে বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব আপুনি৷ সন্ধিয়াৰ পাছত বন্ধুৰ সৈতে ভাল সময় কটাব৷ আজি কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত উঠাৰ সুযোগ পাব৷ অফিচৰ মেনেজমেণ্টে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
তুলা ৰাশি
আজি শিৱ যোগৰ শুভ ফল পাব তুলা ৰাশিৰ জাতকে৷ কিছু চেলেঞ্জ আপোনাৰ সন্মুখলৈ আহিলেও সফলভাৱে সেই চেলেঞ্জৰ মোকাবিলা কৰিব৷ ঘৰত আনন্দৰ সময় কটাব৷ নিজৰ ব্যৱসায় আৰু আগুৱাই নিয়াৰ সুযোগ পাব৷ প্ৰেম জীৱনো সুখৰ হব তুলা ৰাশিৰ বাবে৷ সংগীৰ পৰা প্ৰয়োজনীয় সহায় পাব৷
বৃশ্চিক ৰাশি
আজি পৰিঘ যোগৰ শুভ প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ আজিৰ দিনটো বেছ আৰামেৰে কটাব আপুনি৷ ঘৰত বিশেষ ৰন্ধাবঢ়া হব পাৰে৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷ নতুন কোনো প্ৰকল্পত বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ অফিচত পদোন্নতি আৰু দৰমহাবৃদ্ধি হব পাৰে৷ সকলো কাম সম্পূৰ্ণ হব৷
কুম্ভ ৰাশি
আজি ৯ এপ্ৰিল বৃহস্পতিবাৰে মূল নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভজনক দিন কটাব কুম্ভ ৰাশিৰ জাতকে৷ আজি কিছু অতিৰিক্ত অৰ্থলাভ কৰাৰ যোগ আছে৷ অফিচৰ পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ দূৰ হব৷ মনত সুখ আৰু আনন্দ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















