১৫ এপ্ৰিল প্ৰথম ব’হাগ, নতুন বছৰৰ আৰম্ভণি৷ তাৰ পাছৰ দিনা ১৬ এপ্ৰিল জ্যোতিষমতে অত্যন্ত শুভ বুলি ধাৰণা কৰা হৈছে৷ এই দিনটোত এই দিনটোত অতি শুভ মহালক্ষ্মী ৰাজযোগ গঠিত হব৷ এই সময়ত বৃহস্পতি মীন ৰাশিত অৱস্থান কৰিব৷ যিয়ে ধন সমৃদ্ধি আৰু সাফল্যৰ প্ৰতীক হিচাপে বিবেচিত হয়৷ জ্যোতিষশাস্ত্ৰত এই ৰাজযোগক অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ জীৱনত আৰ্থিক উন্নতি ঘটে৷ সুখ সমৃদ্ধি আহিব৷
মীন ৰাশি
মঙ্গল বৰ্তমান মীন ৰাশিত আছে৷ ১১ মে ২০২৬ পৰ্যন্ত তাতেই থাকিব৷ এই সময়ত মঙ্গলে বিভিন্ন গ্ৰহৰ সৈতে যুক্ত হৈ নানান ধৰণৰ শুভ আৰু অশুভ যোগ তৈয়াৰ কৰিব৷ ইয়াৰ মাজতেই চন্দ্ৰৰ সৈতে মঙ্গলৰ যুগলবন্দী তৈয়াৰ কৰিব মহালক্ষ্মী ৰাজযোগে৷ ১৬ এপ্ৰিলত চন্দ্ৰই মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই এই যোগ সক্ৰিয় হব৷ প্ৰায় আঢ়ৈ দিন পৰ্যন্ত ইয়াৰ প্ৰভাৱ থাকিব৷ এই অলপ সময়ৰ ভিতৰত কিছু নিৰ্দিষ্ট ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক পৰিবৰ্তনে দেখা দিব৷ ভাগ্য খুলিব কাৰ কাৰ?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে এই সময় আৰ্থিক দিশৰ পৰা অত্যন্ত শুভ হব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত উন্নতিৰ নতুন সুযোগ আহিব পাৰে৷ পদোন্নতিৰ সম্ভাৱনাও আছে৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামত সন্তুষ্ট হব৷ স্বাস্থ্যৰো উন্নতি হব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে এই ৰাজযোগে কেৰিয়াৰ বৃদ্ধিত ডাঙৰ ভূমিকা ল’ব পাৰে৷ বৰ্তমান চাকৰিত পদোন্নতি লাভৰ সম্ভাৱনা আছে৷ নতুন চাকৰিত অফাৰো পাব পাৰে৷ যিসকলে ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোকে নতুন অৰ্ডাৰ পাব পাৰে৷ ব্যৱসায় প্ৰসাৰৰ পথ প্ৰশস্ত হব৷ আয়ৰ পৰিমাণ বাঢ়িব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ জীৱনত এই সময়ত আৰাম আৰু বিলাসিতা বাঢ়িব৷ নতুন সম্পত্তি বা বাহন কিনিব পাৰে৷ খৰচৰ ক্ষেত্ৰত সংযম ৰখা জৰুৰী৷ অপ্ৰয়োজনীয় খৰচ এৰাই চলক৷ কোনো কাজিয়া বা বিবাদত সোমাই নপৰাই ভাল৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ জীৱনত এই ৰাজযোগে সকলোতকৈ বেছি প্ৰভাৱ পেলাব৷ জীৱনৰ নানান সমস্যা দূৰ হব৷ ইতিবাচক পৰিবৰ্তনে দেখা দিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সুখ শান্তি বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















