যদি কোনোৱে এখন নতুন বাহন ক্ৰয় কৰাৰ কথা ভাৱিছে আৰু কাৰলোন ল’ব খোজে তেন্তে কেৱল ডিলাৰছিপ অফাৰৰ ওপৰত নিৰ্ভৰ কৰাটো ঠিক নহয়৷ বিভিন্ন বেংক, ঋণ প্ৰদানকাৰী ৱেবচাইট আৰু অনলাইন পৰ্টেলৰ সুদৰ হাৰ তুলনা কৰি আৰু ভাল ডিল বিচাৰি পাব পাৰে৷ এক নজৰত জানি থওক কোন বেংকে ৫ বছৰৰ ম্যাদত ১০ লাখ টকাৰ বাবে সকলোতকৈ সস্তাত ঋণ অফাৰ কৰে আৰু EMI কিমান হ’ব?
BankBazaar ৰ সৰ্বশেষ তথ্য অনুসৰি ১০ লাখ টকাৰ নতুন গাড়ী ঋণৰ সুদৰ হাৰ চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহত ৭.৮৫ শতাংশৰ পৰা ৯.৯৯ শতাংশ পৰ্যন্ত যায়৷ প্ৰকৃত সুদৰ হাৰ গ্ৰাহকৰ ক্ৰেডিট প্ৰফাইল, আয় আৰু পৰিশোধৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে৷
চৰকাৰী বেংকসমূহৰ বাবে সুদৰ হাৰ আৰু EMI
পঞ্জাৱ নেশ্ব্যনেল বেংক- ৭.৮৫ শতাংশ সুদ, EMI ২০, ২০৫ টকা, ইউনিয়ন বেংক অফ ইণ্ডিয়া- ৭.৯০ শতাংশ সুদ, EMI- ২০,২২৯ টকা, বেংক অফ বৰোদা- ৮.১৫ শতাংশ সুদ, EMI ২০,৩৪৮ টকা, কানাড়া বেংক- ৮.২০ শতাংশ সুদ, EMI- ২০,৩৭২ টকা৷
বেচৰকাৰী বেংকসমূহৰ বাবে সুদৰ হাৰ আৰু EMI- IDBI ব্যাঙ্ক- ৭.৯৫ শতাংশ সুদ, EMI ২০,২৫২ টকা, ICICI ব্যাঙ্ক – ৮.৫ শতাংশ সুদ, EMI ২০,৫১৭ টকা, Axis ব্যাঙ্ক – ৮.৮ শতাংশ সুদ, EMI ২০,৬৬১ টকা, HDFC ব্যাঙ্ক – ৯.৪০ শতাংশ সুদ, EMI ২০,৯৫৩ টকা IDFC ফার্স্ট ব্যাঙ্ক – ৯.৯৯ শতাংশ সুদ, EMI ২১,২৪২ টকা
পঞ্জাৱ নেশ্ব্যনেল বেংক সকলোতকৈ সস্তা বিকল্প
যদি কোনোৱে কম EMIত গাড়ী লোন ল’ব খোজে তেন্তে পঞ্জাৱ নেশ্ব্যনেল বেংক এটা ভাল বিকল্প হব পাৰে৷ বেচৰকাৰী বেংকসমূহে কিছু বেছি সুদৰ হাৰ অফাৰ কৰে৷ পঞ্জাৱ নেশ্ব্যনেল বেংক সকলোতকৈ সস্তা বিকল্প৷ নতুন গাড়ী ঋণৰ সুদৰ হাৰ ৭.৮৫ শতাংশৰ পৰা আৰম্ভ৷ ১০ লাখ টকাৰ ৫ বছৰৰ গাড়ীৰ ঋণৰ EMI হৈছে ২০, ২০৫ টকা৷
এই বিষয়সমূহ মনত ৰাখিব লাগিব
এটা ভাল ক্ৰেডিট স্কোৰে সুদৰ হাৰ কমাব পাৰে৷ বাহনৰ ডিলাৰৰ ফাইনেন্স স্কিমতকৈ বিভিন্ন বেংকৰ কৰা ভাল৷ EMI কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে মাহিলী বাজেট আৰু স্থিৰ ব্যয় বিবেচনা কৰিব লাগে৷ নতুন গাড়ীৰ ঋণ লোৱাৰ সময়ত কেৱল এটা বেংকৰ ওপৰত নিৰ্ভৰ কৰা ঠিক নহয়৷ সুদৰ হাৰ ২শতাংশ পৰ্যন্ত পৰিবৰ্তিত হয়, যি বছৰৰ পাছত বছৰ ধৰি EMIক প্ৰভাৱিত কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ