মহাকুম্ভৰ সেই ভাইৰেল গাৰ্ল আকৌ শিৰোনামত৷ বিগত মাহতেই তিৰুৱনন্তপুৰমত বিয়াত বহিছিল মনালিছা৷ সামাজিকমাধ্যমত আলাপ হোৱাৰ পাছতেই মহাৰাষ্ট্ৰৰ যুৱক ফৰমান খানক বিয়া কৰাই তেওঁ৷ মনালিছাৰ পৰিয়ালৰ অভিযোগ যে মনালিছা নাবালিকা৷ মনালিছাৰ স্বামীৰ বিৰুদ্ধে পকছো আইনৰ অধীনত মধ্যপ্ৰদেশৰ খৰগোন জিলাৰ মহেশ্বৰ থানাত এফ আই আৰ দাখিল কৰা হৈছে৷ অৱশ্যে সেই দাবী অস্বীকাৰ কৰিছে মনালিছাই৷ ইয়াৰ মাজতেই আকৌ মনালিছা নিখোঁজ হোৱাৰ খবৰো ভাইৰেল হৈছে৷
মনালিছাক অপহৰণ কৰাৰ অভিযোগত তেওঁৰ স্বামীৰ বিৰুদ্ধে যি গ্ৰেপ্তাৰি পাৰোয়ানা জাৰি হৈছিল তাতেই ২০ মে পৰ্যন্ত স্থগিতাদেশ দিছে কেৰালা আদালতে৷ কাৰণ বিবাহৰ পাছত কেৰালাত ফৰমানৰ সৈতে সংসাৰ পাতিছে মনালিছাই৷ অন্য দিশত সম্প্ৰতি এক ভিডিঅ’ কৰি মনালিছাৰ স্বামীয়ে জনাইছে যে তেওঁ অজমেৰৰ পৰা পুষ্কৰলৈ গৈছে৷ কাৰণ মনালিছা পলাই গৈছে৷ পত্নীক বিচাৰি ওলাইছে ফৰমান৷ ইফালে মনালিছাৰ মাতৃৰ দাবী তেওঁলোকৰ কন্যাক লুকুৱাই ৰখা হৈছে৷ মনালিছাৰ এই গোচৰ কেৰালা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ বিচাৰাধীন৷
খবৰ অনুসৰি মনালিছা-ফৰমানৰ বিষয়ে জনজাতি কমিছনে প্ৰথম তদন্ত আৰম্ভ কৰে কেৰালাৰ পৰা৷ তাতেই বিয়া কৰাইছে মনালিছাই৷ তাৰ পৰাই দাবী কৰা হৈছে যে বিবাহৰ সময়ত আধাৰ কাৰ্ডত উল্লেখিত বয়স অনুসৰি মনালিছা প্ৰাপ্তবয়স্ক৷ কেৰালাৰ এখন গাওঁপঞ্চায়তত এই বিয়া নথিভুক্ত কৰা হৈছে৷ তদন্তত দাবী, জন্মৰ প্ৰমাণপত্ৰত জন্মৰ তাৰিখ ভুলকৈ দিয়া হৈছিল৷ আৰু এই জন্মপ্ৰমাণপত্ৰ মধ্যপ্ৰদেশৰ মহেশ্বৰ পৌৰসভাৰ পৰা ওলিয়াও হৈছিল৷ এই জন্মপ্ৰমাণপত্ৰ অনুসৰি মনালিছাৰ জন্ম ২০০৮ চনৰ ১ জানুৱাৰী৷ কমিছনৰ তদন্তকাৰী দলে মহেশ্বৰ চৰকাৰী হাস্পতালৰ পৰা মনালিছাৰ জন্মৰ ৰেকৰ্ড সংগ্ৰহ কৰে৷ তাৰপিছতেই মনালিছাৰ স্বামীৰ বিৰুদ্ধে পকছো আইনৰ অধীনত এফ আই আৰো দাখিল কৰা হৈছে৷ বিবাহৰ পাছত একাধিকবাৰ সংবাদমেলতো অংশ লৈছে মনালিছাই৷ কিন্তু তাৰমাজতেই হঠাৎ মনালিছা নাপাত্তা হোৱাৰ খবৰো ভাইৰেল হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















