প্ৰথম ব’হাগৰ দিনটোতেই কঁপাল ফুলিছিল বুলিয়েই ভাৱিছিল সকলোৱে৷ অনলাইনত টিকট কাটিয়েই লটাৰীত লাভ কৰিছিল বিলাসী বাহন। লটাৰীত লাভ কৰা বিলাসী বাহন নিবলৈ আশা বান্ধি বৰমালৈ আহিছিল বহুজন৷
গুৱাহাটী, শিৱসাগৰ, বৰপেটা, বঙাইগাঁও, গোৱালপাৰাকে ধৰি কেইবাটাও স্থানৰ পৰা আহিছিল লটাৰী জিকা বহুকেইজন ব্যক্তি। কিন্তু বৰমাত উপস্থিত হৈ আচৰিত সকলো৷
ব’হাগৰ প্ৰথম দিনটোতেই অনলাইন প্ৰবঞ্চনাৰ বলি হ’ল লটাৰী জিকি সুখী হৈ বৰমালৈ অহা আটাইকেইজন লোক। অনলাইনত বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ নাম লৈ দুষ্টচক্ৰই অনুষ্ঠিত কৰিছিল উপহাৰ কুপন খেল। খেলত উপহাৰ হিচাপে আছিল ইনোভা, স্ক’ৰপিঅ’, থাৰকে আদি কেইবাখনো বাহন। বৰমালৈ আহিহে টিকট জয়ী কেইবাগৰাকীও লোকে গম পালে, একেখন থাৰকেই লাভ কৰিছে ৫জনকৈ লোকে। ৫ ব্যক্তিৰ মাজত এখন থাৰ কেনেকৈ? সমগ্ৰ ঘটনাক লৈ বৰমা আৰক্ষী থানাৰ কাষ চাপিছে এতিয়া অনলাইন প্ৰৱঞ্চনাৰ বলি কেইবাজনো লোক৷
ইফালে এই ঘটনা সন্দৰ্ভত পূৰ্বেই বৰমা আৰক্ষীত অভিযোগ দাখিল কৰিছিল বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়েও। ঘটনাটোৱে পুনৰ এবাৰ উন্মোচন কৰিছে কেনেকৈ এতিয়াও চলি আছে অনলাইন প্ৰৱঞ্চনা৷
সাধাৰণ মানুহক বিলাসী জীৱনৰ সপোন দেখুৱাই ঠগি আহিছে একাংশ দুষ্টচক্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ