ছত্তীশগড়ৰ যশপুৰত ভয়ংকৰ বিমান দুৰ্ঘটনা। নাৰায়ণপুৰ অঞ্চলৰ আৰা পৰ্বতত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন ব্যক্তিগত বিমান। পাহাৰীয়া এলেকাটোৰ পৰা ওলোৱা জুইৰ শিখাই দেখিয়েই স্থানীয় লোকে জানিব পাৰে দুৰ্ঘটনাৰ খবৰ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হৈছে৷ ঘটনাস্থলীলৈ ৰাওনা হৈছে এছ এছ পি লাল উমেদ সিংও।
দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷, বিমানখনত কোনো যাত্ৰী আছিল নে নাই সেয়া সম্প্ৰতি স্পষ্ট হোৱা নাই। ইতিমধ্যেই তদন্তকাৰী দলে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















