দীৰ্ঘম্যাদী বিবাহ বিচ্ছেদ মানে কেৱল দুজন মানুহৰ বিচ্ছিন্ন হৈ থকাৰ সিদ্ধান্তই নহয়, মানসিকভাৱে অকলশৰীয়া হৈ পৰাও। দুয়োৱে গঢ়ি লোৱা পৰিয়ালৰ চিনাকি ৰুটিন হঠাতেই সলনি হৈ পৰে৷ যিসকলক আমি পৰ্দাৰ আঁৰত অতি শান্ত আৰু সংগঠিত বুলি দেখিবলৈ পাওঁ, তেওঁলোকো বিচ্ছেদৰ জোকাৰণিত দিশহাৰা হৈ পৰে। এই মন্তব্য অভিনেতা আমিৰ খানৰ। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে প্ৰথম পত্নী ৰীণা দত্তৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত জীৱনৰ এটা ক’লা অধ্যায়ৰ কথা শ্বেয়াৰ কৰিছে৷
আমিৰে কয় যে, যেতিয়া ৰীণা ল’ৰা-ছোৱালীকেইটাৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল তেতিয়া তেওঁ বৰ অকলশৰীয়া হৈ পৰিছিল। তেতিয়া তেওঁ নিজকে কোনোধৰণে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অভিনেতাজনৰ ভাষাত, ‘বিবাহ বিচ্ছেদৰ আগতে মই মদ খোৱা নাছিলোঁ। কিন্তু বিচ্ছেদৰ জোকাৰণিৰ সৈতে মোকাবিলা কৰিবলৈ মই মদৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিলোঁ।’ আমিৰে এবছৰ ধৰি প্ৰায় প্ৰতি নিশা এবটল মদ খাইছিল। অৱশ্যে এয়া কেৱল আমিৰৰ কাহিনী নহয়। অধ্যয়নত দেখা গৈছে যে বিবাহ বিচ্ছেদ বা বিচ্ছেদ হোৱাৰ পিছত বহু লোক ধূমপান বা মদ্যপানৰ দৰে ক্ষতিকাৰক অভ্যাসৰ লগত জড়িত হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















