মঙলবাৰে সংকটমোচন হনুমানক বিভিন্নজনে পূজা কৰে। এই দিনটোত বহুজনে উপবাসে থাকি ভগবানক পূজা কৰে। মান্যতা অনুসৰি, হনুমানক পূজা কৰিলে এজন ব্যক্তিৰ বহু সমস্যা দূৰ হয়। হনুমানৰ পূজা বিধি মতে কৰিলে আকাংক্ষিত ফল লাভ কৰে। কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰিবলৈ মঙলবাৰে ভগৱান হনুমানক পূজা কৰিবলৈ জ্যোতিষীসকলেও পৰামৰ্শ আগবঢ়াই। আনহাতে ৰাশিফলত মংগল গ্ৰহ শক্তিশালী হ’লে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল বুলি কোৱা হয়।
গুৰুত্ব দিয়া উচিত…
- মঙলবাৰে হনুমান মন্দিৰলৈ গৈ ১১ টা আঁহত পাত আগবঢ়াওক। সেন্দূৰৰ সৈতে আঁহত পাতত জয় শ্ৰী ৰাম লিখি, তাৰ পিছত হনুমান চালিছা জপ কৰাটো আৰু অধিক লাভজনক হ’ব।
- আনহাতে এই পাতবোৰৰ মালা এডাল প্ৰস্তুত কৰি হনুমানক আগবঢ়াব পাৰে।
- মঙলবাৰে উপবাসৰ সময়ত, হনুমান আৰু শ্ৰী ৰামৰ নাম জপ কৰক।
- এই দিনটোত, হনুমানৰ মন্দিৰলৈ যাওক আৰু বান্দৰকো কিবা খুৱাওক।
- মঙলবাৰে উপাসনাত বেছি অধিক কমলা ৰং ব্যৱহাৰ কৰক। উদাহৰণ স্বৰূপে, কমলা কাপোৰ পিন্ধিব আৰু হনুমানক কমলা ফুল আগবঢ়াব।
- মঙলবাৰে হনুমানক সেন্দূৰ দিব পাৰে বা ৰঙাফুলৰ মালা আগবঢ়াব পাৰে।
হনুমান চালিছা পঢ়াৰ বহুতো নিয়ম আছে। হনুমান চালিছা কেতিয়াও উচ্চস্বৰত পাঠ নকৰিব। উচ্চাৰণত যাতে কোনো ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। হনুমান চালিছা খৰখেদাকৈ পাঠ নকৰে, বৰঞ্চ প্ৰতিটো পদৰ অথ বুজি পাঠ কৰা উচিত। হনুমান চালিছা দিনটোত ১, ৩, ৭, ৯ বা ১১ বাৰ পাঠ কৰাটো শুভ বুলি গণ্য কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















