ব’হাগ মাহৰ শুক্লপক্ষৰ একাদশী তিথি মোহিনী একাদশী নামেৰে পৰিচিত৷ পুৰাণ অনুসৰি বিশেষ এই তিথিত শ্ৰীহৰি নাৰীৰূপ ধাৰণ কৰিছিল৷ এই দিনটোত ভক্তিভাৱেৰে ভগৱান বিষ্ণুৰ আৰাধানা কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷
আগন্তুক ২৬ এপ্ৰিল দেওবাৰে সন্ধিয়া ৬বাজি ০৫ মিনিটত মোহিনী একাদশী তিথি পৰিছে৷ ইংৰাজীৰ ২৭ এপ্ৰিল সোমবাৰে সন্ধিয়া ৬বাজি ১৪ মিনিটত৷ হিন্দুমতে তিথি যি দিনা পুৱা হয় সেই দিনাই তিথি বুলি ধৰা হয়৷ সোমবাৰে মোহিনী একাদশী পালন কৰা হ’ব৷ এই দিনটোতেই অৰ্থাৎ ২৭ এপ্ৰিল সোমবাৰে নিশা ৯ বাজি ১৮ মিনিটত সূৰ্যৰ অধীন উত্তৰ ফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব চন্দ্ৰই৷ ২৮ এপ্ৰিলত মঙলবাৰে নিশা ১০ বাজি ৩৫ মিনিট পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ যিসময়ত চন্দ্ৰ, সূৰ্য নিয়ন্ত্ৰিত নক্ষত্ৰত প্ৰৱেশ কৰিব৷ তিথি অনুসৰি তেতিয়া মোহিনী একাদশী নহয়৷ কিন্তু সোমবাৰে যিহেতু এই শুভ তিথি পালিত হ’ব সেয়ে এই গোচৰ কল্যাণকৰ হৈ উঠিব বুলি জনাইছে জ্যোতিষশাস্ত্ৰই৷ ইয়াৰ ফলত বিশেষভাৱে উপকৃত হ’ব চাৰি ৰাশি৷ জানি থওক কাৰ কাৰ ভাগ্য খুলিব?
কৰ্কট ৰাশি
চন্দ্ৰৰ গোচৰে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনত এই সময়ত শুভ পৰিবৰ্তন অহাৰ সম্ভাৱনাৰ কথা কৈছে জ্যোতিষশাস্ত্ৰ৷ কৰ্মক্ষেত্ৰত নতুন কোনো সুযোগ আহিব পাৰে৷ আৰ্থিক লাভৰো ভাল যোগ আছে৷ মন ইতিবাচক চিন্তাৰে ভৰি থাকিব৷ ভাগ্যৰো সহায় পাব৷
সিংহ ৰাশি
চন্দ্ৰৰ এই অৱস্থান সিংহ ৰাশিৰ ক্ষেত্ৰত বিশেষ লাভজনক হৈ উঠাৰ কথা জনাইছে জ্যোতিষবিদে৷ ঋণত দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ নতুন কোনো পৰিকল্পনাৰ সূচনাৰ বাবে এই সময় শুভ৷ কামৰ বিষয়ে আত্মবিশ্বাসী থাকিব৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বৃদ্ধি পাব৷ ফলত সামগ্ৰিকভাৱে সময় কটাব৷
কন্যা ৰাশি
জ্যোতিষশাস্ত্ৰ অনুসৰি জনা গৈছে, কন্যা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত সূৰ্যৰ ৰাশিত চন্দ্ৰৰ গোচৰে বহু নতুন সুযোগ আনি দিব৷ কামৰ জগতত সুনাম পাব৷ কোনো কামত বহু দিন ধৰি ৰৈ থাকিলে সেই সমস্যাৰো সমাধান আছে৷ আৰ্থিক ক্ষেত্ৰতো শুভ৷
ধনু ৰাশি
চন্দ্ৰৰ এই পৰিবৰ্তন ধনু ৰাশিৰ বাবে বিশেষভাৱে শুভ ফলদায়ী হৈ উঠিব বুলি ধাৰণা জ্যোতিষীৰ৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ ফলত সঞ্চয়ো হব৷ পৰিয়ালৰ সকলোৰে সৈতে সদভাৱ বৰ্তি থাকিব৷ ধৰ্মীয় চিন্তাৰে মন শান্ত হব৷ কৰ্মক্ষেত্ৰত প্ৰশংসা পাব৷ লাভৰ সম্ভাৱনা প্ৰৱল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















