ভাৱনা শৰ্মা নিৰুদ্দেশ ঘটনাক লৈ চলিছে চৰ্চা৷ ইতিমধ্যে শ্বিলঙৰ পৰা উদ্ধাৰ কৰা হৈছে ভাৱনা শৰ্মাক৷ ভাৱনা শৰ্মা নিৰুদ্দেশ হোৱাৰ পূৰ্বে ঘৰৰ পৰা যোৱা ৰেপিড’ চালকে দিছে বিস্ফোৰক ভাষ্য৷ ঘৰৰ পৰা শুকুৰবাৰে পুৱা ৰেপিড’খনত গুৱাহাটী বিশ্ববিদ্যালয়লৈকে লোকেশ্ব্যন দিয়া আছিল যদিও নিৰ্দিষ্ট স্থান পোৱাৰ আগতেই নামিছিল ভাৱনা শৰ্মা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিবৰ্তে জালুকবাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টত নামিছিল ভাৱনা শৰ্মা৷ এই মন্তব্য সংবাদমাধ্যমৰ আগত ৰাখিছে ৰেপিড’চালক ছাদ্দাম হুছেইনে৷
ৰেপিড’ চালক ছাদ্দাম হুছেইনে জনোৱামতে, ঘনাই কাৰোবাৰ সৈতে ফোনত কথা পাতি আছিল ভাৱনা শৰ্মাই৷ যাত্ৰা কৰাৰ সময়ত ভাৱনাৰ হাতত আছিল এটা বেগো৷ যাত্ৰীহিচাপে তেওঁ য’ত নামিব খুজিছিল তাতেই নমাই থৈ অহা বুলিও জনাইছে ৰেপিড’ চালক ছাদ্দামে৷
উল্লেখ্য যে শনিবাৰে পুৱা শ্বিলঙত সন্ধান পোৱা গৈছে ভাৱনা শৰ্মাৰ৷ তেওঁক সম্পূৰ্ণ সুস্থ অৱস্থাতেই উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷ হয়তো কিছুসময়ৰ পাছতেই গুৱাহাটীলৈ আৰক্ষীৰ দলে লৈ আহিব ভাৱনা শৰ্মাক৷ তাৰপিছতহে সমগ্ৰ ঘটনা স্পষ্ট হৈ পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















