বৈদিক জ্যোতিষত বুধক কোৱা হয় যুৱৰাজ গ্ৰহ৷ এই গ্ৰহই জাতকৰ বুদ্ধি, বাচন ক্ষমতা, যোগাযোগ ক্ষমতা আৰু ব্যৱসায় বুদ্ধিৰ ওপৰত প্ৰভাৱ পেলায়৷ সূৰ্যৰ কাষলৈ আহিলে বুধ অস্ত যায়৷ আগন্তুক ১ মে এই গ্ৰহ মেষ ৰাশিত অস্ত যাব৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত ১২ ৰাশিৰ মাজত ৪ ৰাশিৰ জাতক লাভৱান হব৷ এই ৪ৰাশি হৈছে কৰ্কট, সিংহ, কন্যা আৰু মকৰ৷ জানি থওক কোন কোন দিশত সৌভাগ্যৰ উদয় হ’ব এই ৪ৰাশিৰ৷
কৰ্কট ৰাশি
১ মে’ৰ পৰা আৰ্থিকভাৱে ভাল সময় কটাব কৰ্কট ৰাশিৰ জাতকে৷ ৰৈ থকা অৰ্থ উদ্ধাৰ হব পাৰে৷ বিনিয়োগৰ পৰা মুনাফা লাভ হব৷ অফিচত আপোনাৰ পৰিকল্পনাৰ প্ৰশংসা পাব আৰু প্ৰমোছন পোৱাৰ সম্ভাৱনা বাঢ়িব৷ ব্যৱসায়ত বৃহৎ লাভ হোৱাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
বুধ অস্ত গলে আত্মবিশ্বাস তুংগত উঠিব সিংহ ৰাশিৰ জাতকৰ৷ নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ এই সময় ভাল সময়৷ আপোনাৰ পৰিকল্পনা এই সময়ত কাৰ্যকৰী হব আৰু সাফল্য পাব৷ ঘৰত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ ভায়েক ভনীয়েকৰ পৰা প্ৰয়োজনীয় সহায় পাব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ বুধ অস্ত গ’লে সেয়া লাভজনক হব কন্যা ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা মজবুত হব৷ মনোযোগ বাঢ়িব৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনাত উন্নতি হব৷ মনৰ ওপৰৰ পৰা চাপ কমিব৷ কামত এনাৰ্জি পাব৷ আৰ্থিক উন্নতিৰ যোগ আছে৷
মকৰ ৰাশি
১ মে’ৰ পৰা ভাল সময় কটাব মকৰ ৰাশিৰ জাতকে৷ কেৰিয়াৰত উন্নতি হব৷ পেছাগত জীৱনত দীৰ্ঘদিনৰ কাঙ্খিত সাফল্য পাব৷ ব্যৱসায়িক সমস্যা দূৰ হব৷ এই সময়ত পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব৷ যুক্তি বুদ্ধিৰে আপুনি সকলোবোৰ বিচাৰ কৰিব৷ আপোনাৰ কথাত অন্যসকল প্ৰভাৱিত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















