সন্তানক ঘৰৰ পৰা আঁতৰত ৰাখিলে অলপ সাৱধান! কিয়নো ৰঙীন পৃথিৱীত নিজকে কৰোবাত হেৰাই পেলাব পাৰে তেওঁলোকে। মহানগৰীৰ মায়াত হেৰাই যোৱা ৩ যুৱতীৰ কাণ্ডই পুনৰ অভিভাৱকসকলক এই বিষয়ে ভাবিবলৈ বাধ্য কৰাইছে।
কিছুদিন পুৰ্বে সংঘটিত হোৱা ৰাজ্য কঁপোৱা মঠঘৰীয়া দুৰ্ঘটনাৰ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। প্ৰকৃততে সেই দিনা কি হৈছিল জানিবলৈ সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাই আছিল। কিন্তু এতিয়া আৰক্ষীয়ে উলিয়াইছে উৰহী গছৰ ওৰ!
এখন বাহনত ৩ যুৱতীৰ সৈতে গৈ ট্ৰাকত খুন্দা মাৰে চালক চামিম আহমেদে। দুৰ্ঘটনা সংঘটিত কৰি পিছত পলায়ন কৰে যুৱকজনে। এতিয়া গুৱাহাটীলৈ অনা হৈছে মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা চালক চামিমক। চামিমক আটক কৰাৰ পিছত প্ৰথম পৰ্যায়ত শোকাৱহ পথ দুৰ্ঘটনাৰ বিষয়ে কিছু তথ্য প্ৰদান কৰে। দুৰ্ঘটনাৰ পূৰ্বে ৩ গৰাকী যুৱতী আৰু অভিযুক্ত চালক চামিম আহমেদে ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত থকা Exoro Bar-ত নিশা ১১ বজাৰ পৰা ৩ বজালৈকে প্ৰায় ৫ ঘণ্টা সময় অতিবাহিত কৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকে সেই নিশা বাৰত প্ৰায় ১৯,০০০ টকাৰ বিল পৰিশোধ কৰিছিল। ইয়াৰ পিছত আটাইকেইজনে গুৱাহাটীৰ ৰাজপথত ঘূৰি ফুৰে।
অৱশ্যে সেইদিনা কেনেদৰে উৰে নিশা বাৰত ৩ যুৱতীৰ সৈতে পাৰ্টি কৰিছিল চামিমে, সেয়া চিচিটিভি ফুটেজত ধৰা পৰিছে। এই সমগ্ৰ ঘটনাৰ তদন্ত অব্য়াহত ৰাখিছে আৰক্ষীয়ে। তদন্তত কি কি তথ্য পোহৰলৈ আহে, সেয়া হ’ব লক্ষণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ












