অসমত ১২ মে’ত অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। গুৱাহাটীৰ খানাপাৰাত আয়োজিত হ’বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰীসহ নতুন মন্ত্ৰীসভাৰ সদস্যসকলে শপত গ্ৰহণ কৰিব। অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক নেতা-নেত্ৰী, বিশিষ্ট ব্যক্তি আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
ৰাজ্যপালৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানক লৈ ইতিমধ্যে প্ৰশাসনিকভাৱে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আইন-শৃংখলা বজাই ৰখাৰ লগতে অনুষ্ঠানস্থলীত বিশেষ নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। তাৰ পূৰ্বে যান-বাহন আৰক্ষীয়ে গুৱাহাটীত গাড়ী চলাচল কৰিবলৈ মানিব লাগিব নতুন নিয়ম।
নতুন চৰকাৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে এই নির্দেশনা। ১২ মে’ত গধুৰ বাহনৰ বাবে বন্ধ থাকিব কইনাধৰা-বিমানবন্দৰ সংযোগী পথ। পুৱা ৯ বজাৰ পৰা ২ বজালৈ বন্ধ থাকিব পথচোৱা। কইনাধৰা-AEC পইন্টলৈ এটা লেনত বাহন চলাচলৰ অনুমতি দিয়া হৈছে। এই পথেৰে ট্রাক, ডাম্পাৰৰ দৰে বাহন চলাব নোৱাৰিব, ইয়াৰ পৰিৱৰ্তে GS ৰোডেৰে যাতায়ত কৰিবলৈ আহ্বান।
আপাতকালীন পৰিস্থিতিৰ বাবে বন্ধ ৰাখিব এটা লেন। ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনত পার্কিং কৰিব নোৱাৰিব বাহন। ইয়াৰোপৰি বতাহঘুলি, পাঞ্জাবাৰীৰ পথৰ কাষত পার্কিং কৰিব নোৱাৰি বাহন। বন্ধ থাকিব ছয়মাইল, খানাপাৰাৰ পথৰ কাষত পার্কিং। অনুষ্ঠানলৈ অহা বাহনৰ পাৰ্কিঙৰ ব্যৱস্থা সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত। সংবাদমেলযোগে এই নির্দেশনা প্রশাসনৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















