বেছিভাগ মানুহেই দিনটো একাপ চাহ খাই আৰম্ভ কৰে। ৰাতিপুৱাৰ চাহৰ উপৰিও বহু লোকে দুপৰীয়া আৰু গধূলি চাহ খাও ভাল পায়। কিছুমান মানুহে ৩-৪ ঘণ্টাৰ মূৰে মূৰে চাহ খাবলৈ আৰম্ভ কৰে, ইয়াৰ প্ৰতি আসক্ত হৈ পৰে। বহুতে দিনটোত ৪-৫ বাৰ বা তাতোকৈ বেছি চাহ খায়। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে একাপ বা দুকাপ চাহ খালে স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু অত্যধিক সেৱনে বিৰূপ প্ৰভাৱ পেলাব পাৰে। এদিনত কিমান চাহ সেৱন কৰিব লাগে জানেনে?
স্বাস্থ্য বিশেষজ্ঞৰ মতে, দিনটোত ২ ৰ পৰা ৩ কাপ চাহ খোৱাটো নিৰাপদ বুলি বিবেচিত কৰে। এই পৰিমাণতকৈ অধিক পান কৰিলে শৰীৰত কেফেইনৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত টোপনিৰ সমস্যা, উদ্বেগ, এচিডিটি আদিৰ সৃষ্টি হয়। খালী পেটত বা গভীৰ নিশা চাহ খোৱাটো স্বাস্থ্যৰ বাবে বিশেষভাৱে ক্ষতিকাৰক হ’ব পাৰে। দিনটোত ৪ৰ পৰা ৫ বাৰ বা তাতকৈ অধিক চাহ খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত গেছ, এচিডিটি, পেটৰ বিষ, অনিদ্ৰা, ডিহাইড্ৰেড আদি হ’ব পাৰে।
গাখীৰ চাহ (milk tea) সীমিত পৰিমাণে খালে সাধাৰণতে ডাঙৰ সমস্যা নহয়, কিন্তু অতিমাত্ৰাই বা বাৰে বাৰে খালে কিছুমান অপকাৰিতা দেখা দিব পাৰে।
সম্ভাৱ্য অপকাৰিতা
- অম্লতা আৰু গেছ: গাখীৰ চাহত থকা কেফেইনে পেটত অম্লতা, গেছ বা বদহজম বঢ়াব পাৰে।
- নিদ্ৰাৰ সমস্যা: বিশেষকৈ সন্ধিয়া বা ৰাতি অধিক চাহ খালে টোপনি কম হ’ব পাৰে।
- আয়ৰণ শোষণ কমায়: চাহত থকা tannin-এ খাদ্যৰ আয়ৰণ শোষণত বাধা দিব পাৰে।
- ওজন বৃদ্ধি: অধিক চেনি আৰু ফুল-ফ্যাট গাখীৰ ব্যৱহাৰ কৰিলে কেল’ৰি বাঢ়ে।
- হৃদস্পন্দন বা উদ্বেগ বৃদ্ধি: অধিক কেফেইন কিছুমান লোকৰ ক্ষেত্ৰত ধুকধুকনি, উদ্বেগ বা কঁপনি আনিব পাৰে।
- কোষ্ঠকাঠিন্য বা ডিহাইড্ৰেচন: অতিমাত্ৰাই চাহ খালে কিছুমানৰ শৰীৰত পানীৰ অভাৱ অনুভৱ হ’ব পাৰে।
- দাঁতৰ দাগ: নিয়মিত চাহ খালে দাঁতত হলদীয়া দাগ পৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















