তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতো বিতৰ্কই লগ এৰা নাই মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ জোছেফ বিজয়ক৷ এইবাৰ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছে মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ OSD নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ৷ বিজয়ৰ OSD হিচাপে জ্যোতিষী ৰিকি ৰাধন পণ্ডিত ভেট্ৰিভেলক নিযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ বুধবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে থালাপতি বিজয়ে৷
অৱশ্যে মুখ্যমন্ত্ৰী বিজয়ে বিধায়কসকলৰ চাপ আৰু সমালোচনাত পৰি এই সিদ্ধান্ত পিছুৱাই দিছে৷ তেওঁ জ্যোতিষীক তেওঁৰ অফিচাৰ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে৷ বিৰোধীৰ মত যে চৰকাৰী টকাৰে জ্যোতিষীক দৰমহা দিয়াৰ সিদ্ধান্ত লৈছিল মুখ্যমন্ত্ৰী থালাপতি বিজয়ে৷
এজন OSDৰ কাম কি?
দল আৰু চৰকাৰৰ ভৱিষ্যৎ নিৰ্ণয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে এজন OSDয়ে৷ তেওঁৰ মূল দায়িত্ব হৈছে মুখ্যমন্ত্ৰীৰ দপ্তৰৰ সৈতে পলিটিকেল ইকোচিষ্টেমৰ সমন্বয় সাধন কৰা৷ যাৰ মাজত আছে বিভিন্ন দল, দলীয় কৰ্মী, বিভিন্ন চৰকাৰী দপ্তৰ আৰু জনতা৷ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ষষ্ঠ ইন্দ্ৰিয় হৈ উঠিব পাৰে এই ব্যক্তি৷ কিয় এই পদ কূটনৈতিক দিশৰ পৰা যিমান গুৰুত্বপূৰ্ণ, সিমান প্ৰভাৱশালীও৷
ৰিকি ৰাধন পণ্ডিত কোন?
প্ৰায় চাৰি দশকৰ বেছি সময় ধৰি জ্যোতিষ পেছাৰ সৈতে যুক্ত ৰিধি ৰাধন পণ্ডিত দীৰ্ঘদিন ধৰি বিজয়ৰ ঘনিষ্ঠ৷ বৈদিক জ্যোতিষশাস্ত্ৰ, সংখ্যাতত্ত্ব আৰু ধ্যানৰ মাধ্যমেৰে বিভিন্ন সমস্যাৰ সমাধানৰ পৰামৰ্শ দিয়ে ৰিকি ৰাধনে৷ সমগ্ৰ দেশত জ্যোতিষী হিচাপে তেওঁ খ্যাতি অৰ্জন কৰিছে বহুদিন পূৰ্বেই৷
দক্ষিণ ভাৰততেই জন্ম ৰিকিৰ৷ ২০০৮ চনত দিল্লীলৈ অহাৰ পূৰ্বে মূলত পণ্ডিত ভেট্ৰিভেল নামেৰেই জ্যোতিষ চৰ্চা কৰিছিল৷ দিল্লীত স্থায়ী বসতি গঢ়ি তোলাৰ পাছত তেওঁ ৰাধন পণ্ডিত নাম গ্ৰহণ কৰে৷ এতিয়া ভক্তসকলৰ মাজত তেওঁ এই নামেৰেই পৰিচিত৷
নেতাৰ সৈতে তেওঁৰ সম্পৰ্ক অতি পুৰণি
বিজেপি, কংগ্ৰেছ, ডিএমকে আৰু এআইএডিএমকেসহ ভাৰতৰ প্ৰধান ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ সৈতে তেওঁৰ সম্পৰ্ক বহুদিনীয়া৷ বিভিন্ন জটিল পৰিস্থিতিত ৰাজনৈতিক নেতাসকলে ৰাধনৰ ওচৰত পৰামৰ্শ গ্ৰহণ কৰে৷ বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীক নিজৰ মেণ্টৰ হিচাপেও লয় ৰিকি ৰাধনে৷
বিজয়ৰ সৈতে সম্পৰ্ক
ৰিকি ৰাধন পণ্ডিত কেৱল বিজয়ৰ ঘনিষ্ঠই নহয় TVK দলৰ তেওঁ মুখপাত্ৰও৷
দলৰ সৈতে জন্মলগ্নৰে পৰাই জড়িত হৈ আছে জ্যোতিষী ৰিকি ৰাধন পণ্ডিত৷
বিজয় আৰু তেওঁৰ পূৰ্বৰ পত্নীৰ সৈতেও অতি ঘনিষ্ঠ সম্পৰ্ক আছে ৰিকি ৰাধনৰ৷
বিভিন্ন সংবাদমেল সূত্ৰৰ খবৰ অনুসৰি ৰিকিৰ পৰামৰ্শতেই ১০ মে শপতগ্ৰহণ অনুষ্ঠান বিয়লি ৩.৪৫ৰ পৰিবৰ্তে পুৱা ১০ বজালৈ আগুৱাই দিছিল বিজয়ে৷
তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁৰ প্ৰভাৱৰ বিষয়টোও ইয়াতেই স্পষ্ট হৈ যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















