বহুতৰেই কোটিপতি হোৱাৰ সপোন থাকে৷ আৰু এই সপোন দেখাটো এই সময়ত খুবেই জৰুৰী বুলিলেও ভুল নহয়৷ অৱশ্যে এতিয়া ভাৰততো কোটিপতিৰ সংখ্যা কম নহয়৷ যিকোনো মানুহেই কোটিপতি হ’ব পাৰে৷ কেৱল সঠিক প্লেনিং কৰিব লাগে৷ মাত্ৰ ২০ বছৰতেই কোটিপতি হোৱা সম্ভৱ৷
কিমান টকাকৈ ৰাখিলে ২০ বছৰত কোটিপতি হোৱা সম্ভৱ?
আপুনি নিজৰ বুদ্ধিক কামত লগাই আৰু বিশেষজ্ঞৰ পৰামৰ্শ লৈ নিয়মিত মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগিব৷ তেতিয়াহে কোটিপতি হোৱাৰ সপোন পূৰণ হ’ব৷ প্ৰকৃততে এছ আই পি হৈছে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন৷ এইক্ষেত্ৰত প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে ধন ইনভেষ্ট কৰা হয়৷ সেই টকা মূলত মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা হয়৷ তাৰপিছতেই মিউচুৱেল ফাণ্ডৰ মেনেজাৰে নিৰ্দিষ্ট কিছু ষ্টকত এই ধন ইনভেষ্ট কৰি দিয়ে৷ আৰু ইনভেষ্ট কৰা সেই ধনৰ পৰাই আপুনি ভাল ৰিটাৰ্ণ লাভ কৰে৷
২০ বছৰত ১ কোটি টকা জমা কৰিবলৈ কিমান ধন মাহিলী বিনিয়োগ কৰিব?
যদি ১০ শতাংশ হাৰত বাৰ্ষিক ৰিটাৰ্ণ পায় তেতিয়া মাহিলী ১৩০০০ টকাৰ পৰা ১৪০০০ টকাকৈ ইনভেষ্ট কৰিব লাগিব৷
যদি ১২ শতাংশ হাৰত বাৰ্ষিক ৰিটাৰ্ণ পায় তেতিয়া মাহিলী ইনভেষ্ট কৰিব লাগিব ১০,০০০ টকাৰ পৰা ১১,০০০টকা৷
যদি ১৫ শতাংশ হাৰত বাৰ্ষিক ৰিটাৰ্ণ পায় তেতিয়া মাহত ৭০০০ৰ পৰা ৮০০০ টকাকৈ জমা কৰিব লাগিব৷
কিমান টকা ৰিটাৰ্ণ পাব পাৰে?
এই প্ৰসংগতেই কওঁ যে এছ আই পিত মোটামুটি ১০ৰ পৰা ১৫শতাংশ হাৰত ৰিটাৰ্ণ পোৱা যায়৷ বেছিভাগ ক্ষেত্ৰত ৰিটাৰ্ণ থাকে ১২ শতাংশ৷ সেয়ে এই হিচাপ ধৰি আগুৱাব লাগিব৷ মোটামুটি ১০০০০ টকাকৈ ইনভেষ্টমেণ্ট আৰম্ভ কৰক৷ তেতিয়াই ভাল পৰিমাণে ৰিটাৰ্ণ পাব৷ মিউচুৱেল ফাণ্ড মূলত লাৰ্জকেপ, মিডকেপ আৰু স্মলকেপ ফাণ্ডত কৰা হয়৷ ইয়াৰোপৰি একাধিক ধৰণৰ ফাণ্ড আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















