বৈদিক জ্যোতিষত সাধাৰণভাৱে কালসৰ্প যোগক অত্যন্ত শক্তিশালী আৰু ক্ষতিকৰ বুলি ধাৰণা কৰা হয়৷ জন্মছকত কালসৰ্প দোষ থাকিলে জাতকে নানান কষ্ট আৰু প্ৰতিবন্ধকতাৰ মাজেৰে পাৰ হ’ব লাগে৷ কোনো কোনো ৰাশিৰ জাতকৰ বাবে এই কালসৰ্প দোষেই জীৱনত আশীৰ্বাদ হৈ আহে৷ মে মাহৰ ১১ তাৰিখৰ পৰা গঠিত হৈছে কালসৰ্প যোগ৷ থাকিব ২৫ মে পৰ্যন্ত৷ এই ১৫ দিন প্ৰচুৰ অৰ্থলাভৰ যোগ আছে ৫ ৰাশিৰ জাতকৰ সন্মুখত৷
এই সময়ত সকলো গ্ৰহই কুম্ভ ৰাশিত অৱস্থানকাৰী ৰাহু আৰু সিংহ ৰাশিত অৱস্থানকাৰী কেতুৰ মাজত গোচৰ কৰিছে৷ সাতটা গ্ৰহ ৰাহু আৰু কেতুৰ মাজলৈ আহিলে এই যোগ গঠন হয়৷ কালসৰ্প দোষৰ প্ৰভাৱত লাভ হ’ব ৫ৰাশিৰ আৰু ক্ষতিৰ সন্মুখীন হ’ব ৬ ৰাশিৰ জাতক৷ জানি থওক কালসৰ্প দোষত উন্নতি আৰু সাফল্যৰ শিখৰত উঠিব কোন কোন ৰাশিৰ জাতক৷
মেষ ৰাশি
ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷ আত্মবিশ্বাস বাঢ়িব আৰু নিজৰ জীৱনৰ বিষয়ে কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভ সম্ভৱ৷ নিজৰ প্ৰতিদ্বন্দ্বীসকলক পৰাজিত কৰিব পাৰিব৷
মিথুন ৰাশি
কালসৰ্প যোগৰ প্ৰভাৱত শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব মিথুন ৰাশিৰ জাতকে৷ আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান হ’ব৷ সৰু ব্যৱসায়ীয়ে ডাঙৰ কাম আৰম্ভ কৰিব পাৰে৷ সকলো দিশ বিচাৰ কৰি সিদ্ধান্ত ল’লে লাভজনক হ’ব৷
সিংহ ৰাশি
কালসৰ্প যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকৰ নেতৃত্বৰ ক্ষমতা বাঢ়িব৷ আপোনাৰ প্ৰতিভাই যথাযথ সন্মান পাব৷ ৰৈ থকা কাম সম্পন্ন হ’ব৷ উন্নতি কৰিব পাৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ কেতিয়াৰত বহুদিন ধৰি ওঠা নমা চলি থাকিলে এইবাৰ তাৰ অৱসান হ’ব৷ আপোনাৰ জীৱন আৰু কামত স্থিতিশীলতা আহিব৷ ব্যৱসায়ীসকলৰ বাবেও ভাল সময়৷ খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব৷
ধনু ৰাশি
সকলো কামতে ভাগ্যক নিজৰ কাষত পাব ধনু ৰাশিৰ জাতকে৷ কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ মনৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব৷ নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে ভাল সময়৷ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত অগ্ৰগতি কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















