• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

6 minutes ago
সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

সোণ-ৰূপৰ মূল্যত বৃহৎ উত্থান! আজি কিমান হ’ল সোণ আৰু ৰূপৰ মূল্য?

1 hour ago
ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতো কইনাই ভাঙিলে বিয়া, কাৰণ জানিলে হতবাক হ’ব আপুনিও!

ৰীতি-নীতি সম্পন্ন হোৱাৰ পিছতো কইনাই ভাঙিলে বিয়া, কাৰণ জানিলে হতবাক হ’ব আপুনিও!

2 hours ago
৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল; ৰাইজৰ বাবে মুকলি কেজৰিৱালৰ ‘Sheesh Mahal’

৫.৮ লাখ টকীয়া বেছিন, ৬ লাখটকীয়া টেবুল; ৰাইজৰ বাবে মুকলি কেজৰিৱালৰ ‘Sheesh Mahal’

2 hours ago
মানুহে নকৰে কি… জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা!

মানুহে নকৰে কি… জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা!

3 hours ago
মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

4 hours ago
কিশোৰীৰে জ*ঘন্য কাণ্ড কৰি হ*ত্যা! দোষীক চৰম শা*স্তি ফাষ্টট্ৰেক আদালতৰ

কিশোৰীৰে জ*ঘন্য কাণ্ড কৰি হ*ত্যা! দোষীক চৰম শা*স্তি ফাষ্টট্ৰেক আদালতৰ

4 hours ago
PF সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ, জানক EPFOৰ এই নিয়ম

PF সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ, জানক EPFOৰ এই নিয়ম

5 hours ago
হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

5 hours ago
এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

6 hours ago
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

23 hours ago
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

23 hours ago
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?

ঘৰুৱা ক্ৰিকেটত অসমৰ লাজ লগা প্ৰদৰ্শন! জগৰীয়া কোন?

editor by editor
November 27, 2026
in অসম, ক্ৰীড়া, বিনোদন
0
‘বিস্ফোৰক’ বেটিং কেতিয়া শিকিব অসমৰ বেটাৰে?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰঞ্জি ট্ৰফীত অসমৰ শোচনীয় প্ৰদৰ্শনৰ পিছত ৰাজ্যৰ ক্ৰিকেট অনুৰাগীসকলে আশা কৰিছিল যে অন্ততঃ ছৈয়দ মুস্তাক আলী ট্ৰফী (SMAT)ত অসমে কিছু উন্নত প্ৰদৰ্শন আগবঢ়াব। কিন্তু অনুৰাগীৰ সেই আশাত যেন চেঁচাপানী ঢালিলে অসম ক্ৰিকেট দলে। ৰঞ্জি ট্ৰফীতকৈও হতাশাজনক প্ৰদৰ্শন আগবঢ়াই এইবাৰ ছৈয়দ মুস্তাক আলী ট্ৰফীৰ গ্ৰুপ পৰ্যায়তে অসমে বেয়াকৈ মুখ থেকেচা খালে।

এইবাৰৰ প্ৰতিযোগিতাত অসমে গ্ৰুপ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশ, কেৰালা, হিমাচল প্ৰদেশ, পুডুচেৰী, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে খেলপথাৰত নামিছিল। কিন্তু প্ৰতিদ্বন্দ্বী দলসমূহৰ বিৰুদ্ধে অসমে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম নহ’ল। বিশেষকৈ তুলনামূলকভাৱে দুৰ্বল বুলি বিবেচিত পুডুচেৰী আৰু ত্ৰিপুৰাৰ বিৰুদ্ধেও পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাত অধিক হতাশ হৈছে অসমৰ ক্ৰিকেট অনুৰাগীসকল।

এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে, অসমৰ ক্ৰিকেটৰ এনে দুৰৱস্থাৰ কাৰণ কি? উন্নত আন্তঃগাঁথনি, ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় সুবিধা আৰু ঘৰুৱা প্ৰতিযোগিতাৰ আয়োজনৰ পিছতো কিয় ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিব পৰা নাই অসমে?

উন্নত আন্তঃগাঁথনিৰ পিছতো কিয় এনে শোচনীয় প্ৰদৰ্শন?

বৰ্তমান অসমত ক্ৰিকেটৰ আন্তঃগাঁথনি আগৰ তুলনাত যথেষ্ট উন্নত হৈছে। বিশেষকৈ উত্তৰপূবৰ বাকীকেইখন ৰাজ্য, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, ওড়িশা, হাৰিয়ানা, কেৰালা আদিৰ তুলনাত যথেষ্ট উন্নত অসমৰ ক্ৰিকেটৰ আন্তঃগাঁথনি। গুৱাহাটীৰ বৰ্ষাপাৰাত আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়াম। ইয়াৰ উপৰি আমিনগাঁৱতো উন্নত মানৰ ক্ৰিকেট গ্ৰাউণ্ড আছে। ডিব্ৰুগড়তো ক্ৰিকেটৰ বাবে উপযুক্ত খেলপথাৰ আৰু সুবিধা গঢ়ি উঠিছে।

কেৱল আন্তঃগাঁথনিয়েই নহয়, প্ৰতিভাৱান খেলুৱৈক প্ৰতিযোগিতামূলক ক্ৰিকেটৰ অভিজ্ঞতা প্ৰদানৰ বাবেও অসম প্ৰিমিয়াৰ লীগৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে এই লীগখন এক সুন্দৰ মঞ্চ হ’ব পাৰিলেহেঁতেন।

কিন্তু ইমানবোৰ সুবিধা থকাৰ পিছতো অসমৰ প্ৰদৰ্শনত কিয় উন্নতি দেখা পোৱা নাই? বিগত কেইবাবছৰ ধৰি অসম দলত স্থান লাভ কৰি অহা একাংশ ক্ৰিকেটাৰৰ প্ৰদৰ্শনক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অনুৰাগীসকলে। কেৱল দলত স্থান লাভ কৰাটোৱেই জানো এজন খেলুৱৈৰ সফলতা? কেইখনমান ফাৰ্ষ্ট ক্লাছ, লিষ্ট A খেলত অংশগ্ৰহণ কৰাটোৱেই অসমৰ ক্ৰিকেটাৰসকলে সফলতা বুলি ধৰি লৈছে নেকি? ইয়াতকৈ অধিক উচ্চকাংক্ষা নাই নেকি ডেনিছ দাস, ছাহিল জৈন, মুখতাৰ হুছেইনহঁতৰ?

ৰিয়ান পৰাগ অবিহনে কিয় দুৰ্বল হৈ পৰে অসম দল?

অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে ৰিয়ান পৰাগ এক বিশেষ নাম। ৰিয়ান দলত থাকিলে অসমৰ বেটিং আৰু সামগ্ৰিক প্ৰদৰ্শন যে যথেষ্ট উন্নত হয়, সেয়া তেওঁৰ খেলৰ জৰিয়তে ইতিমধ্যে প্ৰমাণিত হৈছে। কিন্তু ইয়াৰ অৰ্থ এয়াই নেকি যে অসম দলৰ সকলো কেৱল ৰিয়ান পৰাগৰ ওপৰতে নিৰ্ভৰশীল? ৰিয়ান পৰাগৰ অনুপস্থিতিত দলটোৰ প্ৰদৰ্শনত যি অৱনতি দেখা যায়, সেয়া অসমৰ ঘৰুৱা ক্ৰিকেটৰ বাবে চিন্তনীয় বিষয়। ৰিয়ানৰ সমকক্ষ খেলুৱৈ হয়তো বৰ্তমান দলত নাথাকিব পাৰে, কিন্তু তেওঁৰ অনুপস্থিতিত দলক আগুৱাই নিয়াৰ সামৰ্থ্য থকা আন খেলুৱৈৰ অভাৱ কিয়?

ৰিয়ানৰ সৈতে একেটা ড্ৰেছিং ৰূম শ্বেয়াৰ কৰা ডানিছ দাস, ছাহিল জৈন, মুখতাৰ হুছেইন আদিৰ দৰে খেলুৱৈসকলে নিজৰ খেলৰ উন্নতিৰ ক্ষেত্ৰত কিমান কাম কৰিছে বা আগবাঢ়িছে, সেয়াও এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে। আনহাতে, অসম প্ৰিমিয়াৰ লীগত নিজৰ প্ৰতিভাৰ পৰিচয় দিয়া ৰোহিত সেনৰ দৰে খেলুৱৈক উপযুক্তভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাৰ ভূমিকা কেনে? লীগখনত ভাল প্ৰদৰ্শন কৰা আন খেলুৱৈসকল কিয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত নিয়মীয়াকৈ সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা নাই? এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ দায়িত্ব অসম ক্ৰিকেট সন্থা আৰু দলৰ মেনেজমেণ্টৰ।

দীৰ্ঘদিন ধৰি সেই একেখিনি খেলুৱৈ! নতুন প্ৰতিভাৰ অভাৱ নেকি?

অসমৰ ক্ৰিকেটক লৈ অনুৰাগীসকলৰ আন এটা ডাঙৰ অভিযোগ হৈছে দলত নতুন প্ৰতিভাৰ সুযোগৰ অভাৱ। ফৰ্মেট সলনি হ’লেও বহু সময়ত সেই একেখিনি খেলুৱৈৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে অসম দল। কিন্তু খেলুৱৈসকলৰ শেহতীয়া প্ৰদৰ্শন আৰু পৰিসংখ্যা চালি-জাৰি চালে দল নিৰ্বাচনৰ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক।

উদাহৰণস্বৰূপে, ৰিয়ান পৰাগৰ অনুপস্থিতিত দলৰ নেতৃত্বৰ দায়িত্ব লাভ কৰা ডানিছ দাসৰ টি-২০ পৰিসংখ্যা বিশেষ আশাব্যঞ্জক নহয়। প্ৰাপ্ত পৰিসংখ্যা অনুসৰি, ৩৯খন টি-২০ মেচত ডানিছে ১৭.৮ গড়ে মুঠ ৬৫৮ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট মাত্ৰ ১১০.৮। এগৰাকী টপ অৰ্ডাৰ বেটাৰৰ ক্ষেত্ৰত টি-২০ ক্ৰিকেটৰ বৰ্তমানৰ ধাৰা অনুসৰি এই পৰিসংখ্যা যথেষ্ট চিন্তনীয়। একেদৰে, আন এগৰাকী অপেনাৰ প্ৰদ্যুন শইকীয়াই ১৪খন টি-২০ মেচত ১০২.৬ ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰিছে। আনহাতে, ৩২খন মেচত অংশগ্ৰহণ কৰা ছাহিল জৈনৰ ষ্ট্ৰাইক ৰেট ১১৬। অৱশ্যে কেৱল ষ্ট্ৰাইক ৰেটৰ ভিত্তিত এজন খেলুৱৈৰ সম্পূৰ্ণ সামৰ্থ্য বিচাৰ কৰাটো উচিত নহয়। কিন্তু টি-২০ ক্ৰিকেটৰ দৰে আক্ৰমণাত্মক ফৰ্মেটত টপ অৰ্ডাৰৰ বেটাৰৰ পৰা অধিক দায়িত্বশীল আৰু দ্ৰুতগতিত ৰান সংগ্ৰহ কৰাৰ আশা কৰাটো স্বাভাৱিক। প্ৰশ্নটো হৈছে, এনে পৰিসংখ্যাৰ পিছতো খেলুৱৈসকলে দীৰ্ঘদিন ধৰি দলত স্থান লাভ কৰি আহিছে কিয়? নতুন খেলুৱৈক সুযোগ দিয়াৰ ক্ষেত্ৰত ক্ৰিকেট সন্থাৰ নিৰ্বাচকসকলৰ নীতি কি?

অসম ক্ৰিকেট সন্থাই এতিয়াই ব্যৱস্থা লোৱাৰ প্ৰয়োজন

এতিয়া আগন্তুক বিজয় হাজাৰে ট্ৰফী আৰু পৰৱৰ্তী ঘৰুৱা ক্ৰিকেট ছিজনক লৈ অসম ক্ৰিকেট সন্থাই নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে। কেৱল কেইজনমান নিৰ্দিষ্ট খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰাটো সম্ভৱ নহয়। অসমৰ বিভিন্ন প্ৰান্তত বহু প্ৰতিভাৱান ক্ৰিকেটাৰ আছে। প্ৰয়োজন মাথোঁ তেওঁলোকক বিচাৰি উলিওৱা আৰু উপযুক্ত সুযোগ প্ৰদান কৰা। ইয়াৰ বাবে ক্ৰিকেট সন্থাই শক্তিশালী স্কাউটিং ব্যৱস্থা গঢ়ি তোলাৰ লগতে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ ওপৰতো গুৰুত্ব দিব লাগিব।

বিশেষকৈ টি-২০ ক্ৰিকেটৰ বাবে আক্ৰমণাত্মক বেটিং কৰিব পৰা নতুন খেলুৱৈ চিনাক্ত কৰাটো অতি জৰুৰী। প্ৰতিগৰাকী খেলুৱৈয়ে নিজৰ স্থান আৰু দায়িত্ব বুজি খেলিব লাগিব। কেৱল ক্ৰিজত গৈ ২০ অভাৰ সময় কটাই দিয়াটোৱেই টি-২০ ক্ৰিকেট নহয়। ইয়াত দলৰ প্ৰয়োজন অনুসৰি ৰান সংগ্ৰহ কৰাৰ লগতে মেচ জয়ৰ মানসিকতাও থাকিব লাগিব।

অসমৰ ক্ৰিকেটৰ উন্নতিৰ বাবে এতিয়া কেৱল ৰিয়ান পৰাগৰ দৰে এগৰাকী তাৰকা খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ’ব, কাৰণ অনুৰাগীসকলে আশা কৰে ৰিয়ান যেতিয়া সম্পূৰ্ণ সুস্থ হৈ আহিব তেতিয়া তেওঁ অসমতকৈ ভাৰতীয় দলটোৰ শিবিৰতহে স্থান লাভ কৰক। ৰিয়ানৰ অনুপস্থিতিতো দলক জয়ৰ পথ দেখুৱাব পৰা এক শক্তিশালী খেলুৱৈৰ দল গঢ়ি তুলিব লাগিব।

ছৈয়দ মুস্তাক আলী ট্ৰফীৰ এই হতাশাজনক প্ৰদৰ্শন অসম ক্ৰিকেট সন্থাৰ বাবে এক সতৰ্কবাণী। এতিয়া সময় হৈছে আত্মসমালোচনা কৰাৰ, দল নিৰ্বাচনৰ পদ্ধতি পুনৰ বিবেচনা কৰাৰ আৰু নতুন প্ৰতিভাক আগুৱাই অনাৰ। অন্যথা অসমৰ ক্ৰিকেটে ৰাষ্ট্ৰীয় পৰ্যায়ত উন্নতিৰ সলনি একেই হতাশাজনক ছবিখন বাৰে বাৰে দেখুৱাই থাকিব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24riyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ
অসম

হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

November 27, 2026
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ
সমীক্ষণ (আলোচনী)

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

November 26, 2026
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি
বিনোদন

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

November 26, 2026
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান
অপৰাধ

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

November 26, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.