বিহাৰত অনন্ত সিঙৰ কন্যাৰ কেইবাকোটিটকীয়া বিৱাহ অভ্যৰ্থনাৰ খবৰে সংবাদ শিৰোনাম দখল কৰাৰ সময়তে চৰ্চালৈ আহিছে ৰাজ্যখনৰে আন এখন বিয়া। ৰাজ্যখনৰ ছপৰাত সংঘটিত হৈছে এক আচৰিত বিয়াৰ ঘটনা। বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছতো শেষ মুহূৰ্তত ভাঙি গ’ল এখন বিয়া। কাৰণ, দৰাজনে টকা গণনা কৰোঁতে বাৰে বাৰে ভুল কৰিছিল। দৰাৰ এই কাণ্ড দেখি কইনাই দৰাৰ সৈতে শহুৰেকৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰে। অৱশেষত দুয়োটা পৰিয়ালৰ মাজত আলোচনাৰ অন্তত বিয়াখন বাতিল কৰা হয়। কইনাক এৰি দৰাসহ বিয়াৰ শোভাযাত্ৰা উভতি যাবলগীয়া হয়।
জানিব পৰা মতে, বিহাৰৰ চাৰণ জিলাৰ মাধৌৰা থানা এলেকাৰ মুবাৰকপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোৰ দাদনপুৰ গাঁৱৰ বাসিন্দা বীৰেন্দ্ৰ মাঞ্জিৰ পুত্ৰ ৰাহুল কুমাৰৰ সৈতে ২৫ নৱেম্বৰত বিৱাহ সম্পন্ন হৈছিল মুবাৰকপুৰ গাঁৱৰ শিৱৰাট মাঞ্জীৰ কন্যাৰ। পৰিকল্পনা অনুসৰি, নিৰ্ধাৰিত দিনটোত দৰা ৰাহুল কুমাৰে সম্পূৰ্ণ বিয়াৰ শোভাযাত্ৰা লৈ কইনাৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছত দুয়োপক্ষৰ পৰম্পৰা অনুসৰি দ্বাৰপূজা, কন্যা নিৰীক্ষণকে ধৰি বিয়াৰ সকলো ৰীতি-নীতি সম্পন্ন কৰা হয়। অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰাকে ধৰি বিয়াৰ সকলো অনুষ্ঠান সম্পূৰ্ণ হোৱাত দুয়োটা পৰিয়ালৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি হৈছিল।
কিন্তু বিয়াৰ পিছদিনা পুৱাই সংঘটিত হ’ল অঘটন। গাঁৱৰ মহিলাসকলে দৰাক চালামী হিচাপে দিয়া টকা গণনা কৰাৰ পৰম্পৰা আৰম্ভ কৰে। সেই সময়তে দৰাজনক টকা গণিবলৈ দিয়া হয়। অভিযোগ অনুসৰি, দৰাজনে টকা গণনা কৰোঁতে বাৰে বাৰে ভুল কৰে। কেইবাবাৰো চেষ্টা কৰাৰ পিছতো তেওঁ সঠিক পৰিমাণে গণনা কৰিব নোৱাৰিলে।
টকা গণিব নোৱাৰা দৰাক লৈ সন্দেহত কইনা
দৰাৰ এই অৱস্থা দেখি আচৰিত হৈ পৰে কইনাগৰাকী। বিয়াৰ পূৰ্বে দৰাজনক শিক্ষিত আৰু কৰ্মৰত বুলি পৰিয়ালৰ ফালৰ পৰা জনোৱা হৈছিল। কিন্তু সাধাৰণ টকাও সঠিকভাৱে গণনা কৰিব নোৱাৰাত কইনাগৰাকীৰ মনত দৰাজনৰ যোগ্যতাক লৈ সন্দেহৰ সৃষ্টি হয়। কইনাগৰাকীৰ মতে, যিজন ব্যক্তিয়ে সাধাৰণ টকাও গণনা কৰিব নোৱাৰে, তেওঁ ভৱিষ্যতে পৰিয়ালৰ দায়িত্ব কেনেকৈ পালন কৰিব? সংসাৰৰ হিচাপ-নিকাচ আৰু অন্যান্য দায়িত্ব কেনেকৈ চম্ভালিব? এই প্ৰশ্নবোৰে কইনাগৰাকীক চিন্তিত কৰি তোলে। ইয়াৰ পিছতে তেওঁ দৰাৰ সৈতে শহুৰেকৰ ঘৰলৈ যাবলৈ স্পষ্টকৈ অস্বীকাৰ কৰে। পৰিয়ালৰ আন সদস্যসকলেও কইনাৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰি তেওঁৰ পক্ষ লয়।
বিয়া ভঙাক লৈ দুয়োটা পৰিয়ালৰ মাজত বিবাদ
কইনাগৰাকীয়ে শহুৰেকৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছতে দুয়োপক্ষৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। বিয়া বাতিল হোৱাৰ পিছত দৰাৰ পৰিয়ালক দিয়া উপহাৰ আৰু অন্যান্য সামগ্ৰী ঘূৰাই দিয়াক লৈও বিবাদ আৰম্ভ হয়। পৰিস্থিতি অধিক জটিল হৈ পৰাত অৱশেষত আৰক্ষীক খবৰ দিয়া হয়।
আৰক্ষী, পঞ্চায়তৰ হস্তক্ষেপত সমস্যাৰ সমাধান
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত স্থানীয় গাঁওবুঢ়া আৰু পঞ্চায়তৰ সদস্যসকলেও বিষয়টো সমাধানৰ বাবে আগবাঢ়ি আহে। দুয়োপক্ষৰ পৰিয়ালক একেলগে বহুৱাই আলোচনাত মিলিত কৰা হয়। বহু সময় ধৰি আলোচনাৰ অন্তত দুয়োটা পৰিয়ালৰ মাজত আপোচ হয়। সিদ্ধান্ত অনুসৰি, দৰাৰ পক্ষক দিয়া উপহাৰ আৰু অন্যান্য সামগ্ৰী ঘূৰাই দিয়া হয়। অৱশেষত দুয়োপক্ষৰ সন্মতিত বিয়াখন বাতিল কৰা হয়। এনেদৰেই বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছতো কইনাৰ সৈতে নতুন জীৱন আৰম্ভ কৰিব নোৱাৰিলে দৰা ৰাহুল কুমাৰে। কইনা অবিহনে বিয়াৰ শোভাযাত্ৰা লৈ নিজৰ গাঁৱলৈ উভতি যাবলগীয়া হয় দৰাৰ পৰিয়াল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















