মৃ*ত্যু জীৱনৰ এক চিৰন্তন সত্য। কিন্তু নিজৰ মৃ*ত্যুৰ পিছত কেনেদৰে শেষকৃত্য সম্পন্ন হ’ব, সেই বিষয়ে আগতীয়াকৈ পৰিকল্পনা কৰাৰ কথা সাধাৰণতে কোনেও চিন্তা নকৰে। পৰিয়ালৰ কোনো লোকৰ মৃ*ত্যুৰ পিছত শোকাকুল পৰিৱেশৰ মাজতে শেষকৃত্যৰ যাৱতীয় ব্যৱস্থা কৰাটো পৰিয়ালৰ সদস্যসকলৰ বাবে যথেষ্ট কঠিন হৈ পৰে। এনে পৰিস্থিতিত পৰিয়ালৰ লোকসকলৰ যাতে অতিৰিক্ত মানসিক হেঁচাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে এক ব্যতিক্ৰমী সেৱা আগবঢ়াইছে দিল্লীস্থিত এটা ষ্টাৰ্টআপে।
দিল্লীভিত্তিক Moksh Voyage নামৰ ষ্টাৰ্টআপটোৱে হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুসৰি অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিয়াৰ সেৱা আগবঢ়াইছে। এই সেৱাৰ জৰিয়তে এজন ব্যক্তিৰ মৃ*ত্যুৰ পিছত শেষকৃত্য সম্পন্ন কৰিবলৈ প্ৰয়োজন হোৱা প্ৰায় সকলো ব্যৱস্থাই একেটা প্ৰতিষ্ঠানৰ জৰিয়তে লাভ কৰিব পাৰিব। প্ৰতিবেদন অনুসৰি, প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা বিভিন্ন পেকেজৰ মূল্য ৬,০০০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ১.৫ লাখ টকালৈকে নিৰ্ধাৰণ কৰা হৈছে।
কি কি সুবিধা উপলব্ধ হ’ব এই সেৱাত?
Namo Gange Wellness Private Limited-ৰ অধীনত পৰিচালিত Moksh Voyage-এ অন্ত্যেষ্টিক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱাৰ ব্যৱস্থা কৰে। ইয়াৰ ভিতৰত আছে মৃ*তদেহ কঢ়িয়াই নিয়াৰ বাবে লোকৰ ব্যৱস্থা, মৃ*তদেহ কঢ়িওৱা বাহন বা এম্বুলেন্স, ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰিবলৈ পুৰোহিত, ফুল, শেষকৃত্যৰ বাবে প্ৰয়োজনীয় খৰি আৰু পূজা-পাৰ্বণৰ সামগ্ৰী। অৰ্থাৎ পৰিয়ালৰ কোনো লোকৰ মৃ*ত্যুৰ পিছত শেষকৃত্যৰ বাবে পৃথকে পৃথকে বিভিন্ন ঠাইত যোগাযোগ কৰি সামগ্ৰী বা সেৱাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন নহ’ব। প্ৰতিষ্ঠানটোৰ জৰিয়তে একেলগে এই সকলোবোৰ ব্যৱস্থা কৰিব পৰা যাব। পেকেজ অনুসৰি সেৱাৰ ধৰণ আৰু সুবিধাৰ মাজত পাৰ্থক্য থাকিব পাৰে।
নিজৰ শেষকৃত্যৰ বাবেও আগতীয়াকৈ কৰিব পাৰিব বুকিং!
Moksh Voyage-ৰ আটাইতকৈ চৰ্চিত দিশটো হৈছে নিজৰ মৃ*ত্যুৰ পিছত সম্পন্ন হ’বলগীয়া শেষকৃত্যৰ বাবেও আগতীয়াকৈ বুকিং কৰাৰ সুবিধা। অৰ্থাৎ এজন ব্যক্তিয়ে জীৱিত অৱস্থাতে নিজৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা কেনেদৰে কৰা হ’ব, সেই বিষয়ে পৰিকল্পনা কৰি ৰাখিব পাৰিব। কেৱল দাহ-সংস্কাৰৰ ব্যৱস্থাই নহয়, মৃ*ত্যুৰ পিছত অস্থি বিসৰ্জন আৰু শ্ৰাদ্ধৰ দৰে ধৰ্মীয় পৰম্পৰাসমূহ সম্পন্ন কৰাৰ ব্যৱস্থাও এই সেৱাৰ অন্তৰ্ভুক্ত। ইয়াৰ ফলত এজন ব্যক্তিয়ে নিজৰ ধৰ্মীয় বিশ্বাস আৰু ইচ্ছা অনুসৰি মৃ*ত্যুৰ পিছৰ আনুষ্ঠানিকতাসমূহৰ বিষয়ে আগতীয়াকৈ সিদ্ধান্ত লৈ থ’ব পাৰে।
কিয় চৰ্চালৈ আহিছে এই ব্যতিক্ৰমী সেৱা?
এই সেৱাৰ ধাৰণাটোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে। একাংশ লোকে ইয়াক সময়োপযোগী আৰু ব্যৱহাৰিক পদক্ষেপ হিচাপে অভিহিত কৰিছে। তেওঁলোকৰ মতে, পৰিয়ালৰ কোনো লোকৰ মৃ*ত্যুৰ পিছত শোকৰ মাজতে অন্ত্যেষ্টিক্ৰিয়াৰ সকলো ব্যৱস্থা কৰাটো যথেষ্ট কষ্টকৰ। এনে সময়ত আগতীয়াকৈ পৰিকল্পনা কৰি থ’লে পৰিয়ালৰ সদস্যসকলৰ ওপৰত পৰা দায়িত্ব আৰু মানসিক হেঁচা কিছু পৰিমাণে হ্ৰাস পাব পাৰে। আনহাতে, একাংশ লোকে নিজৰ মৃ*ত্যুৰ পিছৰ শেষকৃত্যৰ বাবেও আগতীয়াকৈ বুকিং কৰাৰ ধাৰণাটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে, মৃ*ত্যু আৰু অন্ত্যেষ্টিক্ৰিয়াৰ দৰে সংবেদনশীল বিষয়ক সেৱা বা ব্যৱসায়ৰ ৰূপ দিয়াটো কিমান যুক্তিসংগত, সেই বিষয়ে আলোচনা হোৱাটো প্ৰয়োজন।
কিন্তু এটা কথা স্পষ্ট যে আধুনিক জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজন আৰু সেৱাৰ ধৰণো সলনি হৈছে। জন্মৰ পৰা আৰম্ভ কৰি জীৱনৰ বিভিন্ন পৰ্যায়ৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰাৰ দৰে এতিয়া মৃ*ত্যুৰ পিছৰ ধৰ্মীয় আৰু সামাজিক আনুষ্ঠানিকতাৰ বাবেও পৰিকল্পনা কৰাৰ এক নতুন ধাৰণা চৰ্চালৈ আহিছে। Moksh Voyageৰ এই পদক্ষেপে মৃত্যুৰ পিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থাপনাক এক সংগঠিত সেৱাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। অৱশ্যে এনে সেৱা গ্ৰহণ কৰাৰ পূৰ্বে পেকেজৰ মূল্য, অন্তৰ্ভুক্ত সুবিধা আৰু চৰ্তসমূহ ভালদৰে জানি লোৱাটো প্ৰয়োজন।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















