ৰাজ্যত বন্ধৰ সুযোগ লৈ দুই শিক্ষয়িত্ৰীৰ ওপৰত সংঘটিত হৈছে জঘন্য ঘটনা। বিদ্যালয়লৈ গৈ থকা অৱস্থাতে দুগৰাকী শিক্ষয়িত্ৰীক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ বন্ধ সমৰ্থকৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ নীল বাগান অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাৰ বলি হোৱা শিক্ষয়িত্ৰী দুগৰাকী হৈছে আশী নগৰ ME স্কুলৰ আশালতা দাস আৰু চানী বৰা। জানিব পৰা মতে, বন্ধৰ বাবে যাতায়াতৰ বাহন সহজে উপলব্ধ নোহোৱাত দুয়োগৰাকী শিক্ষয়িত্ৰীয়ে এখন টেম্পুত উঠি বিদ্যালয়লৈ গৈ আছিল। কিন্তু বিদ্যালয়লৈ যোৱাৰ পথতে তেওঁলোকক একাংশ বন্ধ সমৰ্থকে বাধা প্ৰদান কৰে।
অভিযোগ অনুসৰি, বন্ধৰ দিনা টেম্পুত উঠি বিদ্যালয়লৈ কিয় গৈছে বুলি শিক্ষয়িত্ৰী দুগৰাকীক প্ৰশ্ন কৰে অভিযুক্তই। ইয়াকে লৈ প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয় আৰু তাৰ পাছতে দুয়োগৰাকী শিক্ষয়িত্ৰীসহ টেম্পুৰ চালকক উপৰ্যুপৰি প্ৰহাৰ কৰা হয়। আক্ৰমণৰ ফলত শিক্ষয়িত্ৰী দুগৰাকী অপদস্থ আৰু নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে।
এই জঘন্য ঘটনাৰ সৈতে ফকৰুল ইছলাম আৰু এনামূল হক নামৰ দুজন লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ সময়ৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে।
ইতিমধ্যে আৰক্ষীয়ে ফকৰুল ইছলাম আৰু এনামূল হকক আটক কৰি জেৰা চলাইছে বুলি জানিব পৰা গৈছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু আক্ৰমণৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এফালে বন্ধৰ সময়ত বিদ্যালয়লৈ যোৱা শিক্ষয়িত্ৰী দুগৰাকীৰ ওপৰত আক্ৰমণ, আনফালে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’—এই ঘটনাই অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। হোজাইৰ নীল বাগানত বহু লোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ পোৱাৰ লগতে শিক্ষয়িত্ৰী দুগৰাকীৰ সুৰক্ষা আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে।
বিদ্যালয়লৈ কৰ্তব্য পালন কৰিবলৈ যোৱা শিক্ষয়িত্ৰীৰ ওপৰত এনেধৰণৰ আক্ৰমণৰ অভিযোগে সমাজত এক গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বন্ধৰ নামত সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা বা কৰ্তব্যৰত শিক্ষক-শিক্ষয়িত্ৰীক বাধা দিয়াৰ ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















