• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

11 seconds ago
কিশোৰীৰে জ*ঘন্য কাণ্ড কৰি হ*ত্যা! দোষীক চৰম শা*স্তি ফাষ্টট্ৰেক আদালতৰ

কিশোৰীৰে জ*ঘন্য কাণ্ড কৰি হ*ত্যা! দোষীক চৰম শা*স্তি ফাষ্টট্ৰেক আদালতৰ

31 minutes ago
PF সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ, জানক EPFOৰ এই নিয়ম

PF সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ, জানক EPFOৰ এই নিয়ম

51 minutes ago
হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

হোজাইত জঘন্য ঘটনা! দুই শিক্ষয়িত্ৰীক বৰ্বৰ আক্ৰমণ

1 hour ago
এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

2 hours ago
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

19 hours ago
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

19 hours ago
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

19 hours ago
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

20 hours ago
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

20 hours ago
AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

21 hours ago
পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

21 hours ago
১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য

মেকুৰী ঘৰত ৰখাসকল সাৱধান!

editor by editor
November 27, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
মেকুৰী পোহা লোকৰ হ’ব পাৰে মগজুৰ ৰোগ!, গৱেষণাত ভয়ংকৰ তথ্য
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰত পোহনীয়া জন্তু ৰখাটো বহুতৰে বাবে আনন্দ আৰু মানসিক প্ৰশান্তিৰ এক উৎস। বিশেষকৈ কুকুৰৰ দৰে, মেকুৰী পুহিবলৈ ভাল পোৱা লোকৰ সংখ্যাও কম নহয়। কিন্তু শেহতীয়াকৈ মেকুৰীৰ সৈতে জড়িত এবিধ পৰজীৱীক লৈ বিজ্ঞানীসকলৰ মাজত নতুনকৈ চৰ্চা আৰম্ভ হৈছে। এই পৰজীৱীয়ে মানুহৰ শৰীৰত প্ৰৱেশ কৰি মগজু আৰু স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে বুলি বিভিন্ন গৱেষণাত উদ্বেগ প্ৰকাশ কৰা হৈছে। আনকি কিছুমান মানসিক ৰোগৰ সৈতেও এই পৰজীৱীৰ সম্ভাব্য সম্পৰ্ক বিচাৰি পাইছে গৱেষকসকলে।

পৰজীৱীটোৰ নাম হৈছে টক্স’প্লাজমা গণ্ডি (Toxoplasma gondii)। এই পৰজীৱীৰ সংক্ৰমণৰ ফলত হোৱা ৰোগক চিকিৎসা বিজ্ঞানৰ ভাষাত টক্স’প্লাজমোছিছ (Toxoplasmosis) বুলি কোৱা হয়। অৱশ্যে মেকুৰী পুহিলেই মানুহৰ মগজুৰ ৰোগ হ’ব বুলি কোৱাৰ কোনো বৈজ্ঞানিক ভিত্তি এতিয়ালৈকে প্ৰতিষ্ঠা হোৱা নাই। তেন্তে প্ৰকৃততে কি এই পৰজীৱী? কেনেকৈ মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু মগজুৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে?

কি এই টক্স’প্লাজমা গণ্ডি?

টক্স’প্লাজমা গণ্ডি এবিধ অতি ক্ষুদ্ৰ এককোষী পৰজীৱী। ই বিভিন্ন উষ্ণ ৰক্তৰ প্ৰাণীৰ শৰীৰত সংক্ৰমণ ঘটাব পাৰে। কিন্তু এই পৰজীৱীৰ জীৱনচক্ৰ সম্পূৰ্ণ হোৱাৰ বাবে মেকুৰী আৰু মেকুৰীজাতীয় প্ৰাণীৰ বিশেষ ভূমিকা আছে। সংক্ৰমিত মেকুৰীৰ মলৰ জৰিয়তে এই পৰজীৱীৰ কণিকা বাহিৰলৈ ওলাই আহে। তাৰ পাছত মাটি, পানী, শাক-পাচলি বা খাদ্যৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। তদুপৰি ভালদৰে নিসিজোৱা সংক্ৰমিত মাংস খোৱাৰ ফলতো মানুহ এই পৰজীৱীৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে, মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত এই পৰজীৱীয়ে বিভিন্ন কলা আৰু অংগত আশ্ৰয় ল’ব পাৰে। আনকি কিছুমান পৰিস্থিতিত ই মগজু আৰু স্নায়ুতন্ত্ৰতো উপস্থিত থাকিব পাৰে। শৰীৰৰ ভিতৰত ই দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় অৱস্থাতো থাকিব পাৰে।

মগজুৰ ৰোগৰ সৈতে কি সম্পৰ্ক এই পৰজীৱীৰ?

বিগত কেইবছৰমানৰ পৰা টক্স’প্লাজমা গণ্ডি আৰু মানুহৰ মানসিক স্বাস্থ্যৰ মাজত কোনো সম্পৰ্ক আছে নেকি, সেই বিষয়ত বিভিন্ন গৱেষণা চলি আহিছে। কিছুমান গৱেষণাত এই পৰজীৱীৰ সংক্ৰমণৰ সৈতে স্কিজ’ফ্ৰেনিয়া (Schizophrenia), বাইপ’লাৰ ডিছঅৰ্ডাৰ (Bipolar Disorder), ডিমেনচিয়া (Dementia) আদি মানসিক আৰু স্নায়ুজনিত সমস্যাৰ সম্ভাব্য সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে। বিশেষকৈ স্কিজ’ফ্ৰেনিয়া হৈছে এনে এবিধ মানসিক ৰোগ, যাৰ ফলত আক্ৰান্ত ব্যক্তিয়ে বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্য বুজিবলৈ অসুবিধা পাব পাৰে। কিছুমান ক্ষেত্ৰত ৰোগীয়ে অবাস্তৱ কথা শুনা বা দেখা, সন্দেহপ্ৰৱণতা আৰু চিন্তাধাৰাৰ বিসংগতিৰ দৰে সমস্যাৰ সন্মুখীন হয়।

বিজ্ঞানীসকলৰ এটা ধাৰণা হৈছে যে টক্স’প্লাজমা গণ্ডিয়ে মগজুত প্ৰদাহ সৃষ্টি কৰা বা মগজুৰ কিছুমান ৰাসায়নিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱাৰ জৰিয়তে মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অৱশ্যে এই সম্পৰ্কৰ প্ৰকৃত কাৰণ এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই।

ভাৰতৰ গৱেষণাতো পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ তথ্য

এই বিষয়টোক লৈ ভাৰততো এক গুৰুত্বপূৰ্ণ অধ্যয়ন কৰা হৈছে। পূব দিল্লীৰ ইনষ্টিটিউট অব হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্সেছ (IHBAS)ৰ গৱেষকসকলে মানসিক আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত লোকৰ মাজত টক্স’প্লাজমা গণ্ডিৰ সংক্ৰমণৰ পূৰ্বৰ প্ৰমাণ বিচাৰি এক অধ্যয়ন চলাইছিল।

২০২৫ চনৰ মাৰ্চৰ পৰা ছেপ্টেম্বৰলৈ চলোৱা এই অধ্যয়নত মুঠ ৫৬২গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল। ইয়াৰ ভিতৰত ২৮১গৰাকী আছিল বিভিন্ন মানসিক আৰু স্নায়ুজনিত ৰোগত আক্ৰান্ত লোক আৰু বাকী ২৮১গৰাকী আছিল সুস্থ ব্যক্তি। অধ্যয়নটোত ৰোগীসকলৰ তেজত টক্স’প্লাজমা গণ্ডিৰ বিৰুদ্ধে সৃষ্টি হোৱা এণ্টিবডীৰ উপস্থিতি পৰীক্ষা কৰা হৈছিল। গৱেষণাত পোৱা তথ্য অনুসৰি—
– ডিমেনচিয়া: আক্ৰান্ত ৰোগীৰ ৩৫ শতাংশৰ তেজত পৰজীৱীটোৰ বিৰুদ্ধে এণ্টিবডী পোৱা গৈছিল।
– স্কিজ’ফ্ৰেনিয়া: ৩৩.৩৪ শতাংশ ৰোগীৰ দেহত এণ্টিবডীৰ উপস্থিতি ধৰা পৰিছিল।
– বাইপ’লাৰ এফেক্টিভ ডিছঅৰ্ডাৰ: ৩২ শতাংশ ৰোগীৰ দেহত এণ্টিবডী পোৱা গৈছিল।
– পাৰ্কিনছনছ ৰোগ: ৩১.০৩ শতাংশ ৰোগীৰ দেহত এণ্টিবডী ধৰা পৰিছিল।
– নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ সৈতে জড়িত মানসিক আৰু আচৰণগত সমস্যা: ৩০ শতাংশ ৰোগীৰ দেহত এণ্টিবডী পোৱা গৈছিল।
অৱশ্যে এই পৰিসংখ্যাই এইটো প্ৰমাণ নকৰে যে উক্ত ৰোগসমূহৰ কাৰণ টক্স’প্লাজমা গণ্ডি। গৱেষণাটোত ৰোগী আৰু সুস্থ লোকৰ মাজত এণ্টিবডী পোৱাৰ হাৰৰ পাৰ্থক্য পৰিসংখ্যাগতভাৱে তাৎপৰ্যপূৰ্ণ নাছিল। সেয়েহে পৰজীৱীটোৰ সৈতে এই ৰোগসমূহৰ প্ৰত্যক্ষ সম্পৰ্ক এতিয়াও প্ৰমাণিত হোৱা নাই।

এণ্টিবডী পোৱা মানেই শৰীৰত সক্ৰিয় সংক্ৰমণ নেকি?

এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা বুজি পোৱাটো প্ৰয়োজন। কোনো ব্যক্তিৰ তেজত টক্স’প্লাজমা গণ্ডিৰ বিৰুদ্ধে এণ্টিবডী পোৱা গ’লেই তেওঁৰ শৰীৰত বৰ্তমান সক্ৰিয় সংক্ৰমণ চলি আছে বুলি ক’ব নোৱাৰি। অধ্যয়নটোত IgG নামৰ এণ্টিবডী পৰীক্ষা কৰা হৈছিল। সাধাৰণতে এই এণ্টিবডীয়ে ব্যক্তিজনৰ পূৰ্বতে পৰজীৱীটোৰ সংস্পৰ্শলৈ অহা বা সংক্ৰমণ হোৱা কথাৰ ইংগিত দিব পাৰে। অৰ্থাৎ, এণ্টিবডীৰ উপস্থিতিয়ে কেৱল পূৰ্বৰ সংক্ৰমণৰ সম্ভাৱনাৰ কথা সূচাব পাৰে। ইয়াৰ পৰা কোনো ব্যক্তিৰ মানসিক ৰোগৰ কাৰণ এই পৰজীৱী বুলি নিশ্চিত কৰিব নোৱাৰি।

মেকুৰীৰ পৰা কেনেকৈ মানুহৰ শৰীৰলৈ বিয়পে এই পৰজীৱী?

টক্স’প্লাজমা গণ্ডি সংক্ৰমণৰ কেইবাটাও পথ আছে। বিশেষকৈ সংক্ৰমিত মেকুৰীৰ মলৰ সংস্পৰ্শলৈ অহা বস্তুৰ জৰিয়তে মানুহৰ শৰীৰত এই পৰজীৱী প্ৰৱেশ কৰিব পাৰে। সংক্ৰমণৰ সম্ভাব্য উৎসসমূহ হ’ল—
1. সংক্ৰমিত মেকুৰীৰ মলৰ দ্বাৰা দূষিত মাটি বা পানীৰ সংস্পৰ্শলৈ অহা।
2. মেকুৰীৰ মল পৰিষ্কাৰ কৰাৰ পাছত ভালদৰে হাত নোধোৱাকৈ খাদ্য গ্ৰহণ কৰা।
3. দূষিত পানী বা ভালদৰে নোধোৱা ফল-মূল আৰু শাক-পাচলি খোৱা।
4. ভালদৰে নিসিজোৱা বা আধা সিজোৱা সংক্ৰমিত মাংস খোৱা।
5. সংক্ৰমিত মাটি বা পৰিৱেশৰ সংস্পৰ্শলৈ অহাৰ পাছত হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া।
অৱশ্যে কেৱল মেকুৰীক স্পৰ্শ কৰা, কোলাত লোৱা বা আদৰ কৰিলেই এই পৰজীৱীৰ সংক্ৰমণ হ’ব বুলি ক’ব নোৱাৰি। মূল বিপদ হৈছে সংক্ৰমিত মলৰ দ্বাৰা দূষিত বস্তু, খাদ্য বা পানীৰ সংস্পৰ্শ।

কেনেকৈ এই সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিব?

বিশেষজ্ঞসকলৰ মতে, কিছুমান সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলিলেই টক্স’প্লাজমা গণ্ডি সংক্ৰমণৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।
– মেকুৰীৰ মল পৰিষ্কাৰ কৰাৰ সময়ত হাতত গ্ল’ভছ ব্যৱহাৰ কৰিব।
– মল পৰিষ্কাৰ কৰাৰ পাছত চাবোনেৰে ভালদৰে হাত ধুব।
– ফল-মূল আৰু শাক-পাচলি খোৱাৰ আগতে পৰিষ্কাৰ পানীৰে ভালদৰে ধুব।
– মাংস সম্পূৰ্ণৰূপে সিজাইহে খাব।
– পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব আৰু খাদ্য ঢাকি ৰাখিব।
– বাগিচা বা মাটিৰ কাম কৰাৰ সময়ত হাতত গ্ল’ভছ পিন্ধিব।
বিশেষকৈ গৰ্ভৱতী মহিলা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকসকলে এই ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰা উচিত। কাৰণ গৰ্ভাৱস্থাত নতুনকৈ হোৱা সংক্ৰমণ ভ্ৰূণৰ বাবেও বিপদজনক হ’ব পাৰে। আনহাতে, ৰোগ প্ৰতিৰোধ ক্ষমতা অত্যন্ত দুৰ্বল হোৱা লোকৰ ক্ষেত্ৰত পুৰণি নিষ্ক্ৰিয় সংক্ৰমণ পুনৰ সক্ৰিয় হৈ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

মেকুৰী পোহাটো বিপদজ্জনক নেকি?

এই গৱেষণাৰ তথ্যৰ ভিত্তিত মেকুৰী পোহাটো বিপজ্জনক বুলি সিদ্ধান্ত লোৱাৰ কোনো কাৰণ নাই। টক্স’প্লাজমা গণ্ডি আৰু কিছুমান মানসিক ৰোগৰ মাজত সম্ভাব্য সম্পৰ্কৰ কথা গৱেষণাত পোহৰলৈ আহিছে যদিও ইয়াৰ প্ৰত্যক্ষ কাৰণ-ফলাফলৰ সম্পৰ্ক এতিয়াও প্ৰতিষ্ঠা হোৱা নাই। সেয়েহে মেকুৰী পোহা লোকসকলে আতংকিত হোৱাৰ পৰিৱৰ্তে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অধিক সচেতন হোৱাটোহে প্ৰয়োজন। মনত ৰখা উচিত যে মেকুৰী পুহিলেই কোনো ব্যক্তি মানসিক ৰোগত আক্ৰান্ত হ’ব বুলি ক’ব নোৱাৰি।

টক্স’প্লাজমা গণ্ডি নামৰ এই ক্ষুদ্ৰ পৰজীৱীটোক লৈ বিজ্ঞানীসকলৰ গৱেষণা অব্যাহত আছে। মগজু আৰু মানসিক স্বাস্থ্যৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে অধিক স্পষ্ট তথ্য লাভ কৰিবলৈ ভৱিষ্যতে আৰু অধিক অধ্যয়নৰ প্ৰয়োজন। সেয়েহে গুজৱ বা আতংকত ভোগাৰ পৰিৱৰ্তে বৈজ্ঞানিক তথ্যৰ ওপৰত ভিত্তি কৰি সাৱধানতা অৱলম্বন কৰাটোৱেই হ’ব বুদ্ধিমানৰ কাম।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা
জীৱনশৈলী

এই ৩ ৰাশিৰ উজলিব ভাগ্য, পূৰ্ণ হ’ব পাৰে পুৰণি মনোকামনা

November 27, 2026
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ
ভাৰত

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

November 26, 2026
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

November 26, 2026
১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!
বিবিধ

১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

November 26, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.