অসম সৌন্দৰ্যৰ ৰম্যভূমি। ইয়াৰ সেউজীয়া পথাৰ, বিনন্দীয়া নৈ-নিজৰা, পাহাৰ-পৰ্বত, চাহ বাগিচা, জলপ্রপাত, তীর্থস্থান, নদীদ্বীপ মাজুলী, সেউজ বনাঞ্চল, স্থাপত্য-ভাস্কর্য-কীর্তিচিহ্ন তথা প্রতিটো নৃগোষ্ঠীয় সাংস্কৃতিক সমলৰ বাবে অসমক আজিও সৌন্দৰ্যৰ যাদুঘৰ বোলে।
প্ৰচুৰ সম্ভাৱনীয়তাৰে ভৰপূৰ ভালুকজুৰি জলপ্রপাত
কাজিৰঙাত পৰ্যটকৰ বাবে নৱতম আকর্ষণ হৈছে ভালুকজুৰি জলপ্রপাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দাঁতিকাষৰীয়া কাৰ্বি পাহাৰৰ নামনিৰ ভালুকজুৰিত আছে এই সুন্দৰ জলপ্রপাত। এই জলপ্রপাতক পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ ব্যৱস্থা কৰিলে অঞ্চলটোৰ যথেষ্ট উপকাৰ হ’ব। গুৱাহাটীৰ পৰা প্রায় দুশ কিলোমিটাৰ দূৰৈত অৱস্থিত ভালুকজুৰিক কেন্দ্ৰ কৰি পৰ্যটনৰ বিকাশৰ কোনো চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হোৱা নাই।
৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণপাৰে (বাগৰি তেল ডিপোৰ বিপৰীতে) মাত্র এক কিলোমিটাৰমান গ’লেই পোৱা যায় ভালুকজুৰি জলপ্রপাত। জনামতে, ষাঠিৰ দশকতে এই জলপ্রপাতটোৰ গুৰুত্ব প্রথমে উল্লেখ কৰিছিল শিল্পপ্রাণ চন্দ্র ফুকনে। তেওঁ এই সাধাৰণ যেন লগা জলপ্রপাতটোৰ উচ্চাংশত নিৰ্মাণকাৰ্য কৰি এক ক্ষুদ্র জলবিদ্যুৎ প্রকল্প গঢ়ি তুলিছিল বুলিও জনা যায়। উৎপাদিত বিদ্যুৎ তেওঁৰ কুঠৰীৰ গ্রীন ভিউ প্রডাক্টৰ কাৰখানা চলোৱাৰ উপৰি ষ্ট্ৰীট লাইটৰ জৰিয়তে কুঠৰীৰ বাট-পথসমূহো পোহৰাইছিল।
অৰুণাচলৰ চিৰকি জলপ্ৰপাতে হাতবাউলি মাতিছে

গৰমৰ দিনত প্ৰতিবছৰে অৰুণাচলৰ চিৰকি জলপ্ৰপাতে সকলো পৰ্যটককে হাতবাউলি মাতে। পাছিঘাটৰ নিকটৱৰ্তী এই জলপ্ৰপাতটো চাবলৈ অসম আৰু অৰুণাচলৰ বিভিন্ন স্থানৰ পৰা পৰ্যটকে আহি দেহ শীতল কৰেহি। জোনাইৰ পৰা একা-বেঁকা পথেৰে কেইকিলোমিটাৰমান গ’লেই পাহাৰৰ বুকু ভেদি তলত পৰেহি এই জলস্রোতৰ ধাৰা। পাছে অৰুণাচল চৰকাৰে চিৰকি জলপ্রপাতৰ চৌদিশৰ যাতায়াতৰ বিকাশ আৰু যাত্ৰীৰ বাবে হোটেল আৰু দোকানৰ ব্যৱস্থা কৰিলে নিশ্চয় তালৈ পর্যটক যাব আৰু এনেদৰেই ৰাজ্যখনৰ ৰাজহ বাঢ়িব।
কাৰ্বি পাহাৰৰ কাংথিলাংছ’, কৰকাণ্ঠিছ’, কাইফ ‘লাংছ, লাংহেৰাং জলপ্রপাতকেন্দ্রিক পৰ্যটনৰ সীমাহীন সম্ভাৱনীয়তা আছে।
পৰ্যটনৰ দিশৰ পৰা কাৰ্বি আংলং জিলাক ‘অসমৰ হৃৎপিণ্ড’ বুলি অভিহিত কৰিব পাৰি। প্রাকৃতিক আৱেশৰ মাজত সিঁচৰতি হৈ থকা নৈ-নিজৰা, জলপ্রপাত, বনাঞ্চল, স্থাপত্য-ভাস্কর্য-কীর্তিচিহ্ন, নৃগোষ্ঠী আৰু নৃগোষ্ঠীয় সাংস্কৃতিক সমলৰ বাবে কাৰ্বি আংলং জিলা অন্যতম পর্যটন জিলা হোৱাৰ যোগ্য বুলি বিবেচিত হৈছে যদিও আজিও এই বিষয়ত উন্নতি দেখা নাই। সুন্দৰ ইক’-টুৰিজম স্পট হোৱাৰ যোগ্য জিলাখন আজিও পদে পদে অৱহেলিত হৈ আহিছে। আজি আমি এই লেখাত জিলাখনৰ কেইটামান দৃষ্টিনন্দন জলপ্রপাতৰ বিষয়ে আলোচনা কৰিম। আচলতে এই জলপ্রপাতসমূহক কেন্দ্ৰ কৰি জলবিদ্যুৎ প্রকল্পৰ কথা চিন্তা কৰাৰো অৱকাশ আছে।

৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডেনগাঁৱৰ পৰা উত্তৰ-পশ্চিম দিশে প্রায় ১৫ কিলোমিটাৰ দূৰৈত তিনিখলপীয়া স্ফটিক-স্বচ্ছ জলধাৰাৰে কাংথিলাংছ’ জলপ্রপাত অৱস্থিত। উচ্চতা প্রায় ১৫০ ফুট। নৈসর্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত পিকনিক স্পট এটাও আছে। কার্বি আংলং জিলাৰেই লংতাং পাহাৰৰ দুৰ্গমতাত অৱস্থিত কৰকাণ্ঠিছ’ জলপ্রপাতটো বনভোজথলীতে সীমাবদ্ধ নাৰাখি জিলাখনৰ বহনক্ষম পর্যটনৰ অন্যতম কেন্দ্ৰৰূপে উন্নয়নৰ দিশে কৰকাণ্ঠিছ’ক আগুৱাই নিলে অঞ্চলটোৰ ভালেখিনি বিকাশ হোৱাৰ স্থল আছে। এইখন জিলাৰেই আন এটা জলপ্রপাত হ’ল কয়লালাংছ’ জলপ্রপাত। কার্বি আংলঙৰ প্ৰথম কয়লা খনি কয়লাজানৰ পাহাৰৰ এই জলপ্রপাতটোক কেন্দ্র কৰিও পর্যটন গঢ়িব পাৰি। আনহাতে ডিলাইৰ পৰা প্রায় ৭ কিলোমিটাৰ আঁতৰত অৱস্থিত কয়লাজানত (কার্বি ভাষাত হক্কাইলাংছ’) প্রায় ৩০ ফুট উচ্চতাৰ কয়লালাংছ’ জলপ্রপাত আছে। জলপ্রপাতটোৰ শিলাময় বুকুখনৰ লগতে কাষৰীয়া এলেকাটোৰ বৰণ ক’লা। আনহাতে এইখন জিলাৰেই ডলামৰাৰ সমীপত কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ সীমাত পাহাৰীয়া বনাঞ্চলৰ মাজত অপূর্ব সৌন্দর্যময় কাইফ’লাংছ’ জলপ্রপাত। বোকাখাত চহৰৰ পৰা কাইফ’লাংছ’লৈ প্রায় ১২ কিলোমিটাৰ।
আনহাতে ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডকমকাৰ পৰা উত্তৰ দিশে ১৬ কিলোমিটাৰমান সোমাই গ’লে পোৱা যায় ডিক্রুতপী (বৰডিখাৰু) জলপ্রপাত। প্রায় ২৫০ ফুট উচ্চতাৰ পৰা তললৈ ছিটিকি অহা ডিক্রুতপী জলপ্রপাতৰ পানীৰ কণিকা আৰু শীতল বতাহে পৰ্যটকৰ মন-প্রাণ জুৰ পেলায়। সেয়েহে প্রতি বছৰে ইয়ালৈ বনভোজপ্রেমীসকলৰ সমাগম হয়। জিলাখনৰ আন এটা জলপ্রপাত হ’ল কৰকাণ্ঠিছ’। ছামেলাংছ’ বজাৰৰ পৰা প্রায় ৪ কিলোমিটাৰ আঁতৰৰ লংতাং পাহাৰত বাবুল ইংতি গাঁৱৰ সমীপত কৰকাণ্ঠিছ’ জলপ্রপাতৰ অৱস্থান। তিনিখলপীয়া জলপ্রপাতৰ প্ৰথমটো খলপৰ উচ্চতা প্রায় ৭০ ফুট। নামনিত নৈখনৰ পাৰত পৰ্যটন বিভাগে বনভোজৰ থলীও এটি সাজি দিছে। তদুপৰি ডিফুৰ পৰা প্রায় ৭০ কিলোমিটাৰ দূৰৈত থকা তাৰাবাছাৰ পৰা দুই কিলোমিটাৰমান সোমাই গ’লে লাংহেৰাং জুৰিত এটা সুন্দৰ জলপ্রপাত আৰু বনভোজস্থলী এখন অৱস্থিত। ইয়াৰ নাম লাংহেৰাং জলপ্রপাত। শৈলাৰোহণকাৰীৰ বাবেও এইখন আকর্ষণীয় ঠাই। প্রতিবছৰে শীতৰ দিনত বনভোজপ্রেমীৰে উখল-মাখল হৈ থাকে এই জলপ্রপাতৰ পাদদেশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ