আজিকালি ৯-১০ ঘণ্টা কম্পিউটাৰৰ সন্মুখত বহিয়েই দিন কটায় বহুসংখ্যক লোকে। দিনটোৰ ১৪-১৫ ঘণ্টাৰ ভিতৰত ১০ ঘণ্টা একে অৱস্থাত আৰু এখন আসনত বহিয়ে কটায়। খাদ্য গ্ৰহণৰ পিছতেই আকৌ লগে লগেই বহি কাম কৰিবলৈ আৰম্ভ কৰে। এই অভ্যাস কিমান বিপদজনক হ’ব পাৰে জানেনে?
খাদ্য গ্ৰহণৰ পাছত বহি থকাটো সৰু অভ্যাস যেন লাগিলেও ইয়াৰ ফলত শৰীৰৰ বহু অপকাৰ হয়৷ ই শৰীৰৰ কাম-কাজত ডাঙৰ বাধাৰ সৃষ্টি কৰিব পাৰে। পাচনতন্ত্ৰৰ অসুস্থতা বাঢ়িব পাৰে৷ খাদ্যৰ পাচন প্ৰক্ৰিয়া বাধাগ্ৰস্থ হ’বলৈ আৰম্ভ হয়৷
খাদ্য গ্ৰহণৰ পাছত বহি থকাটো কিয় স্বাস্থ্যসন্মত নহয়?
আমি যেতিয়া খাদ্য গ্ৰহণ কৰো তেতিয়া পেট আৰু অন্ত্ৰলৈ তেজৰ সোঁত দ্ৰুতগতিত বৃদ্ধি পায়, আৰু এই প্ৰক্ৰিয়াই পাচন প্ৰক্ৰিয়াটোৱে কাৰ্যক্ষম কৰি ৰাখে৷ কিন্তু খাদ্য খোৱাৰ লগে লগে বহিলে এই প্ৰক্ৰিয়া লেহেমীয়া হয়। খাদ্য গ্ৰহণৰ পাছত লগে লগে শুই পৰিলে গেষ্ট্ৰিকৰ সমস্যা হ’ব পাৰে৷ খাদ্য হজম কৰিবলৈকো পাচনতন্ত্ৰই দুগুণ কষ্ট কৰিবলগীয়া হয়৷ এই অৱস্থাত খাদ্য হজম হোৱাৰ পৰিবৰ্তে খাদ্য পচিবলৈ ধৰে যাৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি পায়৷
মেদবহুলতা আৰু পেট ওলোৱা
খাদ্য খোৱাৰ পাছত বহি থাকে কেলৰি বাৰ্ণ ৰোধ হয় আৰু আপোনাৰ বিপাকীয় প্ৰক্ৰিয়া লেহেমীয়া হয়৷ ইয়াৰ ফলত আপোনাৰ পেটৰ চাৰিওফালে চৰ্বি জমা হয়৷
এচিডিটি আৰু হাৰ্টবাৰ্ণ
খাদ্য খোৱাৰ লগে লগে বহিলে পেটৰ এছিড পুনৰ খাদ্যনলীৰ ওপৰলৈ যাব পাৰে ফলত হাৰ্টবাৰ্ণ বৃদ্ধি পায়৷
গেছ আৰু কোষ্ঠকাঠিন্য
এই অভ্যাসে খাদ্য হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে৷ খাদ্য খোৱাৰ লগে লগে বহিলে অন্ত্ৰৰ কাম-কাজ লেহেমীয়া হয় ফলত হজম শক্তি লেহেমীয়া হয় আৰু কোষ্ঠকাঠিন্য বৃদ্ধি পায়৷
হাইব্লাড ছুগাৰ
খাদ্য খোৱাৰ লগে লগে বহুলে শৰীৰত গ্লুক’জ সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, যাৰ ফলত তেজৰ চেনীৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়৷ ফলত ডায়বেটিছ ৰোগ হ’ব পাৰে৷
হৃদযন্ত্ৰৰ বিপদ
পাচন আৰু পেটৰ সমগ্ৰ কাৰ্যই শৰীৰত প্ৰভাৱ পেলায়৷ এই অভ্যাসে হৃদযন্ত্ৰৰ ক্ষতিও কৰিব পাৰে৷ হজম বেয়া হ’লে কলষ্টেৰল আৰু ট্ৰাইগ্লিছাৰাইড বৃদ্ধি পাব পাৰে যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰতো চাপ পৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















