সুস্থতাৰ বাবে হাড়ত জোৰ থকা খুবেই গুৰুত্বপূৰ্ণ৷ ভুল খাদ্যভাষ, কেলছিয়াম আৰু ভিটামিন ডিৰ ঘাটি, শৰীৰচৰ্চাৰ অভাৱসহ একাধিক কাৰণত অলপ বয়সতেই হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ সৈতে আৰম্ভ হয় জয়েণ্টৰ বিষ আৰু শৰীৰৰ দুৰ্বলতাৰ দৰে একাধিক সমস্যা৷ হাড় মজবুত ৰাখিবলৈ নিয়মিত কেইটামান অভ্যাস সলনি কৰাটো জৰুৰী৷ কি কি অভ্যাস এৰিব?
১. দীৰ্ঘক্ষণ বহি থকাঃ দীৰ্ঘক্ষণ ধৰি বহি থকা আৰু নিষ্ক্ৰিয়তাই দ্ৰুততৰভাৱে হাড়ৰ ঘনত্ব কমাই দিয়ে৷ বিশেষকৈ মেৰুদণ্ড আৰু নিতম্বৰ দৰে ওজন বহনকাৰী হাড়সমূহত জোৰ কমি যায়৷ আনকি অল্পবয়সীয়াসকলৰ মাজতো হাড়ৰ দুৰ্বলতাই দেখা দিয়ে৷
২. দীৰ্ঘদিনৰ ধূমপান আৰু ধপাতৰ ব্যৱহাৰঃ ধূমপানে হাড়ৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ ই হাড়ৰ ৰক্ত প্ৰবাহ কমাই দিয়ে, কেলছিয়াম আৰু ভিটামিন ডি শোষণক ব্যাহত কৰে৷ ইয়াৰ সৈতে মহিলাসকলৰ মাজত ইষ্ট্ৰোজেন হৰমনৰ ভাৰসাম্য কমে আৰু অষ্টিওব্লাষ্ট নামক হাড় গঠনকাৰী কোষসমূহক ক্ষতিগ্ৰস্থ কৰে৷ অলপ ধূমপানেও হাড়ৰ ক্ষয় ক্ষতি বঢ়াই দিব পাৰে৷
৩. অতিৰিক্ত কফি পানঃ যদিও পৰিমিত কফি পান স্বাস্থ্যৰ বাবে উপকাৰী হয়, কিন্তু প্ৰতিদিনে ৩০০-৪০০ মিলিগ্ৰামতকৈ বেছি কেফেইনত অৰ্থাৎ প্ৰায় ৩-৪ কাপ কফি খালে শৰীৰৰ কেলছিয়াম শোষণত বাধা আহে আৰু প্ৰস্ৰাৱৰ মাধ্যমেৰে কেলছিয়ামৰ নিঃসৰণ বাঢ়ি যাব পাৰে৷ যিয়ে হাড়ৰ গঠন আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷
৪. নিয়মিত ছডা খোৱাঃ ছডাত ফছফৰিক এছিড নামৰ এটা ৰাসায়নিক যৌগ থাকে৷ এই যৌগটোত শৰীৰৰ সুক্ষ্ম কেলছিয়াম-ফছফৰাছে ভাৰসাম্যক ব্যাহত কৰে, যাৰ ফলত হাড়ৰ পৰা কেলছিয়ামৰ ক্ষয় বৃদ্ধি পায়৷ ছডাত থকা ফছফৰিক এছিডে পাচনতন্ত্ৰত কেলছিয়ামৰ সৈতে আৱদ্ধ হয় আৰু শোষণক বাধা দিয়ে৷
৫. টোপনিৰ অভাৱঃ পৰ্যাপ্ত টোপনি নহ’লে হাড়ৰ পুনৰ্গঠনৰ বাবে প্ৰয়োজনীয় হৰমনৰ ভাৰসাম্য ব্যাহত ঘটে৷ গভীৰ টোপনিয়ে হাড়ৰ গঠন আৰু মেৰামতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ নিয়মিত ৬-৭ ঘণ্টাতকৈ কম টোপনি হলে হাড়ৰ ঘনত্ব কমি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ