দুৰ্গা পূজাৰ অন্তিম দিন বিজয়া দশমী। এই দিনটোত দেৱী দুৰ্গাক বিদায় জনোৱাৰ লগতে বহু ঠাইত পালন কৰা হয় এক বিশেষ ধৰ্মীয় পৰম্পৰা— অপৰাজিতা পূজা। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, অপৰাজিতা হৈছে দেৱী দুৰ্গাৰ এক বিজয়দায়িনী ৰূপ। ‘অপৰাজিতা’ শব্দৰ অৰ্থ হৈছে যিগৰাকীক পৰাজিত কৰিব নোৱাৰি। এই পূজাৰ সৈতে জড়িত হৈ আছে বিজয়, সাহস, শক্তি আৰু জীৱনৰ বাধা-বিপত্তি অতিক্ৰম কৰাৰ বিশ্বাস।
দুর্গা পূজাৰ শেষ দিনটোত অপৰাজিতা পূজা প্রকৃতার্থতেই এক উল্লেখযোগ্য ধর্মীয় অনুষ্ঠান, যাক ঠায়ে ঠায়ে দশমী, বিজয়া দশমী বা দশেৰা বুলি জনা যায়। দেৱীৰ অপৰাজে শক্তিক মহিমামণ্ডিত কৰা, অশুভ শক্তিৰ বিপৰীতে শুভবোধৰ জয়লাভ কৰাৰ বাবে কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে দেৱী দুৰ্গাক বিদায় দিয়াৰ আগেয়ে বিজয়া দশমীৰ অপৰাহ্ন সময়ত এই পূজা কৰা হয় । প্ৰায়ে ঘৰৰ উত্তৰ-পূব দিশত বা মন্দিৰত কৰা এই অপৰাজিতা পূজাৰ বাবে পূজা কৰা ঠাইখিনি ভালদৰে পৰিষ্কাৰ কৰি, চন্দনৰ প্ৰলেপ আৰু নীলা অপৰাজিতা ফুল ব্যৱহাৰ কৰি অষ্টদল চক্র (আঠ পাহিযুক্ত পদুম) অংকন কৰা হয়। বিশেষকৈ নীলা ফুল আৰু অন্যান্য শুভ সামগ্ৰী দেৱীক আগবঢ়োৱা হয়। দেৱীৰ আশীৰ্বাদ প্রাপ্তিৰ বাবে অপৰাজিতা স্তোত্র পাঠ কৰা হয় । কেতিয়াবা যজ্ঞ অনুষ্ঠিত কৰিও অপৰাজিতাৰ আৰাধনা কৰা হয়। প্রচলিত জনবিশ্বাস মতে ভগৱান ৰামে ৰাৱণৰ সৈতে যুদ্ধৰ পূৰ্বেও হেনো অপৰাজিতা দেৱীক পূজা কৰিছিল।
অপৰাজিতা পূজা কিয় কৰা হয়?
পৰম্পৰাগতভাৱে বিজয়া দশমীৰ দিনা অপৰাজিতা পূজা কৰা হয় সফলতা, মংগল আৰু বিজয়ৰ আশীৰ্বাদ কামনা কৰি। ভক্তসকলৰ বিশ্বাস যে দেৱী অপৰাজিতাৰ আৰাধনাই মনত সাহস আৰু আত্মবিশ্বাসৰ সঞ্চাৰ কৰে আৰু নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত শুভকামনাৰ প্ৰতীক হিচাপে বিবেচিত হয়।
দুৰ্গা পূজাৰ সময়ত দেৱী দুৰ্গাই মহিষাসুৰক বধ কৰি অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় প্ৰতিষ্ঠা কৰিছিল বুলি পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে। সেই বিজয়ৰ স্মৃতি বহন কৰা বিজয়া দশমীত অপৰাজিতা পূজাৰ বিশেষ তাৎপৰ্য আছে। এই পূজাই মানুহক অন্যায় আৰু অশুভৰ বিৰুদ্ধে থিয় দিয়াৰ লগতে সত্য আৰু ন্যায়ৰ পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগায়।
বিজয়া দশমীত অপৰাজিতা পূজা কিয় কৰা হয়? জানক ইয়াৰ পৌৰাণিক কাহিনী আৰু ধৰ্মীয় তাৎপৰ্য
অপৰাজিতা পূজাৰ আঁৰৰ পৌৰাণিক বিশ্বাস
হিন্দু ধৰ্মীয় পৰম্পৰাত দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ ভিতৰত অপৰাজিতা ৰূপক বিশেষ শক্তিশালী আৰু বিজয়ৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। কিছুমান পৰম্পৰাত বিজয়া দশমীৰ দিনা দেৱী অপৰাজিতাৰ পূজা কৰি কোনো নতুন যাত্ৰা বা কাম আৰম্ভ কৰাৰ আগতে তেওঁৰ আশীৰ্বাদ বিচৰা হয়।
আন এক জনপ্ৰিয় ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শ্ৰীৰামে ৰাৱণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ আগতে দেৱী অপৰাজিতাৰ আশীৰ্বাদ গ্ৰহণ কৰিছিল। এই কাহিনীয়ে বিজয়ৰ বাবে সাহস, দৃঢ় সংকল্প আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসৰ গুৰুত্ব প্ৰকাশ কৰে। বিজয়া দশমীত অপৰাজিতা পূজা কৰাটো বহু ভক্তৰ বাবে কেৱল এটা পৰম্পৰা নহয়, বৰং জীৱনত সফলতা, মংগল আৰু অশুভৰ ওপৰত শুভৰ বিজয় কামনা কৰাৰ এক আধ্যাত্মিক উপলক্ষ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















