সোমবাৰে নিশা চেন্নাইত চৰম পন্থা বাছি লয় ২৭ বছৰীয়া ফাইনেন্স ইউটিউবাৰ তথা জনপ্ৰিয় চেনেল ‘ফাইনেন্স উইথ হৰিশ’ৰ পৰিচালক ভি হৰিশে। হৰিশৰ মৃত্যুৰ পূৰ্বে ৰেকৰ্ড কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ বিত্তীয় উপদেষ্টা হিচাপে অৰ্হতাক লৈ হোৱা বিবাদক লৈ মানসিক হাৰাশাস্তি, পৰিয়ালক ভাবুকি আৰু আৰ্থিক দাবীৰ অভিযোগ উত্থাপন কৰিছে।
ছ’চিয়েল মিডিয়াত হৰিশৰ ১৩ লাখৰো অধিক ফ’ল’ৱাৰ আছিল। তেওঁ ব্যক্তিগত বিত্ত আৰু বিনিয়োগৰ ওপৰত কন্টেন্ট প্ৰস্তুত কৰিছিল। জানিব পৰা মতে, তেওঁৰ পেছাদাৰী অৰ্হতাৰ সন্দৰ্ভত অভিযোগৰ পিছত ছেপ্টেম্বৰ মাহত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষ্ক্ৰিয় কৰা হৈছিল আৰু তাৰ পিছত তেওঁ নতুন হেণ্ডেলৰ অধীনত ভিডিঅ’ পোষ্ট কৰিবলৈ আৰম্ভ কৰিছিল।
হৰিশৰ পিতৃ জে বিনায়াগমে চাইবাৰ গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰি তদন্তৰ দাবী জনাইছে। এই পৰ্যন্ত কোনো ছুইচাইড নোট পোৱা নাই আৰু আৰক্ষীয়ে ইয়াক অস্বাভাৱিক মৃত্যুৰ গোচৰ হিচাপে ৰুজু কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















