পূজাৰ মণ্ডপত দৰ্শনাৰ্থীৰ ভিৰ। সকলোৱে নতুন কাপোৰ পিন্ধি মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ আহিছে। ঠিক তেতিয়াই অনাকাংশিত অতিথিজনে মণ্ডপৰ ভিতৰত প্ৰৱেশ কৰিলে। সন্মুখত বিশাল ম’হ দেখি সকলোৰে চকু ডাঙৰ হৈ পৰিল, ইয়াৰ পিছতে আৰম্ভ হ’ল মাৰাথন দৌৰ। সকলোৱে য’ত যেনেকৈ পাৰে দৌৰিছে। একাংশৰ ভৰিৰ পৰা জোতা খুলি পৰে, আন কোনোৱে বেৰিকেডৰ ওপৰেৰে জপিয়াই পোনে পোনে বাহিৰলৈ দৌৰি যায়। মণ্ডপৰ ভিতৰতে প্ৰাণ বচাবলৈ হুলস্থুল।
এই ঘটনাটো কলকাতাৰ বালুৰঘাট দুৰ্গা পূজা মণ্ডপৰ। মানুহৰ এই কাৰ্য দেখি ম’হটো যথেষ্ট আচৰিত হৈছিল। তেওঁ চাগে কেৱল পূজা মণ্ডপত ভগৱানৰ অলপ দৰ্শন কৰি পুণ্য সঞ্চয় কৰিব বিচাৰিছিল। কিন্তু তেওঁ বুজিব পৰা নাছিল যে তেওঁক দেখি মানুহে নিজৰ জীৱনৰ প্ৰতি ইমান ভয়ত কিয় দৌৰি ফুৰিছে। পৰিস্থিতি অধিক বেয়া হোৱা দেখি আৰক্ষীক খবৰ দিয়া হ’ল।
এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। কিন্তু অতি সোনকালেই স্পষ্ট হৈ পৰিল যে পৰিস্থিতি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত। বহু কষ্টৰ অন্তত অৱশেষত ম’হটো মণ্ডপৰ পৰা ওলাই আহিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















