ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ-বেটছমেন সঞ্জু চেমছন দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ যথেষ্ঠ অনুৰাগী। এইটো পিছে কোনো নতুন কথা নহয়। কিন্তু এইবাৰ সঞ্জুৱে থালাইভাৰ প্ৰতি থকা প্ৰেমক সকলোৰে আগত মুকলিকৈ প্ৰকাশ কৰিছে। ৰজনীকান্তৰ নতুন ছবি জেইলাৰ ২ চাবলৈ সঞ্জু চেমছনে পত্নী, বন্ধু-বান্ধৱী আৰু টিম ইণ্ডিয়াৰ সহায়ক কৰ্মচাৰীৰ বাবে এটা সম্পূৰ্ণ চিনেমা থিয়েটাৰ বুকিং কৰিছিল। এই ইংগিতে দেখুৱাইছে যে তেওঁ কিমান ডাঙৰ অনুৰাগী।
সঞ্জু চেমচনে কেতিয়াও ৰজনীকান্তৰ ছবিৰ প্ৰথম দিন, প্ৰথম শ্ব’টো মিছ নকৰে, কিন্তু এইবাৰ দিল্লীৰ এটা অনুষ্ঠানৰ বাবে মুক্তিৰ প্ৰথম দিনাই ছবিখন চাব নোৱাৰিলে। পলমৰ ক্ষতিপূৰণ দিবলৈ সঞ্জুৱে তেওঁৰ পত্নী অনামিকা, বন্ধু-বান্ধৱী, আৰু তামিল ভাষা বুজি পোৱা ভাৰতীয় ক্ৰিকেট দলৰ সহায়ক কৰ্মচাৰীৰ বাবে এক বিশেষ ব্যক্তিগত স্ক্ৰীনিঙৰ ব্যৱস্থা কৰে। তাৰ পিছত তেওঁলোকে ছবিখন চালে।
সঞ্জু চেমচনে কি ক’লে?
এই বিশেষ অনুষ্ঠানত সুখ প্ৰকাশ কৰি সঞ্জু চেমছনে কয়, “মই ৰজনী ছাৰৰ ছবি চাই ভাল পাওঁ আৰু তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে মই সদায় আগ্ৰহেৰে বাট চাই থাকোঁ। কালি দিল্লীত মোৰ এটা অনুষ্ঠান আছিল, গতিকে মুক্তিৰ প্ৰথম দিনাই মই চাব নোৱাৰিলোঁ। কিন্তু আজি ভাগ্য ভাল যে সমগ্ৰ ছবিগৃহ বুকিং কৰাৰ সুযোগ পালোঁ। মোৰ বন্ধু-বান্ধৱী, মোৰ পত্নী, আৰু তামিল বুজা দলৰ সকলো সহায়ক কৰ্মচাৰীক নিমন্ত্ৰণ কৰিলোঁ।”
ডাঙৰ পৰ্দাত ৰজনীকান্তৰ উপস্থিতি, তেওঁৰ স্বকীয় শৈলী, আৰু তেওঁৰ শ্বেগে তেওঁক কেৱল ভাৰততে নহয়, বিদেশতো লাখ লাখ অনুৰাগী লাভ কৰিছে। সঞ্জু চেমছনৰ এই অনন্য শৈলীত ৰজনীকান্তৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা আৰু আবেগ প্ৰতিফলিত হৈছে। ব্যস্ত ক্ৰিকেট কাৰ্যসূচীৰ পৰা সময় উলিয়াই পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ৰজনীকান্তৰ এখন ছবি চোৱাৰ শৈলী অনুৰাগীসকলে ভাল পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















