ঈদ-উল আজহা ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ ভিতৰত অন্যতম। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা। এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, দুম্বা বা গৰু-ছাগলী খায়।
ইয়াৰে ইতিহাস খুবেই প্ৰাচীন। ইছলামিক ইতিহাস অধ্যয়ন কৰিলে গম পোৱা যায় যে সেই আদি পিতা আদম (আলাইহিছ ছালাম)ৰ যুগৰ পৰাই ইয়াৰে বিধান চলি আহিছে।
ইছলামিক পঞ্জিকা অনুসৰি (হিজৰী কেলেণ্ডাৰ) জু আল-হিজ্জা মাহৰ ১০ তাৰিখ অৰ্থাৎ বছৰৰ ১২ তাৰিখ আৰু শেষ মাহত ঈদ-উল আজহা পালন কৰা হয়। ইছলামিক কেলেণ্ডাৰ অনুসৰি এইবাৰ জু আল-হিজ্জা মাহটো ৩০ দিন। ইয়াৰ ভিত্তিত অনুমান কৰা হৈছে যে ২০২৬ চনৰ ২৭ বা ২৮ মে’ত বকৰিদ উদযাপন কৰা হ’ব। যিহেতু ইছলামিক মাহৰ আৰম্ভণি চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে চন্দ্ৰ দেখাৰ পিছতহে বকৰিদৰ সঠিক তাৰিখ নিৰ্ণয় কৰা হ’ব। জু আল-হিজ্জা চন্দ্ৰ দেখাৰ দশম দিনা সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি উদযাপন কৰা হ’ব বকৰিদ।
ইছলাম ধৰ্মত ঈদ-উল আজহাক ত্যাগ, বিশ্বাস, ভক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই উৎসৱ কেৱল এটা পৰম্পৰা নহয়, বৰঞ্চ মানুহে আল্লাহৰ প্ৰতি তেওঁলোকৰ প্ৰকৃত বিশ্বাস আৰু ভক্তি বুজিবলৈ সহায় কৰাৰ বাৰ্তা। এই উৎসৱে আমাক শিকাই যে আল্লাহৰ পথত আমাৰ অতি মৰমৰ সম্পত্তিকো দান কৰিবলৈ ইচ্ছুক হ’ব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















