হিন্দুশাস্ত্ৰমতে ঘৰত এজোপা তুলসী গছ থকা মানে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ আৰু সেই কাৰণেই প্ৰত্যেক সনাতনী ধৰ্মৰ মানুহৰ ঘৰতেই তুলসী গছ থাকে৷ গাওঁৰ পৰা চহৰলৈ সকলোতে প্ৰত্যেক সনাতনী লোকৰ ঘৰতেই এজোপা তুলসী গছ দেখা যায়৷ তুলসী গছৰ বিভিন্ন প্ৰকাৰ আছে৷ সাধাৰণতে বেছিকৈ দেখা যায় ৰাম আৰু শ্যামা তুলসী৷ বাস্তু অনুসৰি এইসমূহ সঠিক দিশত স্থাপন কৰা খুবেই গুৰুত্বপূৰ্ণ৷
ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ ওপৰত দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ বিৰাজমান হয়৷ ইয়াৰোপৰি দৰিদ্ৰতা দূৰ হয়৷ ঘৰলৈ অৰ্থৰ আগমন ঘটে৷ ভুল স্থানত তুলসী ৰাখিলে অশুভ প্রভাৱ পৰিব পাৰে৷ আৰু সেই কাৰণেই তুলসী গছ ঘৰত ৰখাৰ সঠিক বাস্তু নিয়ম জনাটোও গুৰুত্বপূৰ্ণ৷
জ্যোতিষীয়ে পৰামৰ্শ দিয়ে যে বিশেষ দিনত তুলসী গছ স্থাপন কৰা খুবেই শুভ৷ ইয়াৰ ফলত ঘৰত মনোৰম পৰিবেশ তৈয়াৰ হয়৷ বাস্তুশাস্ত্ৰ মতে গৃহস্থই ঘৰত ৰাম আৰু শ্যাম উভয় তুলসী গছ লগোৱাটো অত্যন্ত শুভ৷ এখন ঘৰত ইতিবাচক শক্তিৰ প্ৰবাহ বজায় ৰখাত সহায় কৰে৷
বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূৰ্ব দিশত তুলসী গছ লগোৱাটো সকলোতকৈ ভাল৷ যদি সম্ভৱ নহয় তেতিয়া উত্তৰ বা পূৰ্ব দিশতো তুলসী গছ লগাব পাৰে৷ নিয়মিত সন্ধিয়া তুলসী তলত চাকি ধূপ জ্বলোৱাটো শুভ৷ বাস্তুশাস্ত্ৰ মতে আপুনি পূৰ্ণিমা তিথি, মঙ্গলবাৰে, বৃহস্পতিবাৰে আৰু ইয়াৰোপৰি শুকুৰবাৰে ঘৰত তুলসী গছ স্থাপন কৰিব পাৰে৷ এইদিনসমূহ শুভ৷ শুক্লপক্ষতো এই গছ ৰোৱাটো শুভ৷ কৃষ্ণ পক্ষত তুলসী গছ লগাব নালাগে৷ শুকান তুলসী গছো যতে ততে পেলাই নিদিব৷ প্ৰচলিত বিশ্বাস যে ইয়াৰ ফলত অগ্ৰগতিৰ পথ খুলি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















