পুৱাই আহিছে আন এক বেয়া খবৰ৷ লখিমপুৰৰ নাওবৈচাৰ ৰাজপথত বাগৰি পৰিল নৈশ বাছ৷ ভয়ংকৰ এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে এজন যুৱকে আৰু আঁহত হৈছে প্ৰায় ৪০জনকৈ লোক৷ ইতিমধ্যে নিহত যুৱকজন মাজুলীৰ দ্বীপজ্যোতি বৰা বুলি জানিব পৰা গৈছে৷
ইতিমধ্যে আঁহতসকলৰো পৰিচয় উদ্ধাৰ হৈছে৷ ১৩জন আঁহত ব্যক্তিৰ পৰিচয় হৈছে- অৱন বৈশ্য (৪৫) ধাপলিয়াল ,ঘিলামৰা৷ হেমন্ত শইকীয়া (১৫) আজাদ ,যোৰহটীয়া গাঁও, পম্পী ডেকা শইকীয়া (৩৮), আজাদ যোৰহটীয়া গাঁও, অনুৰাগ বৰা (১৯) ২নং কঢ়াল গাঁও, ধনমণি নাথ (২৫) ফুলনি ,মাজুলী, পাৰ্থসাৰথি বৰা(২৩), ১ নং কেকি ,হোজাই৷ দিক্সীতা গোস্বামী(২৫) পাঞ্জাবাৰী ,গুৱাহাটী৷ দীপু গোস্বামী (৫৫) পাঞ্জাবাৰী ,গুৱাহাটী৷ ৰিংকু ৰাভা (২৯) দৰিদুৰি ,গোৱালপাৰা৷ মহেন্দ্ৰ পেগু(২৮), ঢকুৱাখনা৷ ৰাজীৱ গাম (৪১) গড়মূৰ৷ দেৱকান্ত ৰাভা (৩৯), দৰিদুৰি গাঁও৷ ভৱেশ শইকীয়া (৬২) শিঙিয়া ,ঘিলামৰা৷
উল্লেখ্য যে আঁহতসকলক লখিমপুৰ অসামৰিক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ মাজুলীৰ কমলাবাৰীলৈ যাত্ৰা কৰিছল দুৰ্ঘটনাগ্ৰস্থ YATRA নামৰ বাছখনে৷ AR-01 W 1144 নম্বৰৰ মাজুলীৰ কমলাবাৰী অভিমুখী YATRA নামৰ নৈশ বাছখন নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে৷ পুৱা প্ৰায় চাৰিমান বজাত সংগঠিত হৈছে এই দুৰ্ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















