গ্রীষ্মকালীন ফল লিচু আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, পটাছিয়াম, এণ্টিঅক্সিডেণ্ট আৰু পানী থাকে। আকাৰত সৰু এই ফলবিধ খাই সকলোৱে ভাল পায়। কিন্তু বিশেষজ্ঞসকলে কয় যে লিচু কেনেকৈ খাব, তাৰ ওপৰত ইয়াৰ উপকাৰিতা নিৰ্ভৰ কৰে।
স্বাস্থ্যৰ বাবে লিচুৰ মুখ্য উপকাৰিতাসমূহ
ডিহাইড্ৰেচন দূৰ কৰা: লিচুত প্ৰায় ৮১ শতাংশই পানী থাকে, যিয়ে গৰমৰ দিনত শৰীৰ হাইড্ৰেটেড ৰাখিবলৈ সহায় কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়: ইয়াত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity)
শক্তিশালী কৰে।হজম শক্তি উন্নত কৰে: লিচুত থকা ডায়েটৰী ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰে।
হৃদযন্ত্ৰ সুস্থ ৰাখে: ইয়াত থকা পলিফেনল আৰু পটাছিয়ামে তেজৰ চলাচল স্বাভাৱিক কৰি ৰাখে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
উজ্জ্বলতা বৃদ্ধি কৰে: লিচুত থকা এণ্টিঅক্সিডেণ্টে ছালৰ বলিৰেখা কমায় আৰু সূৰ্যৰ ক্ষতিকৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ছালখন ৰক্ষা কৰে।
ওজন নিয়ন্ত্ৰণ কৰে: এই ফলবিধত কেলৰি কম আৰু ফাইবাৰ বেছি থকাৰ বাবে ই ওজন কমাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে উপযোগী।
অপকাৰিতাসমূহ
বহু লোকে খালী পেটত লিচু খোৱা পৰিলক্ষিত হয়, কিন্তু খালী পেটত খালে শৰীৰে সম্পূৰ্ণ পুষ্টি লাভ নকৰে। বিশেষজ্ঞসকলৰ মতে লিচু ব্ৰেকফাষ্টৰ ১ ঘণ্টাৰ পিছত বা দুপৰীয়াৰ আহাৰৰ ১-২ ঘণ্টা আগতে খাব লাগে। ইয়াৰ ফলত লিচু খোৱাৰ সুফল দুগুণ হয় আৰু স্বাস্থ্যৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নপৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















