বুদ্ধি, ব্যৱসায়, বাকশক্তিৰ প্ৰতীক গ্ৰহ বুধ আৰু সুখ বিলাসিতা আৰামৰ প্ৰতীক শুক্ৰই একেদিনাই নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ যিয়ে ১২ ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব৷ বুধে ১১ জুন ২০২৬ৰ পুৱা ১১.৩০ মিনিটত পুনৰ্বসু নক্ষত্ৰত গোচৰ কৰিব৷ ৮ আগষ্ট পৰ্যন্ত এই নক্ষত্ৰতে থাকিব৷ শুক্ৰই ১১ জুন দুপৰীয়া ২বাজি ১১ মিনিটত পুষ্য নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৩ জুন পৰ্যন্ত এই নক্ষত্ৰতে থাকিব৷ কিছু ৰাশিয়ে বুদ্ধি আৰু বাকশক্তিৰ প্ৰতীক বুধৰ শুভ প্ৰভাৱ পাব৷ আৰু কিছু ৰাশিৰ জাতকে শুক্ৰৰ প্রভাৱত লাভৱান হ’ব৷ সকলোতকৈ বেছি উপকৃত হ’ব কোন কোন ৰাশিৰ জাতক?
বৃষ ৰাশি
১১ জুন শুক্ৰৰ গোচৰৰ ফলত বিশেষভাৱে লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ এই ৰাশিৰ জাতকৰ আৰ্থিক সংকট দূৰ হ’ব৷ আয়ৰ নানান নতুন পথ খুলি যাব৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ সুযোগ পাব পাৰে৷ প্ৰেমৰ সম্পৰ্কত সাফল্য আহিব পাৰে৷ কাৰোবাক প্ৰপজ কৰাৰ বাবে ভাল সময়৷ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব৷ যিয়ে সাফল্যৰ পথ প্ৰশস্ত কৰিব৷
সিংহ ৰাশি
সিংহ ৰাশিত বুধৰ গোচৰে এই ৰাশিৰ জাতকৰ বাবে সু সময় কঢ়িয়াই আনিব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন পাব৷ সম্পৰ্কৰ মাজত থকা টনাআঁজোৰা কমিব৷ বুজাপৰা বাঢ়িব৷ প্ৰেম জীৱনলৈ সুখ আহিব৷ অৰ্থ উপাৰ্জনৰ একাধিক পথ খুলি যাব৷ স্থাৱৰ সম্পত্তি ক্ৰয়ৰ বা সম্পত্তি বঢ়োৱাৰ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত পুৰণি বিবাদ দূৰ হ’ব৷
কন্যা ৰাশি
বুধৰ গোচৰে কন্যা ৰাশিৰ জাতকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনি দিব৷ জীৱনত সৃজনশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থনত ৰৈ থকা কাম দ্ৰুত শেষ কৰিব পাৰিব৷ পৰিয়ালৰ সমৰ্থন পাব৷
তুলা ৰাশি
তুলা ৰাশিত শুক্ৰৰ গোচৰে জীৱনত ইতিবাচক প্ৰভাৱ পেলাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰে৷ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সময় কটালে মনত শান্তি পাব৷ আৰ্থিক সমস্যা দূৰ হ’ব৷ বিনিয়োগৰ বাবে এই সময় খুবেই ভাল হ’ব৷ সম্পদ আৰু সাফল্য বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















