মহিলাসকলৰ স্বাস্থ্য ৰক্ষাত বগা স্ৰাৱৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ই বেক্টেৰিয়া দূৰ কৰে, গোপনাঙ্গক আৰ্দ্ৰ কৰি ৰাখে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে৷ অভুলেছন, হৰমনৰ পৰিবৰ্তন, গৰ্ভাৱস্থা আৰু আনকি মানসিক চাপ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ঋতুস্ৰাৱৰ চক্ৰজুৰি ইয়াৰ পৰিমাণ আৰু ঘনত্ব পৰিবৰ্তিত হ’ব পাৰে৷
বহুক্ষেত্ৰত বগা স্ৰাৱ সম্পূৰ্ণ স্বাভাৱিক আৰু ই আপোনাৰ শৰীৰক পৰিষ্কাৰ ৰখাৰ এটা উপায় মাত্ৰ৷ স্ত্ৰীৰোগ বিশেষজ্ঞই জনোৱা অনুসৰি এনে সময় আহে যেতিয়া ইয়াৰ গঠন বা গোন্ধৰ পৰিবৰ্তনে অন্য কিছু ইংগিতো দিব পাৰে৷ মহিলাসকলৰ বাবে এই কথা জনাটো খুবেই জৰুৰী যে কেতিয়া এই বগাস্ৰাৱ স্বাস্থ্যকৰ আৰু কেতিয়াৰ ইয়াক মনোযোগ দিয়াটো প্ৰয়োজন৷
স্বাভাৱিক স্ৰাৱ স্বচ্ছ বগা হয় আৰু ইয়াত কোনো তীব্ৰ গোন্ধ নাথাকে৷ পাতন গোন্ধ থাকিলে সমস্যা নাই৷ কিন্তু যদি ই দুৰ্গন্ধযুক্ত বা মাছৰ দৰে গোন্ধযুক্ত হয় তেতিয়া এয়া বিপদৰ সংকেত৷ অভ্যুলেছন, গৰ্ভাৱস্থা বা যৌন উত্তেজনাৰ সময়ত স্ৰাৱ বাহিৰ হব পাৰে৷ কিন্তু মূল বিষয় হৈছে ইয়াৰ পৰিষ্কাৰ আৰু স্বাভাৱিক গঠন৷ মাহিলী ঋতুচক্ৰৰ মাজভাগত শৰীৰৰ পৰা এনে বগাস্ৰাৱ বাহিৰ হোৱাটো স্বাভাৱিক৷ কণীৰ বগা অংশৰ দৰে ঘনত্বৰ স্ৰাব বাহিৰ হোৱা মানে আপোনাৰ শৰীৰৰ অভ্যুলেশ্বনৰ ইংগিত৷
ঘন বগা, গোটা বন্ধা বগা স্ৰাৱ ইষ্ট সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ যদি আপোনাৰ স্ৰাৱ গোটাবন্ধা হয় ইয়াৰ সৈতে খজুৱতি বা জ্বলাপোৰা থাকে তেতিয়া ই কেণ্ডিডিয়াচিছ হ’ব পাৰে৷ ইষ্ট সংক্ৰমণ এক সাধাৰণ সমস্যা৷ ইয়াৰ বাবে সঠিক চিকিৎসাৰ প্ৰয়োজন৷
হালধীয়া বা সেউজীয়া স্ৰাৱ স্বাভাৱিক নহয়
ই এক যৌনবাহিক সংক্ৰমণৰ লক্ষণ হ’ব পাৰে৷ বিশেষকৈ যদি ইয়াৰ সৈতে তীব্ৰ দুৰ্গন্ধ বা জ্বলাভাৱ থাকে৷ সঠিক ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসাৰ বাবে ডাক্তৰী পৰীক্ষা অপৰিহাৰ্য৷ বিষ, খজুৱতি, জ্বলাপোৰা হ’লে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক৷ প্ৰস্ৰাৱ বা যৌন মিলনৰ সময়ত অস্বস্তি হলে কিংবা সাধাৰণ অস্বস্তি থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই শ্ৰেয়৷
ভিটামিন ডিৰ অভাৱতো এনে লক্ষণে দেখা দিব পাৰে৷ গৱেষণাত দেখা গৈছে যে ভিটামিন ডিৰ অভাৱৰ সৈতে বেক্টেৰিয়েল ভেজিনোছিচ আৰু ডেছকোয়ামেটিভ ইনফ্লেমেটৰি ভেজিনাইটিছৰ আশংকা বৃদ্ধিৰ এক শক্তিশালী সম্পৰ্ক আছে৷ এই দুই ৰোগৰ কাৰণেই অতিৰিক্ত আৰু কেতিয়াবা কেতিয়াবা দুৰ্গন্ধযুক্ত বগা স্ৰাৱ হয়৷ এই ঘাটি পূৰণ কৰিলে গোপনাঙ্গৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিক হৈ পৰে৷
প্ৰবায়োটিকৰ অভাৱঃ মহিলাসকলৰ গোপনাঙ্গলত অম্লীয় pH বজায় ৰখাৰ বাবে স্বাস্থ্যকৰ লেক্টবেছিলাছ বেক্টেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে৷ এই ভাল বেক্টেৰিয়াৰ অভাৱ যিয়ে প্ৰায়েই মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যভাষ বা এণ্টিবায়োটিকৰ কাৰণে ঘটে৷ ক্ষতিকৰ বেক্টেৰিয়াক বংশবৃদ্ধি কৰাৰ সুযোগ দিয়ে যাৰ ফলত শৰীৰৰ পৰা নিঃসৃত তৰলত ভাৰসাম্যহীনতাই দেখা দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ