অসম বিধানসভাত গৃহীত হ’ল ঐতিহাসিক UCC বিধেয়ক৷ বিপুল ভোটত গৃহীত হ’ল ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ চমুকৈ UCC, UCC বিধেয়ক গৃহীত হোৱা তৃতীয়খন ৰাজ্য হ’ল অসম৷ অসমৰ পূৰ্বে গুজৰাট আৰু উত্তৰাখণ্ডত গৃহীত হৈছিল এই বিধেয়ক৷ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত এয়া প্ৰথমটো বৃহৎ পদক্ষেপ বুলিও জনাইছে বিভিন্নজনে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়ক গৃহীত কৰিবলৈ গৈ উদাত্ত কণ্ঠেৰে কয় যে, ৰেচন বা গেছৰ দাম আজি কমিব, কাইলৈ বাঢ়িব কিন্তু মহিলাৰ সন্মান এবাৰ নষ্ট হ’লে সেয়া ঘূৰাই দিব পাৰিব জানো৷’
কি আছে এই নতুন বিলত?
এই বিল আইনত পৰিণত হলেই অসমত ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিবাহ, বিবাহবিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত এই অভিন্ন দেৱানী বিধি চলিব৷
প্রথমতেই ৰাজ্যত লিভ-ইন ৰিলেশ্ব্যনচীপত থাকিবলৈ মানিব লাগিব নিয়মঃ প্ৰাপ্তবয়স্কসকলে এতিয়াৰে পৰা অসমত লিভ ইনত থাকিবলৈ হ’লে প্ৰশাসনৰ ওচৰত গৈ এই সম্পৰ্কৰ পঞ্জীয়ন কৰাব লাগিব৷ এই নিয়ম অমান্য কৰিলে ৩ মাহ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা বিহা হ’ব৷
বহুবিবাহ নিষিদ্ধঃ ৰাজ্যত পৰিগামী বা বহুবিবাহ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে৷ প্ৰথমা পত্নী বা প্ৰথমা স্বামী জীৱিত থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে বা অবৈধ সম্পৰ্ক গঢ়ি তুলিলে ৭ বছৰ পৰ্যন্ত জে’লৰ বিধান ৰখা হৈছে৷ অৰ্থাৎ মহিলাই হওক বা পুৰুষ দুয়োৰেই যদি সংগী থাকে তেন্তে অন্য কোনো প্ৰেমিক ৰাখিব নোৱাৰিব কোনোৱে৷ যদি এই নিয়ম অমান্য কৰে তেন্তে কঠোৰ শাস্তি বিহা হ’ব৷
সম্পত্তিৰ সমান অধিকাৰঃ লিংগ নিৰ্বিশেষে পুত্ৰ আৰু কন্যা সকলোৱে পৈতৃক সম্পত্তিত সমান অধিকাৰ পাব৷ বিবাহবিচ্ছেদৰ ক্ষেত্ৰতো সকলো ধৰ্মৰ মহিলাসকলৰ বাবে সমহাৰত ভৰণপোষণৰ দায়িত্ব ল’ব লাগিব৷ আইনী সুৰক্ষাৰ কথাও কোৱা হৈছে৷ অৱশ্যে ৰাজ্যৰ জনজাতি সকলক এই আইনৰ বাহিৰত ৰখা হৈছে৷ তেওঁলোকে নিজস্ব সামাজিক ঐতিহ্য ৰক্ষা কৰা দায়িত্ব নিজেই লৈ আহিছে সেয়ে এই আইনৰ আওঁতাত তেওঁলোকক অনা নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















