প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং সলনি হোৱাটো শৰীৰৰ বিভিন্ন অৱস্থা বা ৰোগৰ লক্ষণ হ’ব পাৰে। পৰ্যাপ্ত পানী নোখোৱা (Dehydration), মূত্ৰনলীৰ সংক্ৰমণ (UTI), ডায়েবেটিছ বা যকৃতৰ (Liver) সমস্যা ইয়াৰ মূল কাৰণ হ’ব পাৰে। মহিলাৰ মূত্ৰনলী (urethra) পুৰুষতকৈ সৰু। সেই কাৰণেই মলত উপস্থিত থকা বেক্টেৰিয়া বিশেষকৈ E. coli, মূত্ৰাশয়লৈ প্ৰৱেশ কৰে আৰু সংক্ৰমণ হয়। মহিলাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসেও এই সংক্ৰমণৰ সৃষ্টি কৰে। যেনে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত ভুলকৈ চাফা কৰা, লেতেৰা বা তিতা আণ্ডাৰগাৰ্মেণ্ট পিন্ধা বা প্ৰস্ৰাৱ বহু সময় ধৰি ৰখা। মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু সঘনাই ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিলেও প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ আৰু ৰং সলনি হোৱাৰ প্ৰধাণ কাৰণ হৈছে,
পানীৰ অভাৱ (Dehydration): শৰীৰত পানীৰ পৰিমাণ কমি গ’লে প্ৰস্ৰাৱ ডাঠ আৰু গাঢ় হৈ পৰে, যাৰ ফলত তীব্ৰ এমোনিয়াৰ দৰে গোন্ধ ওলায়।
যকৃত আৰু বৃক্কৰ সমস্যা: যকৃত (Liver) বা বৃক্ক (Kidney) জনিত ৰোগ হ’লে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হ’ব পাৰে।
মূত্ৰনলীৰ সংক্ৰমণ (UTI): বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ ওলাব পাৰে আৰু ই ঘোলা বা তেজমিশ্ৰিত হ’ব পাৰে।
খাদ্য আৰু ঔষধ: নহৰু, পিয়াঁজ, কফি বা কিছুমান ভিটামিন (যেনে ভিটামিন B) খালে প্ৰস্ৰাৱৰ গোন্ধ আৰু ৰং সলনি হয়।
ডায়েবেটিছ: তেজত চেনিৰ মাত্ৰা বৃদ্ধি পালে প্ৰস্ৰাৱৰ পৰা মিঠা বা ফলমূলৰ দৰে গোন্ধ ওলাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















