বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি সাহস, নেতৃত্ব আৰু আত্মবিশ্বাসৰ প্ৰতীক গ্ৰহ সূৰ্য৷ প্ৰতিমাহত নিজৰ ৰাশি পৰিবৰ্তন কৰে সূৰ্যই৷ এই ঘটনাক সংক্ৰান্তি বুলি কোৱা হয়৷ যেনে সূৰ্যৰ মকৰ ৰাশিত প্ৰৱেশ কৰিলেই মকৰ সংক্ৰান্তি৷ তেনেকৈ আগন্তুক ১৫ জুনত সূৰ্যই বৃষ ৰাশিৰ পৰা মিথুন ৰাশিলৈ গমন কৰিব৷ ফলত সেই দিনাই হ’ল মিথুন সংক্ৰান্তি৷
বুধাদিত্য ৰাজযোগ
মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ সাফল্য, খ্যাতি আৰু আত্মবিশ্বাসৰ দাতা সূৰ্যৰ যেতিয়া বুদ্ধি, বাকশক্তি আৰু ব্যৱসায়ৰ কাৰক বুধৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া সেয়া অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য আৰু বুধৰ সংযোগত তৈয়াৰ হয় বুধাদিত্য ৰাজযোগ, যি অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ নিৰ্দিষ্ট কিছু ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই বুধৰ ৰাশিত প্ৰৱেশে সম্পদ, ব্যৱসায়িক সাফল্য আৰু কেৰিয়াৰত উন্নতিৰ কাৰণ হ’ব পাৰে৷ কাৰ কাৰ ভাগ্য খুলিব?
মেষ ৰাশি
১৫ জুন সূৰ্যৰ ৰাশি পৰিবৰ্তন মেষ ৰাশিৰ বাবে শুভ হ’ব৷ এই ৰাশিৰ জাতকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ বকেয়া অৰ্থ উভতাই পাব৷ যিয়ে আৰ্থিক অৱস্থাক শক্তিশালী কৰিব৷ ব্যৱসায়ৰ বাবে এই সময় অনুকূল সময় হ’ব৷ চৰকাৰী সহায়তা পোৱাৰ সুযোগ আছে৷ নতুন ঘৰ বা বাহন কিনিব পাৰে৷ ভাগ্যৰ সহায় থাকিলে অসমাপ্ত কামসমূহ শেষ কৰিব পাৰিব এই সময়ত৷
মিথুন ৰাশি
সূৰ্যৰ মিথুন ৰাশিত প্ৰৱেশে এই ৰাশিৰ জাতকৰ বাবে সুখৰ খবৰ কঢ়িয়াই আনিব৷ মিথুন ৰাশিৰ জাতকৰ ব্যক্তিত্বক বিকশিত কৰিব৷ নেতৃত্বদানৰ দক্ষতা বিশেষভাৱে ফুটি উঠিব৷ অন্যই আপোনাৰ প্ৰশংসা কৰিব৷ যদি বিচক্ষণতাৰ সৈতে কথা কয় তেতিয়া এই সময় আপোনাৰ বাবে কল্যাণকৰ হৈ উঠিব৷ ধন সম্পদ আৰু সমৃদ্ধি বাঢ়িব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ অধিপতি সূৰ্য নিজেই৷ সেয়ে সূৰ্যৰ গোচৰে এই ৰাশিৰ জাতকৰ ওপৰত উল্লেখযোগ্য প্ৰভাৱ পেলাব৷ সিংহ ৰাশিৰ জাতকে একাধিক উৎসৰ পৰা অৰ্থ লাভ কৰিব পাৰে৷ চাকৰি কৰা ব্যক্তিয়ে পদোন্নতি কৰিব পাৰে৷ ব্যৱসায়ত মুনাফা বাঢ়িব আৰু সমাজত সন্মান আৰু প্ৰতিপত্তিও বৃদ্ধি পাব৷
মকৰ ৰাশি
সূৰ্যৰ গোচৰে মকৰ ৰাশিৰ জাতকৰ বাবে নানান ইতিবাচক ফল কঢ়িয়াই আনিব৷ যিসকলে স্বাস্থ্য সমস্যা বা অসুস্থতাত ভূগি আছিল তেওঁলোকে স্বস্তি পাব পাৰে৷ জাতকে কৰ্মক্ষেত্ৰতো ভাল সাফল্য পাব৷ উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ আৰ্থিক লাভৰ প্ৰৱল সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















