• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

4 months ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

5 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

6 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

6 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

7 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

8 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

9 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

11 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

11 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

13 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

editor by editor
June 4, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
0
SHARES
153
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যু এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া৷ কিন্তু বহুতেই নাজানে যে এজন মানুহৰ মৃত্যু হোৱাৰ পাছত শৰীৰৰ সকলো অংগ একেলগে নিষ্ক্ৰিয় হৈ নাযায়৷ চিকিৎসাবিজ্ঞানৰ ভাষাত মৃত্যু ঘোষণা কৰা হয় তেতিয়া যেতিয়া হৃদস্পন্দন, শ্বাস-প্ৰশ্বাস অথৱা মস্তিষ্কৰ কাৰ্যকলাপ স্থায়ীভাৱে বন্ধ হৈ যায়৷ ইয়াৰ আপছতো শৰীৰৰ কিছু অংগ নিৰ্দিষ্ট সময় পৰ্যন্ত কাৰ্যকৰ অৱস্থাত থাকিব পাৰে৷

এই তথ্য অঙ্গদানৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ মৃত্যুৰ পাছত নিৰ্দিষ্ট সময়ত ভিতৰত অংগ সংগ্ৰহ কৰিলে সি অন্য মানুহৰ জীৱন বচাব পাৰে৷ জানি থওক মৃত্যুৰ পাছত কোন অংগই আগতীয়াকৈয়ে কাম কৰা বন্ধ কৰে? আৰু কোন অঙ্গ কিমান দূৰ পৰ্যন্ত ব্যৱহাৰযোগ্য থাকে?

মৃত্যু কিয় হয়, অঙ্গসমূহৰ কাৰ্যকাৰিতা কেতিয়া নষ্ট হয়?

মৃত্যুৰ লগে লগে শৰীৰত অক্সিজেন আৰু ৰক্ত সঞ্চালন বন্ধ হৈ যায়৷ ইয়াৰ ফলত কোষসমূহে শক্তি উৎপাদনত ব্যৰ্থ হয় আৰু ধীৰে ধীৰে ক্ষয়প্ৰাপ্ত হৈ থাকে৷ সকলো অংগৰ অক্সিজেনৰ প্ৰয়োজন একেধৰণে নহয়৷ যি অংগ অক্সিজেনৰ ওপৰত বেছি নিৰ্ভৰশীল সেইসমূহ আগতীয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ শৰীৰৰ তাপমাত্ৰা, মৃত্যুৰ কাৰণ আৰু সংৰক্ষণৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে অংগসমূহৰ কাৰ্যকাৰিতা কিমান সময় বৰ্তি থাকিব৷ ঠাণ্ডা পৰিবেশত সংৰক্ষণ কৰিলে বহু অংগই তুলনামূলকভাৱে বেছি সময় কাৰ্যকৰ থাকে৷

মৃত্যুৰ পাছত অংগ বিকল হোৱাৰ ক্ৰম

মস্তিষ্ক

মৃত্যুৰ পাছত সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হয় মস্তিষ্ক৷ অক্সিজেনৰ অভাৱত মাত্ৰ ৪ৰ পৰা ৬ মিনিটৰ ভিতৰত মস্তিষ্কৰ কোষ স্থায়ীভাৱে নষ্ট হৈ যায়৷ সেই কাৰণেই মস্তিষ্ক-মৃত্যুক মৃত্যুৰ অন্যতম প্ৰধান নিৰ্দেশক হিচাপে ধৰা হয়৷ মস্তিষ্ক প্ৰতিস্থাপনযোগ্য নহয়৷

হৃদপিণ্ড

হৃদপিণ্ডও অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল৷ মৃত্যুৰ ৪ৰ পৰা ৬ ঘণ্টাৰ ভিতৰত ই প্ৰতিস্থাপনৰ অযোগ্য হৈ পৰে৷ মস্তিষ্ক-মৃত্যুৰ ক্ষেত্ৰত যন্ত্ৰৰ সহায়ত হৃদপিণ্ড কিছু সময় কাৰ্যকৰ ৰখা সম্ভৱ৷

হাওঁফাওঁ

হাওঁফাওঁৱেও সাধাৰণতে মৃত্যুৰ ৪ৰ পৰা ৬ ঘণ্টাৰ ভিতৰত কাৰ্যকাৰিতা হেৰুৱায়৷ শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ ফলত দ্ৰুত এই অংগৰ ক্ষয় ঘটে৷

লিভাৰ

শৰীৰৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ লিভাৰ৷ ই বিষাক্ত পদাৰ্থ পৰিশোধনৰ কাম কৰে৷ মৃত্যুৰ প্ৰায় ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টাৰ ভিতৰত লিভাৰ অকাৰ্যকৰ হৈ পৰে৷

অন্ত্ৰ আৰু অগ্নাশয়

হজম প্ৰক্ৰিয়াৰ সৈতে যুক্ত এই অংগসমূহ এনজাইম আৰু বেকটেৰিয়াৰ কাৰণে দ্ৰুত ক্ষয়প্ৰাপ্ত হয়৷ অন্ত্ৰ সাধাৰণত ৮ৰ পৰা ১৬ ঘণ্টাৰ ভিতৰত আৰু অগ্নাশয় ১২ ৰ পৰা ১৮ ঘণ্টাৰ ভিতৰত প্ৰতিস্থাপনৰ অযোগ্য হৈ পৰে৷

কিডনি

কিডনি তুলনামূলকভাৱে শক্তিশালী অংগ৷ মৃত্যুৰ পাছত ২৪ৰ পৰা ৩৬ ঘণ্টা পৰ্যন্ত কিডনি প্ৰতিস্থাপনৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ বিশেষকৈ ঠাণ্ডা পৰিবেশত সংৰক্ষণ কৰা হয়৷

চকুৰ কৰ্ণিয়া

চকুৰ কৰ্নিয়া অক্সিজেনৰ ওপৰত খুবেই কম নিৰ্ভৰশীল৷ ফলত মৃত্যুৰ প্ৰায় ১৪ দিন পাছত কৰ্নিয়া দান কৰা সম্ভৱ৷

ছাল, হাঁড় আৰু অন্যান্য টিছু

এই অংগ আৰু টিছুসমূহ সকলোতকৈ ধীৰে ক্ষয়প্ৰাপ্ত হয়৷ ছাল আৰু হাড় গ্ৰাফটিঙৰ বাবে বহুদিন বা আনকি বছৰৰ পাছত বছৰ সংৰক্ষণ কৰা যায়৷ সাধাৰণত হিমায়িত অৱস্থাত৷

পচন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হয়?

অংগ প্ৰতিস্থাপনৰ উপযোগী সময়সীমা শেষ হোৱাৰ পাছত শৰীৰত পচন প্ৰক্ৰিয়া আৰম্ভ হয়৷ এনজাইম আৰু বেক্টেৰিয়া সমৃদ্ধ অংগ যেনে লিভাৰ, অন্ত্ৰ আৰু অগ্নাশয়৷ প্ৰথমে ২৪ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত পচিবলৈ আৰম্ভ কৰে৷ তাৰপিছতেই ধীৰে ধীৰে সমগ্ৰ শৰীৰেই পচিবলৈ ধৰে৷

অংগদানৰ গুৰুত্ব

মৃত্যুৰ পাছত এজন মানুহৰ অংগই অন্য বহুতৰে জীৱন ৰক্ষা কৰিব পাৰে৷ ভাৰতত প্ৰতি বছৰে অংগৰ অভাৱত অসংখ্য মানুহৰ মৃত্যু হয়৷ সময়মতে অংগদান কৰিলে হৃদপিণ্ড, হাওঁফাওঁ, কিডনি কিংবা কৰ্নিয়াৰ দৰে অংগৰে বহু জীৱন ৰক্ষা কৰা সম্ভৱ৷ বিশেষকৈ মস্তিষ্ক মৃত্যুৰ ক্ষেত্ৰত চিকিৎসাৰ সহায়ত অংগসমূহ সংৰক্ষণ কৰি দানৰ সুযোগ বহু পৰিমানে বাঢ়ি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
Next Post
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.