ঘন দাড়ি বহু পুৰুষৰ ব্যক্তিত্বৰ অন্যতম পৰিচয়। কিন্তু এই দাঢ়িতে কুকুৰ বা অন্য জন্তুৰ নোমতকৈও অধিক বেক্টেৰিয়া থাকিব পাৰে বুলি প্ৰকাশ পোৱা এটা বৈজ্ঞানিক গৱেষণাই পুনৰ চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত বিষয়টোক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে—সঁচাকৈয়ে পুৰুষৰ দাঢ়ি কুকুৰৰ নোমতকৈ অধিক লেতেৰা নেকি? দাড়িত বেক্টেৰিয়া থাকিলেই স্বাস্থ্যৰ ক্ষতি হয় নেকি? এই বিষয়টোৰ আঁৰত থকা বৈজ্ঞানিক তথ্যই অৱশ্যে আন এটা দিশো উন্মোচন কৰে।
কি পোৱা গৈছিল গৱেষণাত?
European Radiology নামৰ বিজ্ঞান আলোচনীত প্ৰকাশিত গৱেষণাখনত ১৮জন দাড়ি থকা পুৰুষ আৰু ৩০টা কুকুৰৰ পৰা নমুনা সংগ্ৰহ কৰি অণুজীৱৰ উপস্থিতি পৰীক্ষা কৰা হৈছিল। গৱেষণাৰ ফলাফল অনুসৰি, ১৮জন পুৰুষৰ আটাইকেইজনৰ দাড়িত অধিক পৰিমাণৰ অণুজীৱ পোৱা গৈছিল। আনহাতে, ৩০টা কুকুৰৰ ভিতৰত ২৩টাৰ নোমত অধিক আৰু বাকী সাতটাৰ নোমত মধ্যম পৰিমাণৰ অণুজীৱৰ উপস্থিতি ধৰা পৰিছিল। তদুপৰি, পুৰুষৰ দাড়িৰ নমুনাত মানুহৰ ৰোগ সৃষ্টি কৰিব পৰা কিছুমান অণুজীৱো পোৱা গৈছিল। ২০১৮ চনত অনলাইনত প্ৰকাশ পোৱা এই গৱেষণাখন ২০১৯ চনত আলোচনীখনৰ এটা সংখ্যাত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পিছতে দাড়িৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ বিভিন্ন সংবাদ মাধ্যমত চৰ্চা আৰম্ভ হৈছিল।
কিয় কৰা হৈছিল এই গৱেষণা?
গৱেষণাটোক লৈ চৰ্চা চলিলেও ইয়াৰ প্ৰকৃত উদ্দেশ্য আছিল সম্পূৰ্ণ বেলেগ। কুকুৰৰ চিকিৎসাৰ বাবে মানুহৰ চিকিৎসালয়ত ব্যৱহৃত এম আৰ আই (MRI) যন্ত্ৰ ব্যৱহাৰ কৰিলে সংক্ৰমণৰ আশংকা থাকে নেকি, সেই বিষয়টো পৰীক্ষা কৰাই আছিল গৱেষকসকলৰ মূল লক্ষ্য। এই পৰীক্ষাৰ অংশ হিচাপেই মানুহৰ দাড়ি আৰু কুকুৰৰ নোমৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল। পৰীক্ষাত পোৱা অণুজীৱৰ তথ্যই পিছলৈ দাড়ি আৰু কুকুৰৰ নোমৰ তুলনাক লৈ ব্যাপক চৰ্চাৰ সৃষ্টি কৰে। কিন্তু মন কৰিবলগীয়া যে গৱেষণাখনত মাত্ৰ ১৮জন পুৰুষ আৰু ৩০টা কুকুৰহে অন্তৰ্ভুক্ত কৰা হৈছিল। সেয়েহে, এই ফলাফলৰ আধাৰত সকলো পুৰুষৰ দাড়িত সকলো কুকুৰৰ নোমতকৈ অধিক বেক্টেৰিয়া থাকে বুলি সিদ্ধান্ত লোৱাটো উচিত নহয়।
দাড়িত কিয় জমা হয় বেক্টেৰিয়া?
বিশেষজ্ঞসকলৰ মতে, মানুহৰ ছালত স্বাভাৱিকভাৱেই বিভিন্ন ধৰণৰ অণুজীৱ থাকে। দাড়িৰ নোমত ঘাম, ছালৰ তেল, মৃত কোষ, ধূলি-মাকতি আৰু খাদ্যৰ ক্ষুদ্ৰ অৱশিষ্ট জমা হ’ব পাৰে। এইবোৰৰ সৈতে বিভিন্ন অণুজীৱও উপস্থিত থাকিব পাৰে। বিশেষকৈ দাড়ি নিয়মীয়াকৈ পৰিষ্কাৰ নকৰিলে নোমৰ মাজত মলি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। দীঘল আৰু ঘন দাড়িৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি অধিক মনোযোগ দিয়াটো প্ৰয়োজনীয়। অৱশ্যে, দাড়িত বেক্টেৰিয়া পোৱা মানেই দাড়ি অপৰিষ্কাৰ বা বিপজ্জনক বুলি ক’ব নোৱাৰি। কাৰণ, সকলো বেক্টেৰিয়াই ৰোগ সৃষ্টি নকৰে। বহু অণুজীৱ মানুহৰ ছালৰ স্বাভাৱিক অণুজীৱসমষ্টিৰ অংশ।
দাড়ি ৰখাৰ ফলত সংক্ৰমণৰ আশংকা বাঢ়েনে?
এই প্ৰশ্নটোৱেই গৱেষণাটোক লৈ সৃষ্টি হোৱা চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু। দাড়িত অধিক অণুজীৱ পোৱা আৰু দাড়ি ৰখাৰ ফলত সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱা—এই দুটা কথা একে নহয়। গৱেষণাত কিছুমান ৰোগ সৃষ্টিকাৰী অণুজীৱৰ উপস্থিতিৰ তথ্য পোৱা গৈছিল যদিও দাড়ি থকাৰ বাবেই মানুহৰ ৰোগ হোৱাৰ আশংকা কিমান বৃদ্ধি পায়, সেই কথা প্ৰতিষ্ঠা কৰা হোৱা নাছিল। সেয়েহে, এই গৱেষণাৰ ফলাফলৰ আধাৰত দাড়ি ৰখাটো স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি সিদ্ধান্ত লোৱাৰ কোনো ভিত্তি নাই। একেদৰে, সকলো দাড়ি থকা পুৰুষৰ দাড়ি কুকুৰৰ নোমতকৈ অধিক লেতেৰা বুলিও ক’ব নোৱাৰি।
দাড়ি পৰিষ্কাৰ কৰি ৰাখিবলৈ কি কৰিব?
দাড়ি ৰখাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। দৈনন্দিন জীৱনত কেইটামান সহজ অভ্যাসে দাড়ি আৰু ইয়াৰ তলৰ ছাল পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিব পাৰে।
নিয়মীয়াকৈ দাড়ি ধুব: নিজৰ ছালৰ ধৰণ অনুসৰি মৃদু ক্লিনজাৰ বা দাড়ি পৰিষ্কাৰ কৰাৰ উপযোগী সামগ্ৰী ব্যৱহাৰ কৰক।
খাদ্যৰ অৱশিষ্ট আঁতৰাওক: খোৱাৰ পিছত দাড়িত খাদ্য লাগি থাকিলে পানীৰে পৰিষ্কাৰ কৰি লওক।
ধোৱাৰ পিছত শুকুৱাওক: পৰিষ্কাৰ টাৱেলেৰে লাহে লাহে মচি দাড়ি শুকুৱাই লওক।
ফণী আৰু ট্ৰিমাৰ পৰিষ্কাৰ ৰাখক: দাড়ি আঁচোৰা আৰু ট্ৰিম কৰাৰ সামগ্ৰী নিয়মীয়াকৈ পৰিষ্কাৰ কৰক।
ছালৰ সমস্যাক অৱহেলা নকৰিব: দাড়িৰ তলত খজুৱতি, ৰঙা পৰা, ঘা বা সংক্ৰমণৰ লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















