উত্তৰাখণ্ডৰ ভূ-গহ্বৰত এটা বৃহৎ ভূ-ফল্টত ক্ৰমাগতভাৱে টেকটনিক চাপ জমা হৈ আছে। গৱেষকসকলৰ শেহতীয়া অধ্যয়ন অনুসৰি, প্ৰায় ১১৫ কিলোমিটাৰ দীঘল এই ফল্টৰ এটা অংশ দৃঢ়ভাৱে আবদ্ধ হৈ আছে। ফলত ভাৰতীয় আৰু ইউৰেছীয় টেকটনিক প্লেটৰ গতিবিধিৰ ফলত সৃষ্টি হোৱা চাপ মাটিৰ তলত জমা হৈ আছে। গৱেষকসকলৰ হিচাপ অনুসৰি, এইদৰে জমা হোৱা চাপৰ পৰিমাণ ৮.১ প্ৰাবল্যৰ ভূমিকম্পৰ সমতুল্য হ’ব পাৰে।
এই তথ্যই হিমালয় অঞ্চলত ভৱিষ্যতে বৃহৎ ভূমিকম্পৰ আশংকাক লৈ নতুনকৈ চৰ্চা আৰম্ভ কৰিছে। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে যিকোনো মুহূৰ্ততে ৮.১ প্ৰাবল্যৰ ভূমিকম্প হ’ব। গৱেষণাটোৱে মূলতঃ মাটিৰ তলত জমা হৈ থকা টেকটনিক চাপৰ পৰিমাণৰ কথাহে আঙুলিয়াই দিছে।
কি তথ্য লাভ কৰিছে গৱেষকসকলে?
ইউৰোপীয় ভূ-বিজ্ঞান সংঘৰ সাধাৰণ পৰিষদ ২০২৬ত উপস্থাপন কৰা এই গৱেষণাত হিমালয়ৰ তলত থকা মেইন হিমালয়ান থ্ৰাষ্ট (Main Himalayan Thrust) নামৰ এটা বৃহৎ ভূ-ফল্টৰ ওপৰত অধ্যয়ন কৰা হৈছে। এই ফল্টৰ জৰিয়তে ভাৰতীয় টেকটনিক প্লেটে হিমালয় অঞ্চলৰ তললৈ আগবাঢ়ি গৈছে। পৃথিৱীৰ ভূত্বকৰ এই বৃহৎ প্লেটসমূহৰ নিৰন্তৰ গতিবিধিৰ ফলতেই হিমালয় অঞ্চলত টেকটনিক চাপৰ সৃষ্টি হয়।
উত্তৰাখণ্ডৰ তলত থকা ফল্টটোৰ কিমান অংশ দৃঢ়ভাৱে আবদ্ধ হৈ আছে, সেই বিষয়ে বিজ্ঞানীসকলৰ মাজত আগৰে পৰা মতানৈক্য আছিল। কিন্তু শেহতীয়া জোখ-মাখে ফল্টটোৰ এটা বৃহৎ অংশত যথেষ্ট পৰিমাণে চাপ জমা হৈ থকাৰ ইংগিত দিছে।
কেনেকৈ জমা হয় ভূমিকম্পৰ শক্তি?
গৱেষকসকলে জাপানৰ ALOS-2 উপগ্ৰহৰ ৰাডাৰৰ ছবি আৰু মাটিত স্থাপন কৰা GNSS উপগ্ৰহভিত্তিক স্থান নিৰ্ণয় ব্যৱস্থাৰ তথ্য ব্যৱহাৰ কৰি এই অধ্যয়ন সম্পন্ন কৰে। তেওঁলোকৰ জোখ-মাখ অনুসৰি, এই অঞ্চলত বছৰি প্ৰায় ১৮ মিলিমিটাৰ পৰ্যন্ত টেকটনিক গতিবিধিৰ ঘাটি দেখা গৈছে। সহজ ভাষাত ক’বলৈ গ’লে, টেকটনিক প্লেটসমূহ চলি থাকিলেও ফল্টৰ আবদ্ধ অংশটো সেই অনুসৰি পিছলি যাব পৰা নাই। ফলত জমা হোৱা চাপৰ প্ৰভাৱ চাৰিওফালৰ শিল আৰু মাটিত পৰিছে।
ইয়াৰ উপৰি, উপগ্ৰহৰ তথ্যত বছৰি প্ৰায় ৪ৰ পৰা ৬ মিলিমিটাৰ পৰ্যন্ত ভূমি ওপৰলৈ উঠি অহাৰ লক্ষণো দেখা গৈছে। এই পৰিৱৰ্তন চকুৰে সহজে ধৰিব নোৱাৰি। কিন্তু দীৰ্ঘদিন ধৰি এনে সৰু সৰু পৰিৱৰ্তন লক্ষ্য কৰিলে মাটিৰ তলত চলি থকা ভূ-তাত্ত্বিক প্ৰক্ৰিয়াৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়।
ফল্ট আবদ্ধ হৈ থাকিলে কি হয়?
পৃথিৱীৰ ভূত্বক কেইবাটাও বৃহৎ টেকটনিক প্লেটেৰে গঠিত। এই প্লেটসমূহ অতি লাহে লাহে গতি কৰি থাকে। কিন্তু কিছুমান ঠাইত শিলৰ মাজত সৃষ্টি হোৱা ঘৰ্ষণৰ বাবে প্লেট বা ফল্টৰ অংশ সহজে পিছলি যাব নোৱাৰে। এনে অৱস্থাত প্লেটৰ গতিবিধি বন্ধ নহয়, বৰঞ্চ ফল্টৰ চাৰিওফালৰ শিলত চাপ জমা হৈ থাকে। দীৰ্ঘদিন ধৰি এই চাপ বৃদ্ধি পোৱাৰ পিছত কোনো এটা সময়ত ফল্টৰ আবদ্ধ অংশ হঠাৎ পিছলি যাব পাৰে। তেতিয়া জমা হৈ থকা শক্তি ভূমিকম্পীয় তৰংগৰ ৰূপত মুক্ত হয় আৰু মাটিত কঁপনিৰ সৃষ্টি কৰে। এই কাৰণেই ফল্টৰ কোনো এটা অংশ বহুদিন ধৰি আবদ্ধ হৈ থকাটো ভূমিকম্পৰ আশংকা মূল্যায়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়।
উত্তৰাখণ্ডক লৈ কিয় চিন্তিত বিজ্ঞানীসকল?
উত্তৰাখণ্ড মধ্য হিমালয়ৰ এনে এটা অঞ্চলত অৱস্থিত, য’ত ভূমিকম্পৰ আশংকাক লৈ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি অধ্যয়ন কৰি আহিছে। এই অঞ্চলটো মধ্য হিমালয়ৰ ভূমিকম্পীয় ব্যৱধানৰ অংশ। অৰ্থাৎ, হিমালয়ৰ যিবোৰ অংশত অতীতৰ বৃহৎ ভূমিকম্পৰ ইতিহাস আৰু বৰ্তমানৰ টেকটনিক চাপৰ ভিত্তিত বিশেষ সতৰ্কতা প্ৰয়োজন, উত্তৰাখণ্ড তেনে এটা অঞ্চলৰ ভিতৰত পৰে। গৱেষকসকলে উল্লেখ কৰিছে যে বিগত প্ৰায় ২০০ বছৰত হিমালয়ৰ মেইন হিমালয়ান থ্ৰাষ্টৰ কিছুমান অংশত বৃহৎ ভূমিকম্প হোৱা বুলি প্ৰমাণ পোৱা হোৱা নাই। ইয়াৰ ফলত এই অঞ্চলসমূহত কিমান চাপ জমা হৈছে, সেই বিষয়ে অধিক অধ্যয়নৰ প্ৰয়োজন হৈছে। সম্ভাৱ্য বিপদ কেৱল পাহাৰীয়া অঞ্চলতে সীমাবদ্ধ নহয়। হিমালয়ৰ কাষৰীয়া ভাৰত-গংগা সমভূমিতো বৃহৎ জনসংখ্যা বসবাস কৰে। সেয়েহে, ভৱিষ্যতে এই অঞ্চলৰ ক’ৰবাত বৃহৎ ভূমিকম্প হ’লে তাৰ প্ৰভাৱ বিস্তৃত অঞ্চললৈ বিয়পি পৰিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















