কেৰালাৰ পাঠানমথিত্তাত এটি ৮ মহীয়া কন্যা শিশুৰ হ*ত্যাকাণ্ডৰ ঘটনা তিনি বছৰৰ পাছত পোহৰলৈ আহিছে। ২০২৩ চনৰ আগষ্ট মাহত সংঘটিত এই ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে শিশুটিৰ মাতৃ মঞ্জীক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, হ*ত্যাকাণ্ডৰ আন এজন মূল অভিযুক্ত শিৱন আৰু তেওঁৰ ভাতৃ শক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
আৰক্ষীৰ তথ্য অনুসৰি, ২০২৩ চনৰ ১২ আগষ্টত পুলিকেজু আৰক্ষী থানাৰ অন্তৰ্গত ভালাঞ্জাৱট্টমৰ এটা জলাশয়ৰ কাষৰ ঘাঁহনিৰ পৰা শিশুটিৰ মৃ*তদেহ উদ্ধাৰ কৰা হৈছিল। সেই সময়ত ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাছিল। কিন্তু শেহতীয়াকৈ আৰক্ষীৰ তদন্তত হ*ত্যাকাণ্ডৰ সৈতে জড়িত বহু তথ্য পোহৰলৈ আহিছে।
আৰক্ষীৰ তদন্ত অনুসৰি, ২০২৩ চনত মঞ্জীৰ স্বামী ইছাকীৰ সৈতে বিবাদ হৈছিল। ইয়াৰ পিছতে তেওঁ ৮ মহীয়া কন্যা সন্তানটিক লৈ আলাপ্পুজালৈ গুচি যায়। তাত কলাৰকোডৰ এখন দোকানত মঞ্জীৰ সৈতে শিৱন নামৰ এজন লোকৰ চিনাকি হয়। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পিছত সদৰী কৰা অনুসৰি ২০২৩ চনৰ আগষ্টৰ এদিন নিশা ৮ মহীয়া শিশুটিয়ে শুই থকা অৱস্থাত কান্দিবলৈ আৰম্ভ কৰিছিল। শিশুটিৰ কান্দোনত খঙত অস্থিৰ হৈ শিৱনে তাইৰ ডিঙি চেপি ধৰে বুলি অভিযোগ উঠিছে। ফলত শিশুটিৰ মৃ*ত্যু হয়। ঘটনাৰ পিছত প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে শিৱন, মঞ্জী আৰু শিৱনৰ ভাতৃ শক্তিয়ে মিলি শিশুটিৰ মৃ*তদেহটো ভালাঞ্জাৱট্টমৰ জলাশয়ৰ কাষৰ অঞ্চলত পেলাই দিয়া বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।
তিনি বছৰৰ পিছত কেনেকৈ পোহৰলৈ আহিল ঘটনা?
হ*ত্যাকাণ্ডৰ পিছত শিশুটিৰ সন্ধান নোহোৱা বিষয়টো লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ মঞ্জী নিজৰ সন্তানক লগত নোলোৱাকৈ পলাক্কাডত থকা নিজৰ কলনীলৈ উভতি আহে। তেতিয়া কলনীটোৰ প্ৰমোটাৰে শিশুটিৰ বিষয়ে তেওঁক সোধা-পোছা কৰে। কিন্তু মঞ্জীয়ে শিশুটিৰ বিষয়ে স্পষ্ট উত্তৰ দিব নোৱাৰাত প্ৰমোটাৰজনে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মঞ্জীক জেৰা কৰে। আৰক্ষীৰ দাবী অনুসৰি, জেৰাৰ সময়ত মঞ্জীয়ে হ*ত্যাকাণ্ডৰ বিষয়ে স্বীকাৰোক্তি দিয়ে। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হয় আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















