ঋতুস্ৰাৱৰ পূৰ্বে বগা স্ৰাৱ হোৱাটো সাধাৰণ কথা, তথাপিও ই বিভিন্ন প্ৰশ্ন আৰু চিন্তাৰ সৃষ্টি কৰিব পাৰে। মাহেকীয়াৰ পূৰ্বে এই স্ৰাৱ বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে, অন্যথা আপুনি দুৰ্বল হৈ পৰিব পাৰে।
যদি বগা স্ৰাৱৰ লগত প্ৰচণ্ড গোন্ধ, খজুৱতি, জ্বলা-পোৰা, প্ৰস্ৰাৱ হালধীয়া হয়, তেন্তে ই ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ই যৌন সংক্ৰামক ৰোগ (STD), কেন্সাৰ বা জৰায়ুৰ মুখৰ সমস্যাৰ লক্ষণো হ’ব পাৰে। সঘনাই আৰু অত্যধিক বগা স্ৰাৱ হোৱাটোও চিন্তাৰ কাৰণ হ’ব পাৰে।
কাৰণ
- হৰম’নৰ ভাৰসাম্যহীনতা
- হাই চুগাৰ লেবেল বা ডায়েবেটিছ
- এন্টিবায়টিক সঘনাই ব্যৱহাৰ কৰা
- লেতেৰা বা কৃত্ৰিম আণ্ডাৰগাৰ্মেণ্ট ব্যৱহাৰ কৰা
- মানসিক চাপ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল
- অসুৰক্ষিত যৌন সম্পৰ্ক
বেছিভাগ ক্ষেত্ৰত আপোনাৰ মাহেকীয়াৰ পূৰ্বে বগা স্ৰাৱ হোৱাৰ কোনো নিৰ্দিষ্ট চিকিৎসাৰ প্ৰয়োজন নাই, কিয়নো ই এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। কিন্তু যদি কোনো সংক্ৰমণ ধৰা পৰে তেন্তে চিকিৎসকে উপযুক্ত ঔষধ খাব লগা হ’ব পাৰে।
প্ৰতিৰোধ
যদি কোনো সংক্ৰমণ হয় তেন্তে চিকিৎসকে ঔষধ দিব। বিশেষকৈ বেক্টেৰিয়াজনিত যোনি ৰোগ (BV), ক্ল’মাইডিয়া, গনোৰিয়া, আৰু ট্ৰাইক’ম’নিয়াছিছৰ বাবে এন্টিবায়’টিক প্ৰেছক্ৰিপচন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















