চীনৰ উত্তৰ-পশ্চিম অঞ্চলৰ কিংহাই প্ৰদেশত ৪০ মিনিটৰ ভিতৰতে ৮টা ভূমিকম্প অনুভৱ কৰা হয়। আটাইতকৈ শক্তিশালী কম্পনটোৰ মাত্ৰা আছিল ৬.৩। ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ তলত থকা বুলি জানিব পৰা গৈছে। স্থানীয় চীনৰ সংবাদ মাধ্যমৰ মতে, ক্ষতিগ্ৰস্ত অঞ্চলত ততাতৈয়াকৈ কৰ্তৃপক্ষই জৰুৰী সতৰ্কবাণী জাৰি কৰে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জৰুৰীকালীন দল নিয়োগ কৰা হৈছে।
চীনৰ বাতৰি কাকত গ্ল’বেল টাইমছৰ মতে, মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬:৪০ বজাত কিংহাই প্ৰদেশত প্ৰথমটো কম্পন অনুভৱ কৰা হয়। প্ৰাদেশিক ৰাজধানী ছিয়াঙৰ পৰা প্ৰায় ৫৬৭ কিলোমিটাৰ দূৰত্বত এই ভয়ংকৰ কেন্দ্ৰটো আছিল।
মৃত্যু ১ জন, আহত ৪ জন
প্ৰাথমিক খবৰ অনুসৰি ভূমিকম্পত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন লোক আহত হৈছে। উদ্ধাৰ অভিযান আৰম্ভ কৰিছে চৰকাৰে। ক্ষয়-ক্ষতি আৰু জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিৰ পৰিসৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিছে চৰকাৰে।
খবৰ অনুসৰি দুখন বিশেষ বাহন আৰু ১০ জন জোৱানক সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















