• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

2 months ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

2 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

3 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

3 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

4 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

5 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

6 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

7 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

7 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

8 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

9 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

10 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

ইৰান-আমেৰিকা শান্তি চুক্তিক লৈ ট্ৰাম্প-নেতান্যাহুৰ মাজত মতবিৰোধ

editor by editor
June 17, 2026
in বাণিজ্য, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্য-প্ৰাচ্যৰ যুদ্ধই যেন এইবাৰ সোঁত সলনি কৰিব। অতদিনে ইৰানক ধমক দিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এইবাৰ ইজৰাইলৰ প্ৰতি দেখুওৱাইছে ৰঙা চকু। G-7 সন্মিলনত সাংবাদিকসকলৰ সৈতে হোৱা মুখামুখিৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক তীব্ৰ সমালোচনা কৰি লেবাননৰ বিৰুদ্ধে ইজৰাইলে কৰা আক্ৰমণক ‘অপ্ৰয়োজনীয়’ আখ্যা দিয়ে। ইয়াৰ পূৰ্বে নেতান্যাহুৱে আমেৰিকা আৰু ইৰানৰ মাজত হোৱা শান্তি চুক্তিৰ প্ৰতি বিশেষ ইতিবাচক মনোভাৱ প্ৰকাশ নকৰি স্পষ্টভাৱে ইংগিত দিছিল যে ইৰানৰ বিৰুদ্ধে ইজৰাইলৰ কঠোৰ নীতি আগলৈও অব্যাহত থাকিব।

নেতান্যাহুক কঠোৰ শব্দৰে সমালোচনা ট্ৰাম্পৰ

ইজৰাইল সন্দৰ্ভত ট্ৰাম্পে কয়, ‘ইজৰাইলে বহুদিন ধৰি হিজবুল্লাহৰ বিৰুদ্ধে যুঁজ দি আছে আৰু ইয়াৰ ফলত অসংখ্য লোকৰ মৃত্যু হৈছে। ইজৰাইলে কোনো নিৰ্দিষ্ট গোটৰ বিৰুদ্ধে যুঁজ দিছে ইয়াৰ অৰ্থ এইটো নহয় সমগ্ৰ অঞ্চল ধ্বংস কৰি দিব। তাত কেৱল হিজবুল্লাহৰ লোকেই নাথাকে, সাধাৰণ মানুহো বাস কৰে।’ তেওঁ লগতে কয়, ‘মই ইজৰাইলক পৰামৰ্শ দিম যে হিজবুল্লাহৰ সৈতে মোকাবিলা কৰিবলৈ ছিৰিয়াক সুযোগ দিয়ক। মোৰ বিশ্বাস, ছিৰিয়াই এই কাম ইজৰাইলতকৈ ভালদৰে কৰিব পাৰিব। শান্তি চুক্তি স্বাক্ষৰৰ সময়তেই বেইৰুটত আক্ৰমণ চলোৱা হৈছিল, যিটো মোৰ একেবাৰেই ভাল লগা নাছিল। মই এই বিষয়ে ইজৰাইলক জনাই দিছোঁ।’ ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ নাম উল্লেখ কৰি ট্ৰাম্পে কয়, ‘যদি ইজৰাইলে কোনো লোকক হ*ত্যা নিজৰ উদ্দেশ্য পূৰণ কৰিব খোজে তাতকৈ ভাল ছিৰিয়াৰ ৰাষ্ট্ৰপতিক এই দায়িত্ব দিয়ক। ছিৰিয়াই ইয়াৰ দায়িত্ব ভালকৈ ল’ব।’

‘আমেৰিকা নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সমালোচনা কৰাতেই ক্ষান্ত নাথাকি ইজৰাইল সন্দৰ্ভতো মন্তব্য কৰে। ট্ৰাম্পে ইজৰাইল সন্দৰ্ভত মন্তব্য কৰি কয়—’আমেৰিকা নাথাকিলে ইজৰাইলৰ অস্তিত্বই নাথাকিলহেঁতেন আৰু ইজৰাইলৰ বাবে মই যি কৰিছো আন কোনো আমেৰিকান ৰাষ্ট্ৰপতিয়ে সিমানখিনি কৰা নাই। মোৰ বেঞ্জামিনৰ সৈতে সম্পৰ্ক যথেষ্ট ভাল। কিন্তু লেবাননৰ ক্ষেত্ৰত এতিয়া তেওঁ আৰু অধিক দায়িত্বশীল হ’ব লাগিব।’

লেবাননৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

ট্ৰাম্পে সাংবাদিকৰ আগত লেবাননৰ প্ৰশংসাত কোনো কৃপণালি নকৰি কয় যে-‘এসময়ত লেবানন আছিল এক মহান দেশ। তাত বিশ্বমানৰ অধ্যাপক, চিকিৎসক আৰু আইনজীৱী আছিল। লেবানন আছিল বুদ্ধিজীৱীসকলৰ দেশ। কিন্তু এতিয়া দেশখনৰ অৱস্থা অত্যন্ত কৰুণ। লেবাননৰ সৈতে অত্যন্ত বেয়া ঘটনা ঘটিছে। তেওঁলোকে নিজৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰিলে, হিজবুল্লাহ তেওঁলোকৰ বাবে এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে।’ ট্ৰাম্পে ইজৰাইলৰ পিনে অভিযোগৰ আঙুলি টোৱাই কয় যে-‘ইজৰাইলে হিজবুল্লাহ আৰু লেবাননৰ ক্ষেত্ৰত কাম সঠিকভাৱে সম্পন্ন কৰিব পৰা নাই। এই সমস্যা বহু আগতেই সমাধান হোৱা উচিত আছিল। এনে পৰিস্থিতিয়ে শান্তি চুক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।’

ইৰান-আমেৰিকা শান্তি চুক্তিক লৈ ট্ৰাম্প-নেতান্যাহুৰ মাজত মতবিৰোধ

বিগত কিছু দিনৰ পৰা ট্ৰাম্প আৰু নেতান্যাহুৰ সম্পৰ্কত কিছু ফাট মেলা দেখা গৈছে। বিশেষকৈ আমেৰিকা আৰু ইৰানৰ মাজত হোৱা শান্তি আলোচনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত মতানৈক্য বৃদ্ধি পাইছে। নেতান্যাহুৱে এক বিবৃতিত এই সন্দৰ্ভত কয় যে-‘চুক্তি হওক বা নহওক, যেতিয়ালৈকে মই ইজৰাইলৰ প্ৰধানমন্ত্ৰী হৈ আছোঁ, তেতিয়ালৈকে ইৰানে কোনো পৰমাণু অস্ত্ৰ লাভ কৰিব নোৱাৰিব।’ আমেৰিকা আৰু ইৰানৰ মাজত শান্তি আলোচনাৰ চৰ্চাৰ মাজতে ইজৰাইলে লেবাননত কেইবাবাৰো সামৰিক অভিযান চলায়। ইজৰাইলৰ এই আক্ৰমণত ইৰানে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু দাবী কৰে যে লেবাননৰ যুদ্ধবিৰতিও এই শান্তি চুক্তিৰ এক অংশ। আমেৰিকা বা ট্ৰাম্পে এই দাবী আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই যদিও, আলোচনাৰ সময়ত লেবাননত হোৱা ইজৰাইলী আক্ৰমণৰ তীব্ৰ সমালোচনা কৰিছিল। আনকি এক টেলিফোন বাৰ্তালাপত তেওঁ নেতান্যাহুক কঠোৰভাৱে ভৰ্ৎসনা কৰা বুলিও জানিব পৰা গৈছে। ট্ৰাম্পৰ বিগত কিছু দিনৰ মন্তব্যই স্পষ্ট কৰে যে তেওঁ নেতান্যাহুৰ কাৰ্যকলাপত যথেষ্ট অসন্তুষ্ট। ট্ৰাম্পৰ মতে, ইজৰাইলে হিজবুল্লাহৰ বিৰুদ্ধে প্ৰয়োজনতকৈ অধিক শক্তি প্ৰয়োগ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Donald Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.