• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

3 months ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

13 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

30 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

47 minutes ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

1 hour ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

2 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

2 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

4 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

বিশ্বৰ মাত্ৰ দুগৰাকী ক্ৰিকেটাৰলৈ বিশেষ স্বীকৃতি

editor by editor
June 17, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইংলেণ্ডত T20 বিশ্বকাপ খেলি থকাৰ সময়তে, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ অধিনায়ক স্মৃতি মান্ধানাই লাভ কৰিছে এক অনবদ্য স্বীকৃতি। যি স্বীকৃতি বিগত বৰ্ষত ক্ৰীড়াক্ষেত্ৰৰ প্ৰদৰ্শন, সামাজিক জীৱন আৰু ক্ৰীড়া অনুৰাগীৰ ওপৰত খেলুৱৈগৰাকীৰ প্ৰভাৱৰ ওপৰত দিয়া হৈছে। বিশ্বৰ প্ৰতিটো খেলৰ লগত জড়িত আগশাৰীৰ খেলুৱৈসকল, প্ৰশিক্ষক, ক্ৰীড়া সংগঠক, ক্ৰীড়াৰ লগত জড়িত ব্যৱসায়ী আদিৰ ওপৰত কৰা বিভিন্ন ক্ষেত্ৰৰ গৱেষণাৰ অন্তত দিয়া হৈছে এই স্বীকৃতি। স্মৃতি মন্ধানাৰ সৈতে এই বৰ্ষত কেৱল দুগৰাকী ক্ৰিকেটাৰেই এই কৃতিত্ব বা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। মান্ধানাৰ উপৰিও আনগৰাকী ক্ৰিকেটাৰৰ নাম শুনিলে অৱশ্যে আপুনি আচৰিতো হ’ব পাৰে।‌

মেছি-ৰোনাল্ডোৰ সৈতে একেলগে তালিকাত নাম স্মৃতি মান্ধানাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধানাক বিখ্যাত টাইম আলোচনীয়ে ২০২৬ চনৰ ক্ৰীড়া জগতৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিত্বৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। বিগত বৰ্ষত এই সন্মান লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় ক্ৰীড়াবিদ। এই তালিকাত আমেৰিকাৰ বাস্কেটবল কিংবদন্তি লেব্ৰন জেমছ, ফুটবল তাৰকা লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো, টেনিছ তাৰকা কাৰ্লোছ আলকাৰাজ, চীনা-আমেৰিকান স্কিয়াৰ এলিন গু, বাস্কেটবল খেলুৱৈ ভিক্টৰ ৱেম্বানিয়ামা আৰু গ’ল্ফ তাৰকা ৰ’ৰি মেকইলৰয়ৰ দৰে বিশ্বখ্যাত ক্ৰীড়াবিদসকলৰ নামো অন্তৰ্ভুক্ত আছে। সেই একেই মৰ্যাদাপূৰ্ণ তালিকাত স্থান লাভ কৰিছে ২৯ বছৰীয়া স্মৃতি মান্ধানাই। বিখ্যাত টাইম আলোচনীয়ে স্মৃতিৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি লিখিছে যে, তেওঁ এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ। লগতে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপেও তেওঁ ইতিহাস গঢ়িছে। ১৭টা আন্তঃৰাষ্ট্ৰীয় শতকৰ সৈতে তেওঁ মহিলা ক্ৰিকেটত সৰ্বাধিক শতকৰ যৌথ অভিলেখৰ অধিকাৰী।

ধাৰাবাহিক সাফল্যৰে উজলি উঠা স্মৃতিৰ কেৰিয়াৰ

মান্ধানাৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে ২০২৪ আৰু ২০২৬ চনত উইমেন্স প্ৰিমিয়াৰ লীগ (WPL)ৰ খিতাপ জয় কৰে। ইয়াৰ উপৰিও, ICC মহিলা বিশ্বকাপ জয়ী ভাৰতীয় দলৰ উপ-অধিনায়ক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ। প্ৰতিযোগিতাখনত তেওঁ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল। ২০২৪ চনত স্মৃতি মান্ধানাই এটা বছৰত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰা মহিলা ক্ৰিকেটাৰ হৈছিল। উল্লেখযোগ্য যে, তাৰ পিছৰ বছৰত তেওঁ নিজৰেই সেই অভিলেখ ভংগ কৰি নতুন মাইলৰ খুঁটি স্থাপন কৰে।

তালিকাত থকা আনজন ক্ৰিকেটাৰ কোন?

টাইমৰ এই বিশেষ তালিকাত মুঠ দুজন ক্ৰিকেটাৰে স্থান লাভ কৰিছে। স্মৃতি মন্ধানাৰ লগতে স্থান পাইছে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাবুমাই। বাবুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ICC বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) খিতাপ জয় কৰিছিল। বহু বছৰ ধৰি ‘চ’কাৰ্ছ’ অপবাদ মূৰত পাতি লোৱা দক্ষিণ আফ্ৰিকাৰ ওপৰত থকা ব্যৰ্থতাৰ কলংক বাবুমাৰ নেতৃত্বতে আঁতৰাই দলটোক ঐতিহাসিক জয় উপহাৰ দিয়ে।
স্মৃতি মন্ধানাৰ এই সাফল্য ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। বিশ্ব ক্ৰীড়া মঞ্চত ভাৰতীয় মহিলা ক্ৰিকেটৰ শক্তিশালী উপস্থিতিৰ আন এক উজ্জ্বল স্বীকৃতি হিচাপে এই সন্মানক নিসন্দেহে গণ্য কৰিব পাৰি।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24smriti mandhana
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম
বাণিজ্য

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

September 30, 2026
Next Post
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.