• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

1 month ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

2 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

3 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

3 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

4 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

4 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

5 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

6 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

6 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

7 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

8 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

কিয় ইমান মূল্যৱান এই ইয়াৰছাগুম্বা? কিহত ব্যৱহাৰ হয় 'কিড়াজড়ি'?

editor by editor
June 17, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি অত্যন্ত মূল্যৱান আৰু চাহিদাসম্পন্ন প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত অন্যতম হৈছে ইয়াৰছাগুম্বা বা কিড়াজড়ি। ‘হিমালয়ান ভিয়াগ্ৰা’ বা ‘হিমালয়ান সঞ্জীৱনী’ নামেৰে পৰিচিত এই বিশেষ জীৱটোৰ চাহিদা ইমানেই বেছি যে গ্ৰীষ্মকাল আহিলেই কিড়াজড়িৰ সন্ধানত হিমালয়ৰ উচ্চ শিখৰত থকা নেপালৰ বহু গাঁও প্ৰায় জনশূন্য হৈ পৰে। তিব্বত সীমান্তৰ সমীপৰ নেপালৰ উচ্চ হিমালয় অঞ্চলসমূহত থকা গাঁওসমূহৰ প্ৰায়বোৰ ঘৰেই এই সময়ত জনশূন্য হৈ পৰে। তেনে বহুকেইখন গাঁৱৰ বাসিন্দাই ৪,০০০ মিটাৰৰো অধিক উচ্চতাত অৱস্থিত পাহাৰীয়া তৃণভূমিলৈ ৰাওনা হয় ইয়াৰছাগুম্বাৰ সন্ধানত। বহু ঠাইত পুৰুষ, মহিলা, শিশু আৰু বৃদ্ধ—সকলো লোকেই এই মূল্যৱান প্ৰাকৃতিক সম্পদবিধ সংগ্ৰহৰ কামত জড়িত হয়। আনকি নিজৰ ঘৰ-দুৱাৰ চোৱাচিতাৰ বাবে কিছুমান পৰিয়ালে অন্য লোকক মাহিলী দৰমহাত নিয়োগ কৰি কিড়াজড়িৰ সন্ধানত বহু দিনৰ বাবে ঘৰৰ পৰা ৰাওনা হয়।

ইয়াৰছাগুম্বা বা কিড়াজড়ি আচলতে কি?

ইয়াৰছাগুম্বা আচলতে এক প্ৰাকৃতিক আশ্চৰ্য বুলিব পাৰি। ই সম্পূৰ্ণভাৱে উদ্ভিদো নহয়, জীৱো নহয়; বৰঞ্চ দুয়োটাৰ এক অনন্য সংমিশ্ৰণ। ইয়াৰ বৈজ্ঞানিক নাম Ophiocordyceps sinensis। ‘ইয়াৰছা’ শব্দৰ অৰ্থ উদ্ভিদ আৰু ‘গুম্বা’ শব্দৰ অৰ্থ পোক বা কীট। ভাৰতত ইয়াক ‘কিড়াজড়ি’ আৰু নেপালত ‘ঘাঁহ ফফুঁদ’ বুলিও জনা যায়। এই বিশেষ বস্তুটো সৃষ্টি হয় যেতিয়া মাটিৰ তলত বাস কৰা ‘ঘোষ্ট মথ’ নামৰ এবিধ পতংগ লাৰ্ভাক এক বিশেষ ফাংগাছে সংক্ৰমিত কৰে। ফাংগাছৰ বীজাণু পতংগৰ লাৰ্ভাৰ দেহত প্ৰৱেশ কৰি ধীৰে ধীৰে তাক সম্পূৰ্ণভাৱে গ্ৰাস কৰে। শীতকালৰ বৰফ গলিবলৈ আৰম্ভ কৰাৰ পিছত মৃত লাৰ্ভাৰ মূৰৰ পৰা ২ৰ পৰা ৪ ইঞ্চি দীঘল বাদামী ৰঙৰ ফাংগাছ ওলাই আহে। এই অৱস্থাটোৱেই হৈছে ইয়াৰছাগুম্বা। সাধাৰণতে ই ৩,৬০০ৰ পৰা ৫,০০০ মিটাৰ উচ্চতাৰ অঞ্চলত পোৱা যায়।

কিয় ইমান মূল্যৱান এই ইয়াৰছাগুম্বা?

নেপালৰ হিমালয়ৰ উচ্চতাত বাস কৰা সমাজত প্ৰাচীন কালৰে পৰা ইয়াৰছাগুম্বা বিভিন্ন ভেষজ ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। মূৰৰ বিষ, গাঁঠিৰ বিষ আদি সমস্যাত ইয়াৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। সাম্প্ৰতিক সময়ত শাৰীৰিক শক্তি আৰু যৌন সক্ষমতা বৃদ্ধিৰ বাবে প্ৰস্তুত কৰা বিভিন্ন দৰৱত ব্যৱহাৰ কৰাৰ ফলত বিশ্ববজাৰত ইয়াৰ চাহিদা অধিক বৃদ্ধি পাইছে। যদিও ইয়াক ‘প্ৰাকৃতিক ভিয়াগ্ৰা’ বুলি কোৱা হয়, আধুনিক বৈজ্ঞানিক গৱেষণাই এতিয়াও এই দাবী সম্পূৰ্ণৰূপে নিশ্চিত কৰা নাই। দুষ্প্ৰাপ্যতা, সংগ্ৰহৰ কষ্টসাধ্য প্ৰক্ৰিয়া আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিপুল চাহিদাৰ বাবে ইয়াৰ মূল্য আকাশচুম্বী। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি কিলোগ্ৰাম ইয়াৰছাগুম্বাৰ দাম ১৫ লাখৰ পৰা ২০ লাখ টকা পৰ্যন্ত। অৱশ্যে ইয়াৰছাগুম্বাৰ মানৰ ওপৰত ইয়াৰ দাম কিছু কিছু ক্ষেত্ৰত ৩০ লাখ পৰ্যন্ত হয়। ভাৰততো এই মূল্যৱান ইয়াৰছাগুম্বা উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, লাডাখ আৰু ছিক্কিমৰ দৰে হিমালয়ৰ উচ্চ অঞ্চলত পোৱা যায়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
Next Post
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ'ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.