• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

2 months ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

26 minutes ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

1 hour ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

2 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

2 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

3 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

7 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

8 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

8 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

9 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

আইনী মেৰপেচত সোমাই পৰিছে MW Eatৰ শতিকাগৰকা ৰেষ্টুৰেণ্টখনে

editor by editor
June 17, 2026
in খাদ্য, জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লণ্ডনত ভাৰতীয় ঐতিহ্য বহন কৰা ১০০ বছৰীয়া পুৰণি ৰেষ্টুৰেণ্ট বীৰাস্বামীৰ বাজিছে বিপদঘণ্টা। এই ১০০ বছৰীয়া পুৰণি ৰেষ্টুৰেণ্টখন বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। লণ্ডনৰ ভিক্টৰী হাউছ নামৰ অট্টালিকাটোত আছে এই ৰেষ্টুৰেণ্টখন। ভিক্টৰী হাউছৰ মালিক হৈছে ক্ৰাউন ইষ্টেট (Crown Estate) নামৰ ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ নামত পৰিচালিত সম্পত্তিৰ এক বৃহৎ চৰকাৰী সংস্থা। সম্প্ৰতি ক্ৰাউন ইষ্টেটে বীৰাস্বামী ৰেষ্টুৰেণ্ট থকা অট্টালিকাটোৰ ৰূপান্তৰকৰণৰ উদ্দেশ্যে নতুনকৈ নিৰ্মাণ কৰিব বিচাৰিছে আৰু সেইবাবেই ক্ৰাউন ইষ্টেটে বৰ্তমান ৰেষ্টুৰেণ্টখনৰ ভাড়াৰ চুক্তিৰ পুনৰ নবীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। উল্লেখ্য যে বীৰাস্বামী ৰেষ্টুৰেণ্টৰ লিজৰ ম্যাদ ২০২৫ৰ জুনত সমাপ্ত হৈছিল। ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই আক্ষেপেৰে কয় যে-লিজ যদি নবীকৰণ নকৰে তেনেহ’লে তেওঁলোকে শতবৰ্ষীয় এই ঐতিহাসিক স্থান এৰিবলগীয়া হ’ব। সেয়েহে তেওঁলোকে এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে।

বীৰাস্বামীৰ ১০০ বছৰৰ ঐতিহ্য

লণ্ডনত বীৰাস্বামী ৰেষ্টুৰেণ্টৰ যাত্ৰা আৰম্ভ হৈছিল ১৯২৬ চনৰ এপ্ৰিলত। বীৰাস্বামী কেৱল এখন ৰেষ্টুৰেণ্টেই নহয়, বৰং ব্ৰিটেইনত ভাৰতীয় খাদ্য সংস্কৃতিৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। বিগত ১০০ বছৰত ৰেষ্টুৰেণ্টখনলৈ বহু খ্যাতনামা ব্যক্তিয়ে গৈ খাদ্য গ্ৰহণ কৰিছে। তেওঁলোকৰ ভিতৰত আছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিল, অভিনেত্ৰী ভিভিয়েন লী, অভিনেতা মাৰ্লন ব্ৰেণ্ডো, লৰেন্স অলিভিয়াৰ, চাৰ্লি চেপলিন। উল্লেখ্য যে বীৰাস্বামী ৰেষ্টুৰেণ্টত ৰাণী এলিজাবেথ দ্বিতীয়ও গৈ ভাৰতীয় খাদ্যৰ জুতি লৈছিল। ৰেষ্টুৰেণ্টখনৰ খাদ্য সম্ভাৰ ভাৰতত জন্মগ্ৰহণ কৰা এডৱাৰ্ড পামাৰে প্ৰস্তুত কৰিছিল। আইতাকৰ পৰা লাভ কৰা হায়দৰাবাদৰ ৰাজপ্ৰাসাদৰ বিশেষ খাদ্যৰ ৰেচিপিৰ আধাৰত তেওঁ এই খাদ্য সম্ভাৰ প্ৰস্তুত কৰি উলিয়াইছিল।

curryৰ সৈতে বীয়েৰ পান কৰাৰ পৰম্পৰা বীৰাস্বামীৰ পৰাই আৰম্ভ হৈছিল

যিকোনো curryৰ সৈতে বীয়েৰ পানৰ কৰাৰ এক পৰম্পৰা আছে ইংলেণ্ড, ডেনমাৰ্ক আদি দেশত। বহু লোকে দাবী কৰে যে এই পৰম্পৰা লণ্ডনৰ বীৰাস্বামী ৰেষ্টুৰেণ্টৰ পৰাই আৰম্ভ হৈছিল। ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীৰ দাবী অনুসৰি ডেনমাৰ্কৰ ৰজাই যেতিয়াই লণ্ডন ভ্ৰমণ কৰিছিল, তেতিয়াই বীৰাস্বামীত আহি খাদ্য গ্ৰহণ কৰিছিল। তেওঁ নিজৰ প্ৰিয় বীয়েৰৰ ব্ৰেণ্ডৰ এটা সম্পূৰ্ণ পিপা ৰেষ্টুৰেণ্টত ৰাখি গৈছিল, যাতে curry খাবলৈ আহিলে সদায় সেই বীয়াৰেই তেওঁক পৰিবেশন কৰে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই। ২০১৬ত বীৰাস্বামীক মিছেলিন ষ্টাৰ বঁটা প্ৰদান কৰা হৈছিল, যি বিশ্বৰ অন্যতম সন্মানজনক ৰেষ্টুৰেণ্ট বঁটা হিচাপে পৰিচিত। ৰেষ্টুৰেণ্ট উদ্যোগৰ বহু উত্থান-পতনৰ সাক্ষী হৈ থকা এই প্ৰতিষ্ঠানটোৰ অস্তিত্বই এতিয়া এক দীঘলীয়া আইনী সংগ্ৰামৰ সন্মুখীন হৈছে।

২৯ জুনৰ পৰা আদালতত ৫ দিনীয়া শুনানি

বীৰাস্বামীৰ মূল কোম্পানী MW Eat-এ ২৯ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ৫ দিনীয়া শুনানিত চেণ্ট্ৰেল লণ্ডন কাউণ্টি কোৰ্টত নিজৰ পক্ষ উপস্থাপন কৰিব। ক্ৰাউন এষ্টেটৰ মতে, তেওঁলোকে ভিক্টৰী হাউছ নামৰ অট্টালিকাটোৰ ওপৰৰ মহলাত থকা কাৰ্যালয়সমূহৰ নবীকৰণ কৰিব বিচাৰে। ২০২৩ত হোৱা বানৰ ফলত বিদ্যুৎ ব্যৱস্থা ক্ষতিগ্ৰস্ত হোৱাৰ পিছৰে পৰা এই কাৰ্যালয়সমূহ খালী হৈ আছে। পৰিকল্পনা অনুসৰি ৰেষ্টুৰেণ্ট আৰু কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ মাজৰ দেৱাল ভাঙি এটা ডাঙৰ ৰিচেপচন এলেকা নিৰ্মাণ কৰা হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24london
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

August 24, 2026
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি
নিয়োগ

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

August 24, 2026
Next Post
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.