• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

4 months ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

24 minutes ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

2 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

4 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

12 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

13 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

13 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

14 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

15 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

15 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

FIFAৰ ৰাজহ আহৰণৰ মূল উৎসসমূহ কি কি?

editor by editor
June 17, 2026
in ক্ৰীড়া, বাণিজ্য, বিনোদন, বিবিধ, বিশ্ব
0
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
0
SHARES
285
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফুটবল বিশ্বকাপ কেৱল পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠানেই নহয়, ই বিশ্বৰ অন্যতম বৃহৎ বাণিজ্যিক অনুষ্ঠানো। বিগত ফুটবল বিশ্বকাপৰ তুলনাত এইবাৰ অংশগ্ৰহণকাৰী দলৰ সংখ্যা ৪৮লৈ বৃদ্ধি হৈছে। সমান্তৰালভাৱে বিশ্বকাপত মেচৰ সংখ্যাও ১০৪খনলৈ বৃদ্ধি হৈছে। ইয়াৰ দ্বাৰা কেৱল নতুন দলক সুযোগ দিয়াই নহয়, FIFA-ইও পূৰ্বৰ তুলনাত আহৰণ কৰিব ঈৰ্ষণীয় ধন। আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত চলিত FIFA বিশ্বকাপ ইতিহাসৰ আটাইতকৈ বেছি ধন আহৰণকাৰী প্ৰতিযোগিতাত পৰিণত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। FIFAৰ ২০২৪–২৫ বৰ্ষৰ আনুষ্ঠানিক বাজেট নথি অনুসৰি, চলিত বৰ্ষত FIFAৰ মুঠ ৰাজহ ৮.৯১১ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থাৎ প্ৰায় ৭৪,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

FIFAৰ ৰাজহ আহৰণৰ মূল উৎসসমূহ

১. ব্ৰডকাষ্টিং (টেলিভিছন আৰু মিডিয়া) ৰাইট-

ফুটবল বিশ্বকাপৰ দ্বাৰা FIFAই আহৰণ কৰিবলগীয়া মুঠ ধনৰ অধিকাংশই আহিব পোনপটীয়া সম্প্ৰচাৰৰ স্বত্ব বিক্ৰীৰ পৰা। সমগ্ৰ বিশ্বৰ চুকে-কোনে থকা টিভি চেনেল, ডিজেটল প্লেটফৰ্মক পোনপটীয়া সম্প্ৰচাৰৰ স্বত্ব বিক্ৰী কৰি FIFAই মুঠ ৰাজহৰ প্ৰায় ৪৪% আহৰণ কৰিব বুলি অনুমান কৰা হৈছে। FIFAৰ সংশোধিত বাজেট অনুসৰি ২০২৬ত কেৱল ব্ৰডকাষ্টিং ৰাইট বিক্ৰীৰ পৰা FIFAই ৩.৯২৫ বিলিয়ন ডলাৰ অৰ্থাৎ ৩৭,১২০ কোটি টকা লাভ কৰিব। FIFAৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ স্বত্ব ক্ৰয় কৰা বিশ্বৰ অন্যতম প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে FOX আমেৰিকা, BBC, ITV, ARD, ZDF, Globo, Sony, beIN Sports আদি। ভাৰতত এইবাৰ ফুটবল বিশ্বকাপৰ পোনপটীয়া সম্প্ৰচাৰৰ স্বত্ব ক্ৰয় কৰিছে ZEE-এ।
২. টিকট বিক্ৰী আৰু অভ্যৰ্থনা
তথ্য অনুসৰি ২০২৬ বিশ্বকাপত টিকট আৰু অভ্যৰ্থনা পেকেজৰ পৰা FIFAই প্ৰায় ৩.০১৭ বিলিয়ন ডলাৰ আহৰণ কৰিব। এই পৰিমাণ ভাৰতীয় মূল্যত প্ৰায় ২৮,৫১৬ কোটি টকা। চলিত বিশ্বকাপত ১০৪খন খেল অনুষ্ঠিত হ’ব আৰু মুঠ প্ৰায় ৬.৫–৬.৭ মিলিয়ন (৬৫ৰ পৰা ৬৭ লাখ) আসন উপলব্ধ থাকিব বুলি বিভিন্ন তথ্যত প্ৰকাশ পাইছে। FIFAৰ অফিচিয়েল অভ্যৰ্থনা অংশীদাৰ On Location-এ ৫ লাখতকৈ অধিক হস্পিটালিটি পেকেজ ইতিমধ্যে আবণ্টন কৰা বুলি জানিব পৰা গৈছে। আনহাতে কিছুমান VIP পেকেজৰ মূল্য হাজাৰ হাজাৰ ডলাৰলৈকে উঠিছে। চলিত বিশ্বকাপৰ ফাইনেলৰ কিছু টিকটৰ মূল্য ৭,০০০ ডলাৰ(প্ৰায় ৬,৬৮,৪২৭ টকা)পৰ্যন্ত হৈছে।
৩. বিজ্ঞাপন আৰু মাৰ্কেটিং ৰাইট
FIFAৰ বাজেট অনুসৰি ২০২৬ত মাৰ্কেটিং ৰাইট আৰু বিজ্ঞাপনৰ পৰা ১.৭৮৬ বিলিয়ন ডলাৰ (প্ৰায় ১৬,৮৮৫ কোটি) ৰাজহ আহৰণ কৰিব FIFAই। বিশ্বকাপৰ মুখ্য অংশীদাৰ কোম্পানীৰ ভিতৰত আছে Adidas, Coca-Cola, Visa, Qatar Airways, Hyundai, Lenovo, Aramco আদি। বিশ্বৰ বহু আগশাৰীৰ ব্ৰেণ্ডে বিশ্বকাপৰ সৈতে জড়িত হ’বলৈ শতাধিক মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। বিজ্ঞাপনৰ পৰা FIFAই প্ৰায় ২.৮ বিলিয়ন ডলাৰ(প্ৰায় ২৬,৪২৬ কোটি টকা) ৰাজহ আহৰণ কৰিব বুলি অনুমান কৰা হৈছে।
৪. পঞ্জীয়ন আৰু মাৰ্চেণ্ডাইজ
FIFA ল’গ’, বিশ্বকাপৰ অফিচিয়েল সামগ্ৰী, ভিডিঅ’ গেম, ডিজিটেল সামগ্ৰী, সংগ্ৰহযোগ্য সামগ্ৰী আদি ব্যৱহাৰৰ অধিকাৰৰ বাবদ লাইচেন্সিং বা পঞ্জীয়ন আয় লাভ কৰে। ২০২৬ৰ বাজেটত ইয়াৰ পৰা প্ৰায় ১১১ মিলিয়ন ডলাৰ আহৰণ হ’ব বুলি অনুমান কৰা হৈছে।
৫. অন্যান্য আয়
ভিডিঅ’ আর্কাইভ বিক্ৰী, FIFA Museum, গুণগত মান প্ৰমাণীকৰণ, বিভিন্ন বাণিজ্যিক চুক্তি আদি উৎসৰ পৰা আনুমানিক ৭২ মিলিয়ন ডলাৰ আহিব বুলি ধৰা হৈছে।

আয়ৰ পৰিৱৰ্তে FIFAৰ ব্যয় কিমান হ’ব?

উপৰি উক্ত আয়ৰ পৰিৱৰ্তে ২০২৬ত FIFA-ই প্ৰতিযোগিতা পৰিচালনা, উন্নয়নমূলক কাৰ্যসূচী, সদস্য সংস্থাসমূহক অনুদান, পুৰস্কাৰৰ ধন, প্ৰশাসন আদিৰ বাবে প্ৰায় ৬.৪ বিলিয়ন ডলাৰ(প্ৰায় ৬০,৫০৬ কোটি টকা) ব্যয়ৰ পৰিকল্পনা কৰিছে। FIFAই সদৰী কৰা তথ্য অনুসৰি মুঠ বিনিয়োগৰ ৯০%তকৈ অধিক পুনৰ ফুটবল উন্নয়নত ব্যয় কৰা হ’ব। ফিফা বিশ্বকাপ কেৱল এক ক্ৰীড়া প্ৰতিযোগিতাই নহয়; ই এক বিশাল উদ্যোগ। FIFAৰ সংশোধিত বাজেট অনুসৰি, ২০২৬ বৰ্ষত বিশ্বকাপক কেন্দ্ৰ কৰি FIFAই প্ৰায় ৮.৯১১ বিলিয়ন ডলাৰ ৰাজহ আহৰণ কৰিব। ইয়াৰ ভিতৰত ব্ৰডকাষ্টিং ৰাইটৰ অংশ সৰ্বাধিক (৩.৯২৫ বিলিয়ন ডলাৰ), টিকট আৰু হস্পিটালিটি (৩.০১৭ বিলিয়ন ডলাৰ) আৰু স্পনছ’ৰশ্বিপ (১.৭৮৬ বিলিয়ন ডলাৰ)।

FIFA Revised Budget 2023-2026ৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
Next Post
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.