• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

3 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

38 minutes ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

2 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

4 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

4 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

5 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

6 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

7 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

7 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

16 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

16 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

17 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

উদ্যোগ, যৌথ সামৰিক কাৰ্যকলাপ বৃদ্ধিৰ লক্ষ্য

editor by editor
June 19, 2026
in অসম, উত্তৰ-পূব, নিয়োগ, বাণিজ্য, বিশ্ব, ভাৰত
0
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইশ্বি শীঘ্ৰেই ১ জুলাইত ভাৰত ভ্ৰমণলৈ আহিব। জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰূপে ইতিহাসৰ পাতত নিজৰ নাম লিখিবলৈ সক্ষম হোৱা ছানায়ে টাকাইশ্বিয়ে পোনে পোনে গুৱাহাটীত পদাৰ্পণ কৰিব। চীনৰ কটাক্ষ সমালোচক দেশসমূহৰ অন্যতম হিচাপে পৰিচিত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইশ্বিক চীনে নিজৰ অন্যতম ডাঙৰ কূটনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত তেওঁৰ সৈতে প্ৰায় ৫০ জন শীৰ্ষ জাপানীজ ব্যৱসায়ী তথা অন্যান্য চৰকাৰী বিষয়া অসমলৈ আহিব। খবৰ অনুসৰি, ভাৰত-জাপান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আদৰণি জনাব। গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া এই বৈঠকত দুয়োখন দেশৰ মাজত ঔদ্যোগিক সহযোগিতা বৃদ্ধিৰ সম্ভাৱনা, বিনিয়োগ আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। লগতে ভাৰত-জাপান প্ৰতিৰক্ষা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সন্দৰ্ভতো বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হ’ব পাৰে।

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-জাপান শীৰ্ষ সন্মিলন

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ বৈঠকত অংশগ্ৰহণ কৰিবলৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতলৈ আহিব। তেওঁৰ সৈতে অহা ব্যৱসায়িক প্ৰতিনিধি দলত জাপানৰ আগশাৰীৰ বহু কোম্পানীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। ইয়াৰ ভিতৰত Suzuki Motor Corporationৰ তোশ্বিহিৰো ছুজুকি, ITOCHU Corporation আৰু টয়োটাৰ উচ্চপদস্থ বিষয়াও জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সংগী হ’ব। এই বৈঠকৰ পৰা গুৱাহাটী তথা অসমে বিশেষভাৱে লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসম তথা উত্তৰ পূবত জাপানৰ এই আগশাৰীৰ কোম্পানীসমূহে বিভিন্ন উদ্যোগ স্থাপনৰ জৰিয়তে দুয়োখন দেশৰ ব্যৱসায়িক সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও নিয়োগ সম্পৰ্কীয় বিভিন্ন সুবিধাৰ দুৱাৰ অনাগত দিনত মুকলি হ’ব বুলি আশা কৰিব পাৰি। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী হিচাপে এইটোৱেই হ’ব টাকাইশ্বিৰ প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ আগতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলন আৰু ফ্ৰান্সত অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনৰ সময়তো মোদী আৰু টাকাইশ্বিৰ সাক্ষাৎ হৈছিল।

ভাৰত-জাপান যৌথ সামৰিক কাৰ্যকলাপ বৃদ্ধিৰ লক্ষ্য

জাপানৰ সামৰিক শক্তি বৃদ্ধিত গুৰুত্ব দিয়া ছানায়ে টাকাইশ্বিক ৰাষ্ট্ৰীয় সুৰক্ষা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত কঠোৰ মনোভাৱৰ নেত্ৰী হিচাপে জনা যায়। তেওঁ জাপানৰ সামৰিক সক্ষমতা বৃদ্ধি কৰাক অগ্ৰাধিকাৰ দিছে। টাকাইশ্বি চৰকাৰে চীনক জাপানৰ বাবে অন্যতম ডাঙৰ সুৰক্ষা প্ৰত্যাহ্বান বুলি বিবেচনা কৰে। সেইবাবে ইণ্ডো-পেচিফিক অঞ্চলত স্থিতিশীলতা বজাই ৰাখিবলৈ ভাৰত-জাপানৰ শক্তিশালী অংশীদাৰিত্ব অতি প্ৰয়োজনীয় বুলি তেওঁ বিশ্বাস কৰে। উল্লেখযোগ্য যে, বিগত দুটা দশকত ভাৰত আৰু জাপানৰ সম্পৰ্ক যথেষ্ট মজবুত হৈছে। দুয়োখন দেশে যৌথ সামৰিক কাৰ্যকলাপ, প্ৰযুক্তিগত সহযোগিতা আৰু বিভিন্ন তথ্য বিনিময়ৰ ক্ষেত্ৰতো একেলগে কাম কৰি আহিছে।

অধিক শক্তিশালী হ’ব পাৰে প্ৰতিৰক্ষা সহযোগিতা

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইশ্বিৰ এই ভ্ৰমণৰ সময়ত ভাৰত-জাপান প্ৰতিৰক্ষা সহযোগিতাক নতুন শিখৰলৈ লৈ নিয়াৰ চেষ্টা কৰিব দুয়োখন দেশে। সংবাদমাধ্যমৰ খবৰ অনুসৰি, জাপানে ভাৰতক উন্নত ‘মোগামি ক্লাছ’ যুদ্ধজাহাজৰ প্ৰস্তাৱ আগবঢ়াব পাৰে। ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ অধীনত প্ৰযুক্তি হস্তান্তৰৰ জৰিয়তে এই যুদ্ধজাহাজ ভাৰততেই নিৰ্মাণ কৰাৰ বিষয়েও আলোচনা হ’ব পাৰে। ইয়াৰ উপৰিও, এই যুদ্ধজাহাজত ভাৰতৰ ‘ব্ৰহ্মছ’ ক্ষেপণাস্ত্ৰ সংযোজনৰ বাবে প্ৰয়োজনীয় কাৰিকৰী পৰিৱৰ্তন কৰিবলৈও জাপান আগ্ৰহী বুলি জানিব পৰা গৈছে। যদি এই চুক্তি সম্পন্ন হয়, তেন্তে ভাৰতীয় নৌসেনাৰ সামৰিক ক্ষমতা যথেষ্ট বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24japan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট
বিশ্ব

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

June 19, 2026
Next Post
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.